Back To Book Content 


 অধ্যায় ৩ 

ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা বাবৰ আৰু হুমায়ুন 


১। বাবৰৰ সম্পূৰ্ণ নামটো কি আছিল ?

উত্তৰঃ বাবৰৰ সম্পূৰ্ণ নাম আছিল জহিৰুদ্দিন মহম্মদ বাবৰ।


২। বাবৰৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ বাবৰৰ জন্ম মধ্য এছিয়াৰ ফৰঘনা ৰাজ্যত হৈছিল। 


৩। হুমায়ুনে পাৰস্য সম্ৰাটৰপৰা সহায় পাই এদল সৈন্য লৈ কাক জয় কৰিছিল?

উত্তৰঃ হুমায়ুনে পাৰস্য সম্ৰাটৰপৰা সহায় পাই এদল সৈন্য লৈ কাবুল কান্দাৰক কৰিছিল।


৪। হুমায়ুনৰ কেনেকৈ মৃত্যু হয় ?

উত্তৰঃ হুমায়ুনে পুথিভঁৰালৰ খট্খটিৰ পৰা পিছলি পৰি মৃত্যু হয়।


৫। ছেৰ ছাহে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি?

উত্তৰঃ ছেৰ ছাহে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম শূৰ বংশ।


৬। ছেৰ ছাহে ৰাজ্যখনক কেইটা ভাগত বিভক্ত কৰিছিল ?

উত্তৰঃ ছেৰ ছাহে ৰাজ্যখনক ৪৭ টা ভাগত বিভক্ত কৰিছিল।


৭। ছেৰ ছাহৰ দিনত ৰূপৰ মুদ্ৰাক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ ছেৰ ছাহৰ দিনত ৰূপৰ মুদ্ৰাক ৰূপী বুলি কোৱা হৈছিল।


৮। কিমান খ্ৰি.ত ছেৰ ছাহৰ মৃত্যু হয় ?

উত্তৰঃ ১৫৪৫ খ্ৰি.ত ছেৰ ছাহৰ মৃত্যু হয়। 


৯। মধ্য এছিয়াৰ এজন বীৰ ৰজাৰ নাম কি?

উত্তৰঃ মধ্য এছিয়াৰ এজন বীৰ ৰজাৰ নাম হ'ল চেংগিজ।


১০। অনাই-বনাই ঘূৰি-ফুৰি তেওঁ কিমান খ্ৰি.ত কাবুল আৰু গজনী জয় কৰি অধিপতি হয়?

উত্তৰঃ অনাই-বনাই ঘূৰি-ফুৰি তেওঁ ১৫০৫ খ্ৰি.ত কাবুল আৰু গজনী জয় কৰি অধিপতি হয়।


১১। ছেৰ ছাহে ঘোঁৰাৰে কি অনা-নিয়াৰ ব্যৱস্থা কৰিছিল ?

উত্তৰঃ ছেৰ ছাহে ঘোঁৰাৰে 'ডাক' অনা-নিয়াৰ ব্যৱস্থা কৰিছিল।


১২। বাবৰৰ পিতাক কোনখন ৰাজ্যৰ ৰজা আছিল?

উত্তৰঃ বাবৰৰ পিতাক ফৰঘনা ৰাজ্যৰ ৰজা আছিল। 


১৩। বাবৰৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ বাবৰৰ আত্মজীৱনীখনৰ নাম হ'ল তুজুক ই বাবৰী বা বাবৰনামা।


১৪। ১৫২৭ খ্ৰি.ত হোৱা যুদ্ধত কাৰ মৃত্যু হয়? 

উত্তৰঃ ১৫২৭ খ্ৰি.ত হোৱা যুদ্ধত সংগ্ৰাম সিংহৰ মৃত্যু হয়।


১৫। ছেৰ হাৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ছেৰ হাৰ ১৫৪০ চনত জন্ম হৈছিল


১৬। ছেৰ ছাহে নিজকে কি বুলি ঘোষণা কৰে?

উত্তৰঃ ছেৰ ছাহে নিজকে দিল্লীৰ সম্ৰাট বুলি ঘোষণা কৰে।     

                             

১৭। গুজৰাটৰ ৰজাজনৰ নাম কি ? 

উত্তৰঃ গুৰাটৰ ৰজাজনৰ নাম হ'ল বাহাদুৰ ছাহ।


১৮। পানিপাত, খানুৱা আৰু ঘৰ্ঘৰা যুদ্ধত জয়লাভ কৰি কোনে মোগল সাম্ৰাজ্যৰ ক্ষমতা সুদৃঢ় কৰে?

উত্তৰঃ পানিপাত, খানুৱা আৰু ঘৰ্ঘৰা যুদ্ধত জয়লাভ কৰি বাবৰে মোগল সাম্ৰাজ্যৰ ক্ষমতা সুদৃঢ় কৰে।


১৯। ছেৰ ছাহৰ আলিবাটটো কি নামেৰে জনাজাত?

উত্তৰঃ ছেৰ ছাহৰ আলিবাটটো 'গ্ৰেণ্ড ট্ৰাঙ্ক ৰ'ড' বা ২নং ৰাষ্ট্ৰীয় পথ নামেৰে জনাজাত।


২০।  বাবৰ আৰু দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ মাজত কোন ঠাইত যুদ্ধ হয়?

উত্তৰঃ বাবৰ আৰু দিল্লীৰ চুলতান ইব্ৰাহিম লোডীৰ মাজত পানিপত নামৰ ঠাইত যুদ্ধ হয়।



Short Question Answer By- Parina Hazarika 



Post Id: DABP003873