Back To Book Content 


Chapter 6 

 ভূ - আকৃতিক প্ৰক্ৰম


১। ভূ - পৃষ্ঠীয় নগ্নীভৱন কাক বোলে ?

উত্তৰঃ ক্ষয়কাৰী নানা কাৰকৰ দ্বাৰা এই উত্থিত অংশবোৰৰ উচ্চতা হ্ৰাস হোৱাৰ আৰু অৱক্ষেপনৰ দ্বাৰা অৱনমিত অংশবোৰৰ গভীৰতা কমি অহাৰ লক্ষণ দেখা যায়। অর্থাৎ এই কাৰকবোৰে দুয়োধৰণৰ (উত্থিত আৰু অৱনমিত) অবয়বকেই সমতললৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰে। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। ওখ ঠাইবোৰ সমতললৈ আহিব ধৰা এনে প্রক্রিয়াক ভূ-পৃষ্ঠীয় নগ্নীভৱন বোলে । 


২। অৱক্ষেপন কাক বোলে ?

উত্তৰঃ ভঙা আৰু কঢ়িয়াই নিয়া এই দুয়োটা কাম লগ লাগিহে ক্ষয়ীভৱন হয়। কঢ়িয়াই নিয়া পদাৰ্থবোৰ অৱশেষত অৱনমিত অঞ্চলত (depressed regions) যেনে হ্রদ, সাগৰ, মহাসাগৰ, দ্রোনী আদিৰ তলিত জমা হয়গৈ। এই কাৰ্যক অৱক্ষেপন বোলে। 


৩। ৰাসায়নিক বিচূর্ণীভৱন  কাক বোলে ?

উত্তৰঃ  যি প্ৰক্ৰিয়াৰ দ্বাৰা শিলাখণ্ডৰ মৌলিক উপাদান সমূহৰ পৰিৱৰ্তন হৈ বিচূর্ণীভৱন ঘটে তাকে ৰাসায়নিক বিচূর্ণীভৱন বোলা হয়। সাধাৰণতে বায়ু আৰু পানীৰ দ্বাৰাই ৰাসায়নিক বিচূর্ণীভৱন সংঘটিত হয়।


৪। দুটা হাইড্ৰজেনৰ অণু আৰু এটা অক্সিজেনৰ অণু লগলাগি কিহৰ সৃস্টি হয় ?

উত্তৰঃ দুটা হাইড্ৰজেনৰ অণু আৰু এটা অক্সিজেনৰ অণু লগলাগি পানীৰ সৃস্টি হয়।

    সেইদৰে  -  (2H,+O = 2H,O)  



৫। দ্ৰৱন কাক বোলে ?

উত্তৰঃ যেতিয়া কোনো পদার্থ পানী নাইবা এছিড়ত দ্রৱীভূত হয়, পানী বা এছিডসহ দ্রৱীভূত পদার্থখিনিক একেলগে দ্ৰৱণ বুলি কোৱা হয়।


৬। পৰিবহন কাক বোলে ?

উত্তৰঃ ভূপৃষ্ঠীয় আৰু ভূ-গর্ভস্থ শক্তিসমূহে ভূত্বকৰ পদার্থসমূহক প্রাকৃতিক চাপ আৰু ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা ভূ অবয়ব (configuration) সমূহৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে। এয়াই হ'ল ভূ-আকৃতিক প্রক্রম। ভূ-পৃষ্ঠীয় নগ্নীভৱন প্ৰক্ৰিয়াত দুবিধ প্রধান কার্য সম্পাদিত হোৱা দেখা যায়। এই দুবিধ হ'ল অৱক্ষয় বা বিচূর্ণীভৱন বা বিখণ্ডন (weathering) আৰু ক্ষয়ীভৱন ( erosion), বিচূর্নীভৱনৰ ফলত শিলাসমূহ খণ্ড-বিখণ্ডিত হয় আৰু স্ব-স্থানত অৱস্থান (insitu) কৰে। টুকুৰা-টুকুৰ হোৱা পদাৰ্থবোৰ আকৌ নগ্নীভৱন বা নিমোচন কাৰকৰ (agents of denudation) দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয়। এই কাৰকবোৰ হ'ল নদ-নদী, হিমবাহ, প্রবাহিত বায়ু, সামুদ্রিক সোঁত ইত্যাদি। এই কঢ়িয়াই নিয়া কাৰ্যক পৰিবহন বোলে। 


৭। ক্ষয়ীভৱন কাক বোলে ?

উত্তৰঃ ক্ষয়প্রাপ্ত বা বিচূর্ণীকৃত পদাৰ্থবোৰ পৰিবাহিত নহৈ একে ঠাইতেই থাকে । উত্তাপ এনে এবিধ কাৰক। কিন্তু গতিশীল কাৰকে পদাৰ্থৰ ক্ষয়সাধন কৰি সেইবোৰ পৰিবহনো কৰে। এনে প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে।  


৮। বিচূৰ্ণীভৱনক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ বিচূৰ্ণীভৱনক তিনিটা ভাগত ভাগ কৰিব পাৰি । সেইবোৰ হ'ল - 

     (ক) ৰাসায়নিক বিচূর্ণীভৱন (Chemical weathering)

      (খ) ভৌতিক বিচূর্ণীভৱন (Mechanical weathering)

     (গ) জৈৱিক বিচূর্ণীভৱন (Biological or Organie weathering)


৯। পীড়ন কাক বোলে ?

উত্তৰঃ মধ্যাকর্ষণ শক্তিৰ প্রভাৱত ভূ-পৃষ্ঠৰ ঢালযুক্ত ঠাইসমূহৰ পৰা পদাৰ্থ ক্ৰমান্বয়ে তললৈ গতি কৰে। ভূ পৃষ্ঠৰ প্ৰতিটো আঞ্চলিক গোটত (Unit area) প্রয়োগ কৰা বল বা শক্তিক পীড়ন (stress) বোলা হয়।


১০। ভৌতিক বিচূৰ্ণীভৱন প্ৰকিয়াসমূহ লিখা । 

উত্তৰঃ প্রাকৃতিক বা ভৌতিক বিচূর্ণীভৱন কিছুমান প্রচলিত শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই প্রচলিত শক্তি (applied forces)বোৰ হ'ল -

(i) মধ্যাকর্ষণ শক্তি যেনে- ওপৰৰ পৰা দিয়া অত্যাধিক চাপ আৰু অপৰূপন প্রতিবল (shear stress),

 (ii) উত্তাপৰ পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত, কৃষ্টল বা দানা (crys tal) বৃদ্ধি নাইবা জীৱ-জন্তুৰ কাৰ্যকলাপৰ দ্বাৰা সৃষ্ট বিস্তাৰণ (expansion) বল আৰু

 (iii) আৰ্দ্ৰ আৰু শুষ্ক জলচক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত পানীৰ চাপ। এই প্রচলিত শক্তিসমূহে অকল ভূ-পৃষ্ঠতেই নহয়, পৃথিৱীৰ অভ্যন্তৰ ভাগৰ শিলাসমূহতো বিখণ্ডন ঘটায়।

     শিলাৰ তাপমাত্রা বৃদ্ধি আৰু চাপমুক্ত হোৱাৰ ফলত ভৌতিক বিচূর্ণীভৱন প্রক্রিয়া সংঘটিত হয়। কার্যক্ষেত্ৰত এই প্ৰক্ৰিয়া সৰু আৰু লেহেম যদিও শিলাখণ্ডত ইয়াৰ প্রভাৱ অতিশয় ক্ষতিকাৰক। উপর্যুপৰি বিস্তাৰণ আৰু সংকোচনৰ ফলত শিলাসমুহৰ গাঠনি দুৰ্বল হৈ কালক্ৰমত খণ্ড-বিখণ্ড হোৱা দেখা যায়।


১১। অপপত্ৰন কাক বোলে ?

উত্তৰঃ অবিৰত খনন কাৰ্যৰ ফলত উপৰিভাগৰ শিলাৰ ভৰ আঁতৰে, উলম্বিক চাপমুক্ত হয় আৰু অনুভূমিক ভাৱে ভূ-পৃষ্ঠৰ প্ৰায় সমান্তৰালকৈ ফাট মেলে। ইয়াক সাংখিক অৱক্ষয় বা অপপত্ৰন বোলে।


১২। টৰছ কাক বোলে ?

উত্তৰঃআগ্নেয় শিলাৰ অন্তৰ্গত গ্ৰেনাইট শিলাত হোৱা এনে বিপত্ৰনে সৰু-বৰ সকলো শিলাখণ্ডকেই মসৃন কৰে। ইয়াক ট্ৰছ (tors) বোলা হয়।


১৩। মৃত্তিকাতত্ব কি ?

উত্তৰঃ মৃত্তিকাতত্ব হ'ল মৃৎবিজ্ঞান বা মৃত্তিকা সম্বন্ধীয় বিজ্ঞান, আৰু মৃত্তিকাতাত্বিক হ'ল মৃত্তিকা বিষয়ক বিজ্ঞানী।


১৪। মৃত্তিকা গঠনকাৰী কাৰকবোৰ কি কি ?

উত্তৰঃ মৃত্তিকা গঠন পাঁচবিধ মূল কাৰকৰ দ্বাৰা নিয়ন্ত্রিত হয়। এই কাৰকবোৰ হ'ল – (i) মূল পদার্থ (শিলা), (ii) স্থলাকৃতি, (iii) জলবায়ু, (iv) জৈৱিক ক্ৰিয়া আৰু (v) সময়। কার্যক্ষেত্ৰত, মৃত্তিকা গঠনকাৰী কাৰক সমুহে একত্ৰিত ভাৱে কাৰ্য কৰে আৰু এটাই আনটো কাৰ্যত প্ৰভাৱ বিস্তাৰ কৰে।


১৫। স্থলাকৃতি কি ? ( চমুকৈ লিখা ) 

উত্তৰঃ মূল শিলাৰ দৰে স্থলাকৃতিও এক প্ৰকাৰৰ নিষ্ক্রিয় . নিয়ন্ত্ৰণকাৰী কাৰক। কিছুমান শিলা ধৰাপৃষ্ঠত সূৰ্যৰ কিৰণৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱান্বিত হয়। এনে ক্ষেত্ৰত শিলাৰ ওপৰেৰে বা মাজেৰে প্ৰবাহিত জলাধাৰাৰ প্ৰভাৱ শৈল গেদৰ ওপৰত যথেষ্ট পৰিমাণে অনুভূত হয়। ভূ-পৃষ্ঠৰ ঢাল অনুযায়ী মাটিৰ স্তৰ পাতলীয়া নাইবা ডাঠ হ'ব পাৰে । অধিক ঢালযুক্ত ঠাইত মৃত্তিকাৰ স্তৰ পাতল আৰু কম ঢালযুক্ত অঞ্চলত ডাঠ হোৱা দেখা যায়। মসৃণ আৰু নিম্ন ঢালযুক্ত ঠাইত খনন কাৰ্য ধীৰ হয়, পানীৰ পৰিশ্ৰৱণ (percolation) অধিক হৈ মৃত্তিকা গঠনৰ বাবে উত্তম পৰিবেশৰ সৃষ্টি কৰে। সমতল ক্ষেত্ৰত বোকা (clay) মাটিৰ ডাঠ তৰপৰ সৃষ্টি হয়। এনে মাটিৰ ৰং গাঢ় (dark) হোৱা দেখা যায়। নাতিশীতোষ্ণ বা মধ্য অক্ষৰেখা অঞ্চলত দক্ষিণমুখী, অৰণ্যৰে অনাবৃত ঢালত (প্রতিবাত ঢালত) মৃত্তিকা গঠন প্ৰক্ৰিয়া অতি নিম্নমানৰ হয়। আনহাতে উত্তৰমুখী ঢালত শীতল, আর্দ্রতাপূর্ণ অঞ্চলৰ মৃত্তিকা আৰু অৰণ্যাবৰণ অন্যধৰণৰ হোৱা দেখা যায়। 


১৬। মৃত্তিকা গঠনৰ সতে জড়িত জলবায়ুৰ প্ৰধান উপাদান কেইটা  কি কি ?

উত্তৰঃ মৃত্তিকা গঠনৰ সতে জড়িত জলবায়ুৰ প্ৰধান উপাদান কেইটাহ'ল (i) আর্দ্রতা ইয়াৰ প্ৰৱনতা, বৃষ্টিপাতৰ পৰিমাণ, বাৰংবাৰতা আৰু বৃষ্টিপাতৰ কাল (duration), (ii) তাপক্ৰম— দৈনিক আৰু ঋতু অনুযায়ী পৰিবৰ্তন ।


১৭। চিলিকবিহীনকৰণ কাক বোলে ?

উত্তৰঃ বৃষ্টিপাতৰ ফলত মাটিৰ আৰ্দ্ৰতা বাঢ়ে; জৈৱিক আৰু ৰাসায়নিক ক্রিয়া-বিক্ৰিয়া সম্ভৱপৰ হয়। বৃষ্টিপাতৰ আধিক্যৰ ফলত মৃত্তিকাৰ উপাদান সমূহ তললৈ নিগৰি যোৱাত সহায়ক হয়। অধিক বৃষ্টিপাত হোৱা অঞ্চলত ( বিষুবীয়/নিৰক্ষীয়) কেলচিয়াম, ছ’ডিয়াম, মেগনেছিয়াম, পটাছিয়াম আদিৰ উপৰিও ছিলিকাৰ সিংহ ভাগ প্রবাহমান পানীয়ে কঢ়িয়াই লৈ যায়। মাটিৰ পৰা ছিলিকা ধুই নিয়া প্ৰক্ৰিয়াক চিলিকবিহীনকৰণ (desilication) বোলে।


১৮।ভূ- স্খলন কি ? ( চমুকৈ লিকা  ) 

উত্তৰঃ ভূ- স্খলন তুলনামূলকভাৱে তীব্ৰ আৰু সেয়েহে সহজে দৃশ্যমান হয়। স্খলিত পদাৰ্থবোৰ সাধাৰণতে শুকান হয়। বিচ্ছিন্ন পদাৰ্থৰ আকাৰ আৰু আকৃতি (size and shape) নিৰ্ভৰ কৰে প্ৰধানকৈ শিলাখণ্ডৰ প্ৰকৃতি, বিচূর্ণীভৱনৰ পৰিমাণ (degree) আৰু ভূমিৰ ঢালৰ জোখৰ ওপৰত । পদাৰ্থসমূহৰ গতিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি ভূ-স্খলন কেইবা প্ৰকাৰৰো হ'ব পাৰে -

    অৱপাত (slump) হ'ল এটা বা ততোধিক শৈল গেদৰ সৰ্পন (slip) যিবোৰে পৰ্বত-পাহাৰৰ ঢালেৰে গতি কৰোতে ঢালটোত পদাৰ্থবোৰৰ ঘূৰ্ণন (rotation) সৃষ্টিকৰে। পশ্চাৎ ঘূর্ণন অবিহনে পৰ্বত-পাহাৰৰ nud- ঢালেৰে তীব্ৰ গতিত হোৱা ভূ-প্ৰবাহক গেদ স্খলন (de দ্ভিদৰ bris slide) বোলে। উলম্বিক (vertical) নাইবা ওলম ফলকৰ (overhanging face) পৰা প্ৰায় স্বতন্ত্রভাৱে


গেদবোৰ খহি পৰে। কেতিয়াবা আকৌ এনে স্খলন বিচূর্ণীভূত শিলৰ গেদ নাইবা বোকা নহৈ বৃহদাকৃতিৰ একক শিলাও হ'ব পাৰে। ইয়াকেই শৈল স্খলন (rock slide) বোলে। থিয় ঢালযুক্ত ঠাইত শৈলস্খলন দ্রুতবেগী হয় আৰু কোনো কোনো ক্ষেত্ৰত বিধ্বংসী হোৱা দেখা যায়। থিয়ঢালত ভূ স্খলনৰ স্বৰূপ দেখুৱা হৈছে। থিয়ঢালযুক্ত ঠাইত ভূ-স্খলন হ'ল বৃহৎ শিলাখণ্ডৰ (rock blocks) স্বতন্ত্র নাইবা থিয়ঢালযুক্ত ঠাইৰ পৰা হোৱা সম্প্ৰপাত ৷ সাধাৰণতে এনে শিলাখণ্ড ভূমি-শিলাৰ পৰা বিচ্ছিন্ন হৈ থাকে। এনে কাৰ্যই ভূ- পৃষ্ঠৰ বহু তললৈ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। 


১৯। গতিশক্তিৰ পৰিগণনা কৰা সূত্ৰ কি ? 

উত্তৰঃ গতিশক্তিৰ পৰিগণনা কৰা সূত্ৰ হ'ল KE = ½ mv^ য'ত m পুঞ্জ আৰু v -- গতিবেগ।


২০। নাইট্ৰ'জেন যৌগীকৰণ  কাক বোলে ?

উত্তৰঃ বেক্টেৰিয়া আৰু মৃত্তিকাত থকা অন্য জীৱই বায়ুৰ পৰা নাইট্ৰ'জেন আহৰণ কৰি অন্য ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে যিবোৰ উদ্ভিদৰ বৃদ্ধিৰ ববে অতিশয় প্রয়োজনীয়। এই প্ৰক্ৰিয়াটোক নাইট্ৰ'জেন যৌগীকৰণ (nitrogen fixation) বোলে।  



Answer Type: Prabal Konwar (02/09/2022)





Post ID : DABP005752