Back To Book Content 


অধ্যায় ৮

ভাৰতীয় ধৰ্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ


১। ভক্তি শব্দৰ উৎপত্তি কেনেকৈ হৈছিল ?

উত্তৰঃ সংস্কৃতৰ 'ভজ' শব্দৰপৰা ভক্তি শব্দৰ উৎপত্তি হৈছিল। 


২। ভক্তিবাদে কোনখন ৰাজ্যত প্ৰথম বিকাশ লাভ কৰিছিল ?

উত্তৰঃ ভক্তিবাদে দাক্ষিণাত্যৰ চামিল ৰাজ্যত প্ৰথম বিকাশ লাভ কৰিছিল।


৩। শংকৰদেৱৰ জন্ম কিমান চনত হয় ?

উত্তৰঃ শংকৰদেৱৰ জন্ম ১৪৪৯ চনত হয়।


৪। ভক্তিবাদৰ উপাসকলৰ মূল দেৱতা কোন আছিল ?

উত্তৰঃ ভক্তিবাদৰ উপাসকলৰ মূল দেৱতা বিষ্ণু আছিল।  


৫। শংকৰদেৱৰ ৰচনাক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ শংকৰদেৱৰ ৰচনাক ছয়টা ভাগত ভাগ কৰিব পাৰি। 


৬। চুফীসকলে কি ধৰ্মত ভক্তিবাদৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ চুফীসকলে ইছলাম ধৰ্মত ভক্তিবাদৰ প্ৰৱৰ্তন কৰিছিল।


৭। উত্তৰ ভাৰতৰ ভক্তিবাদ কোনে বিয় পাইছিল ? 

উত্তৰঃ উত্তৰ ভাৰতৰ ভক্তিবাদ ৰামানন্দই বিয়পাইছিল। 


৮। 'ভজ' শব্দটো কি শব্দ ?

উত্তৰঃ 'ভজ' শব্দটো সংস্কৃত শব্দ।


৯। চাফ শব্দৰ অৰ্থ কি ?

উত্তৰঃ চাফ শব্দৰ অৰ্থ হ'ল ঊল।


১০। চুফীসকলে কিহৰ সাজ-পোছাক পৰিধান কৰিছিল ?

উত্তৰঃ চুফীসকলে ঊলৰ সাজ-পোছাক পৰিধান কৰিছিল।


১১। ভক্তি আন্দোলনৰ মূল উদ্দেশ্য কি আছিল ?

উত্তৰঃ ভক্তি আন্দোলনৰ মূল উদ্দেশ্য আছিল মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ অৱসান ঘটাই মানুহৰ স্থিতিক শ্ৰেষ্ঠত্বৰ আসন দিয়া । 


১২। ভজ শব্দৰ লগত 'ক্তিন' কৃৎ প্ৰত্যয় যোগ হৈ কি শব্দৰ উৎপত্তি  হৈছে ?

উত্তৰঃ ভজ শব্দৰ লগত 'ক্তিন' কৃৎ প্ৰত্যয় যোগ হৈ ভক্তি শব্দৰ উৎপত্তি  হৈছে ।    


১৩। চাফ শব্দটোৰ পৰা কি শব্দটো আহিছে ?

উত্তৰঃ চাফ শব্দটোৰ পৰা চুফী শব্দটো আহিছে।    


১৪। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ? 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম হ'ল কুসুম্বৰ ভূঞা । 


১৫। কিহৰ দ্বাৰা অন্তৰত ভক্তিৰ উদ্ৰেক হয় ?

উত্তৰঃৎকৰ্মৰদ্বাৰা অন্তৰত ভক্তিৰ উদ্ৰেক হয় ।


১৬। আলৱাৰসকলে বিষ্ণুক কি বুলি মানিছিল ?

উত্তৰঃ আলৱাৰসকলে বিষ্ণুক জগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰক বুলি মানিছিল । 


১৭। মৌখিক গীত-পদ কি বুলি জনা যায় ?

উত্তৰঃ মৌখিক গীত-পদ 'দিব্যপ্ৰৱন্ধম' বুলি জনা যায় ।


১৮। অসমত ভক্তি আন্দোলন মধ্যযুগৰ পঞ্চদশ শতিকাত কোনে আৰম্ভ কৰিছিল ?

উত্তৰঃ অসমত ভক্তি আন্দোলন মধ্যযুগৰ পঞ্চদশ শতিকাত শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল।


১৯। 

                                                     


Post Id: DABP003919