অধ্যায় ৭

 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

১। প্ৰাথমিক শিক্ষা কি?

উত্তৰঃ প্ৰাথমিক শিক্ষা হ'ল সমগ্ৰ শিক্ষা গাঁঠনিটোৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়।


২। ভাৰতবৰ্ষৰ অতীতৰ  শিক্ষাৰ ইতিহাসত কি ব্যৱস্থাৰ বিষয়ে বৰ্ণনা পোৱা যায়?

উত্তৰঃ ভাৰতবৰ্ষৰ অতীতৰ শিক্ষাৰ ইতিহাসত গুৰুকুল শিক্ষা ব্যৱস্থাৰ বিষয়ে বৰ্ণনা পোৱা যায়।


৩। ঋষিসকলে প্ৰথম অৱস্থাত কাক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল?

উত্তৰঃ ঋষিসকলে প্ৰথম অৱস্থাত নিজৰ পুত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।


৪। ঋষিসকলে প্ৰকৃতিৰ নিৰ্জম ঠানত কি স্থাপন কৰিছিল?

উত্তৰঃ ঋষিসকলে প্ৰকৃতৰ নিৰ্জম ঠানত আশ্ৰম স্থাপিত হৈছিল।


৫। পাঠশালা কি?

উত্তৰঃ পাঠশালা এবিধ বৈশিষ্ট্যপূৰ্ণ পূৰণি শিক্ষাৰ অনুষ্ঠান।


৬। পাঠশালাবোৰৰ মূল উদ্দেশ্য কি?

উত্তৰঃ পাঠশালাবোৰৰ মূল উদ্দেশ্য হ'ল শিক্ষাৰ মাধ্যমত উপযুক্ত পণ্ডিত সৃষ্টি কৰা।


৭। টোলবোৰক সংস্কৃতিক কি বুলি কোৱা হয়?

উত্তৰঃ টোলবোৰত সংস্কৃতত বিদ্যালয় বুলি কোৱা হয়।


৮। সত্ৰানুষ্ঠান বা সুত্ৰ কি?

উত্তৰঃ অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠানটো হ'ল সত্ৰানুষ্ঠা বা সুত্ৰ।


৯। মোক্তাব শব্দটো কৰ পৰা আহিছে?

উত্তৰঃ মোক্তাব শব্দটো আৰবী কুতুব শব্দৰপৰা আহিছে।


১০। মিছনেৰীসকলে ঠায়ে ঠায়ে কি স্থাপন কৰিছিল?

উত্তৰঃ মিছনেৰীসকলে ঠায়ে ঠায়ে স্কুল স্থাপন কৰিছিল।


১১। মুম্বাইক ভাৰতৰ কি বুলি কোৱা হয়?

উত্তৰঃ  মুম্বাইক ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়।


১২।শ্ৰীমন্ত শঙ্কৰদেৱৰ কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান কি?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হ'ল সত্ৰসমূহ।


১৩। কি আন্দোলনৰ সময়ছোৱাত অসমৰ সমাজ আছিল সত্ৰকেন্দ্ৰিক?

উত্তৰঃ বৈষ্ণৱ আন্দোলনৰ সময়ছোৱাত অসমৰ সমাজ আছিল সত্ৰকেন্দ্ৰিক।


১৪। মাদ্ৰাছা কি?

উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চ পৰ্যায়ৰ পুৰণি শিক্ষানুষ্ঠান হ'ল মাদ্ৰাছা।


১৫। মিছনেৰীসকলৰ অৱদান বুলি কাক কোৱা হয়?

উত্তৰঃ ভাৰতবৰ্ষত বৰ্তমান যি শিক্ষা ব্যৱস্থাৰ প্ৰচলন হৈ আছে সেই শিক্ষা পদ্ধতিক মিছনেৰীসকলৰ অৱদান বুলি কোৱা হয়।


১৬।জেচুইটছ কলেজ কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ জেচুইটছ কলেজ ১৫৮০ চনত স্থাপিত হৈছিল।


১৭।    মিচনেৰীসকলে কলকাতাত কি স্থাপিত কৰিছিল?

উত্তৰঃ মিচনেৰীসকলে কলকাতাত স্কুল স্থাপিত কৰিছিল।


১৮। কিমান চনত গুৱাহাটী স্থাপিত হৈছিল?

উত্তৰঃ ১৮২৯ চনত গুৱাহাটী স্থাপিত হৈছিল।


১৯। কিমান চনৰ পিছত মিছনেৰীসকলে অসমত পদাৰ্পণ কৰে?

উত্তৰঃ ১৮২৬ চনৰ পিছত মিছনেৰীসকলে অসমত পদাৰ্পণ কৰে।


২০। ইংলেণ্ড পাৰ্লিয়ামেণ্টত কিমান চনত আইন গৃহীত হৈছিল?

উত্তৰঃ ইংলেণ্ড পাৰ্লিয়ামেণ্টত ১৮১৩ চনত আইন গৃহীত হৈছিল।


২১। আয়োগৰ সম্পাদক কোন আছিল?

উত্তৰঃ আয়োগৰ সম্পাদক আছিল মহীশূৰৰ শিক্ষাধিকাৰ বি.এল.ৰাইচ।


২২। লৰ্ড কাৰ্জন কিমান চনত ইংলেণ্ডৰ ৰাজ প্ৰতিনিধিস্বৰূপে ভাৰতলৈ আহে?

উত্তৰঃ  লৰ্ড কাৰ্জন ১৮৯৯ চনত ইংলেণ্ডৰ ৰাজ প্ৰতিনিধিস্বৰূপে ভাৰতলৈ আহে।


২৩। কিমান চনত লৰ্ড কাৰ্জনে চিমলাত এখন শিক্ষা সন্মিলন আহ্বান কৰে?

উত্তৰঃ ১৯০১ চনৰ চেপ্তেম্বৰ মাহত চিমলত এখন শিক্ষা সন্মিলন আহ্বান কৰে।


২৪। শিক্ষানীতি কেইটা ভাগ ভগাব পাৰে আৰু কি কি?  

উত্তৰঃ শিক্ষানীতি দুই ভাগত ভগাব পাৰে (১) নিয়ন্ত্ৰণৰ নীতি আৰু (২) সম্প্ৰসাৰণৰ নীতি।


২৫। ভাৰতবৰ্ষ এখন কি দেশ?

উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ।

Type Susmita Kakati



Post Id: DABP003409