অধ্যায় ১

 অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্ৰাকৃতিক বিভাগ জলবায়ু আৰু মৃত্তিকা



১। ভৌগোলিক আয়তনৰ কিমান বৰ্গ কিলোমিটাৰ ?

উত্তৰঃ ভৌগোলিক আয়তন হ'ল ৭৮,৪২৩ বৰ্গ কিলোমিটাৰ।


২। সাম্প্ৰতিক কালৰ অসমৰ সীমান্তত অৱস্থিত বহিঃৰাষ্ট্ৰ দুখনৰ নাম লিখা?

উত্তৰঃ সাম্প্ৰতিক কালৰ অসমৰ সীমান্তত অৱস্তিত বহিঃৰাষ্ট্ৰ দুখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ।


৩। সীমান্তৱৰ্তী ৰাজ্যকেইখনৰ নাম লিখা?

উত্তৰঃ সীমান্তৱৰ্তী ৰাজ্যকেইখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিম বংগ।


৪। হামৰেণ মালভূমি অঞ্চলৰ সৰ্বোচ্চ স্থান কি?

উত্তৰঃ হামৰেণ মালভূমি অঞ্চলৰ সৰ্বোচ্চ স্থান হ'ল উমলাপাৰ (১২২০ মি.)।


৫। অসমৰ মৰুভূমিক কেইটা ভাগ বিভক্ত কৰিব পাৰি?

উত্তৰঃ অসমৰ মৰুভূমিক দুটা ভাগত বিভক্ত কৰিব পৰি।


৬। অসমৰ ভংগিল পাহাৰীয়া অঞ্চলৰ বৰাক উপত্যকাস্থিত কি জিলাত সীমাবন্ধ?

উত্তৰঃ অসমৰ ভংগিল পাহাৰীয়া অঞ্চলক বৰাক উপত্যকাস্থিত উত্তৰ কাছাৰ জিলাত সীমাবন্ধ।


৭। পাটকাই পৰ্বত কি?

উত্তৰঃ পাটকাই পৰ্বত হ'ল হিমালয় ভংগিল পৰ্বতমালাৰ এটা ঠাল।


৮। ব্ৰহ্মপুত্ৰ সমভূমিখন কিহৰ ভিতৰত অন্যতম নদীবহুল অঞ্চল হিচাপে গণ্য কৰা হৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ সমভূমিখন বিশ্বৰ ভিতৰত অন্যতম নদীবহুল অঞ্চল হিচাপে গণ্য কৰা হৈছে।


৯। ব্ৰহ্মপুত্ৰৰ বুকুত কিমানটা চাপৰি আছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ বুকুত ৫৪০ টা চাপৰি আছে।


১০। ভূপ্ৰকৃতিৰ গঠন অনুযায়ী অসমক কেইটা মুখ্য ভাগত ভগাব পাৰি?

উত্তৰঃ ভূপ্ৰকৃতিৰ গঠন অনুযায়ী অসমক ৩ টা মুখ্য ভাগত ভগাব পাৰি।


১১। বৰাক সমভূমিখন কি মাটিৰে গঠিত?

উত্তৰঃ বৰাক সমভূমিখন পলসুৱা মাটিৰে গঠিত।


১২। বৰাক উপত্যকা উত্তৰপাৰৰ প্ৰধান উপনদীবোৰ কি কি?

উত্তৰঃ বৰাক উপত্যকা উত্তৰপাৰৰ প্ৰধান উপনদীবোৰ হ'ল ১। জিৰি ২। লবক ৩। মাধুৰ ৪। ডালু ৫। জাতিংগা ৬।লাৰাং।


১৩। টিলা মাটিবোৰ কিহেৰে গঠিত?

উত্তৰঃ টিলা মাটিবোৰ গোলাষ্মৰে গঠিত।


১৪। বৰাক বা সুৰমা উপত্যকা কাৰ দ্বাৰা গঠিত?

উত্তৰঃ  বৰাক বা সুৰমা উপত্যকা মূল নদী বৰাক আৰু ইয়াৰ উপনৈ সমূহৰ দ্বাৰা গঠিত।


১৫। অসমৰ সামগ্ৰিকভাৱে উপত্ৰুান্তীয় কি জলবায়ুৰ অন্তৰ্গত?

উত্তৰঃ অসমৰ সামগ্ৰিকভাৱে উৰত্ৰুান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত।


১৬। শীতকালত কিহৰ পৰিমাণ কম?

উত্তৰঃ শীতকালত বাৰষুণৰ পৰিমাণ কম।


১৭। মৃত্তিকা কাক বোলে?

উত্তৰঃ ভূ-প্ৰকৃতিৰ পাতল আৱৰণটোক মাটি বা মৃত্তিকা বোলে।


১৮। মৃত্তিকা কাৰ পোষক?

উত্তৰঃ মৃত্তিকা হ'ল উদ্ভিদ আৰু জীৱ-জন্তুৰ পোষক।


১৯। গুণগুণ অনুসৰি অসমৰ মৃত্তিকাক কেইটা প্ৰধান ভাগত বিভক্ত কৰিব?

উত্তৰঃ গুণগুণ অনুসৰি অসমৰ মৃত্তিকাক চাৰিটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি সেইকেইটা হ'ল পলসুৱা মাটি,পাহাৰীয়া মাটি, ৰঙামাটি আৰু কংকৰ বা লেটেৰাইট মাটি।


২০। অতিমাত্ৰা আৰ্দ্ৰতা আৰু কিহৰ  দ্বাৰা অসমৰ জলবায়ু নিয়ন্ত্ৰিত?

উত্তৰঃ অতিমাত্ৰা আৰ্দ্ৰতা আৰু নিম্ন উত্তাপৰ দ্বাৰা অসমৰ জয়বায়ু নিয়ন্ত্ৰিত। 


Type Susmita Kakati                                                                                                                                  


Post Id: DABP003478