Chapter 5

 কাঠমিস্ত্ৰিৰ ঘৰ


ক) অতি চমু প্ৰশ্নাৱলীঃ 

১। কাঠমিস্ত্ৰিৰ ঘৰ কবিতাটোৰ কবিজনা কোন?

উত্তৰঃ কাঠমিস্ত্ৰি ঘৰ কবিতাটোৰ কবিজনা নাম হৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত।


২। কাঠমিস্ত্ৰিৰ ঘৰ  কবিতাটি কিমান চনত ৰচনা কৰিছিল?

উত্তৰঃ কাঠমিস্ত্ৰি ঘৰ কবিতাটি ১৯৩৯ চনত ৰচনা কৰিছিল। 


৩। কাঠমিস্ত্ৰি কত থাকিবলগীয়া হয়?

উত্তৰঃ 

 


৪। কাঠমিস্ত্ৰি ঘৰ শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত কোন খন কবিতাপুথি পৰা লোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰিৰ ঘৰ শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত অভিযান আৰু অন্যান্য কবিতা নামৰ কবিতা পুথি পৰা লোৱা হৈছে।


৫। কাঠমিস্ত্ৰিৰ ঘৰ কবিতাটিত উল্লেখ তথা বিশ্ব শিল্পীগৰাকী কোন?

উত্তৰঃ কাঠমিস্ত্ৰি ঘৰ কবিতাটিত উল্লেখ তথা বিশ্ব শিল্পীগৰাকী হৈছে কাঠমিস্ত্ৰি।


৬। অসমীয়া সাহিত্যত প্ৰগতিবাদৰ ধাৰাটো কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ অসমীয়া সাহিত্যত প্ৰগতিৰ বাদৰ ধাৰাটো কুৰি শতিকাৰ পঞ্চম দশকৰ পৰা আৰম্ভ হয়।


৭। কেতিয়াৰ পৰা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই দেশৰ কামত যোগদান কৰিছিল?

উত্তৰঃ ১৯২৮ চনৰ পৰা কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই দেশৰ কামত যোগদান কৰিছিল।


৮। কাঠমিস্ত্ৰিৰ ঘৰ কবিতাটোত প্ৰধানতঃ কাৰ কথা কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰি ঘৰ কবিতাটোত প্ৰধানতঃ কাঠমিস্ত্ৰি কথা কোৱা হৈছে।


৯। কাঠমিস্ত্ৰি ঘৰ কবিতাটোৰ ৰচনা কাল কি?

উত্তৰঃ কাঠমিস্ত্ৰি ঘৰ কবিতাটো ৰচনা কাল হৈছে ১৯৩৯।


১০। নিৰস কঠিন বেঁকা কাঠ কিহেৰে মিস্ত্ৰিয়ে আকাৰ দিয়ে?

উত্তৰঃ নিৰস কঠিন বেঁকা কাঠ বটালিৰে মিস্ত্ৰিয়ে আকাৰ দিয়ে।


১১। বিশ্ব শিল্পী বুলি কবিতাটোত কাক বুজাইছে?

উত্তৰঃ বিশ্ব শিল্পী বুলি কবিতাটোত কাঠমিস্ত্ৰিক বুজাইছে।


১২। বিলাসীৰ দলে আৰামী চকীত বহি কি কৰে?

উত্তৰঃ বিলাসী দলে আৰামী চকীত বহি প্ৰেমৰ সঙ্গীত গায়।


১৩।  কাঠমিস্ত্ৰিৰ ঘৰ কবিতাটোত কোন শ্ৰেণীৰ মানুহৰ ছবি অংকন হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰিৰ ঘৰ কবিতাটোত সকলো শ্ৰমজীৱি মানুহৰ ছবি অংকন হৈছে।


১৪। তেজ ঢালি শ্ৰমিকে কাৰ বাবে কি গঢ়ে?

উত্তৰঃ তেজ ঢালি শ্ৰমিকে সমাজৰ ধনী শ্ৰেণী লোকৰ বাবে মায়াপুৰী অট্টালিকা গঢ়ে।


১৫। শ্ৰমিকৰ দুৰ্দশাৰ অন্ত পৰিবলৈ কি কৰিব লাগিব?

উত্তৰঃ শ্ৰমিকৰ দুৰ্দশাৰ অন্ত পৰিবলৈ তেওঁলোকে নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিব লাগিব।


খ) চমু প্ৰশ্নাৱলীঃ

১। কাঠমিস্ত্ৰিৰ হাতৰ পৰশত কি কি আচবাবে ৰূপ লৈ মনোহৰ হৈ উঠে বুলি উল্লেখ কৰিছে?

উত্তৰঃ কাঠমিস্ত্ৰিৰ হাতৰ পৰশত টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ আদি আচবাবে ৰূপ লৈ মনোহৰ হৈ উঠে বুলি উল্লেখ কৰিছে।

২। কাঠমিস্ত্ৰিয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে?

উত্তৰঃ কাঠমিস্ত্ৰিয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনোহৰ ৰূপ দিয়ে।

৩। প্ৰতিদিন নাই কৰ্ম বুলি কিয় কোৱা হৈছে?

উত্তৰঃ 

৪। আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ প্ৰসংগত কাঠমিস্ত্ৰি ঘৰ কবিতাটি সম্পৰ্কে ড॰ হীৰেন গোহাঁইদেৱে  কি মন্তৱ্য আগবঢ়াইছে?


৫। কাঠমিস্ত্ৰিৰ শ্ৰমৰ এটি চমু বৰ্ণনা দিয়া?

৬। কাঠমিস্ত্ৰিয়ে কি কি কাঠৰ সঁজুলি নিৰ্মান কৰে?

উত্তৰঃ কাঠমিস্ত্ৰিয়ে ৰাণ্ডা আৰু 


৭। কাঠমিস্ত্ৰিয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা?

উত্তৰঃ কাঠমিস্ত্ৰিয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলি নাম হৈছে ৰাণ্ডা আৰু বটালি।

৮। কাঠমিস্ত্ৰিয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰিয়ে সমাজৰ ধনী শ্ৰেণী লোকৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।


গ) ৰচনাধৰ্মী প্ৰশ্নঃ


১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা। বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল। তাৰ পৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ থাকিবলৈ লয়। সৰুতে দেউতাকক হেৰুৱাই তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই  আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰতে পঢ়িবলৈ লয়। ১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে। তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়। দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন 'অভিযান' প্ৰকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত তেখেতৰ মৃত্যু হয়।



২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।
উত্তৰঃ শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ  দুৰ্দশাৰ ছবি 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটিত  প্ৰকাশ পাইছে। অসহনীয় শ্ৰমৰ বোজা  লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে গঢ়ি দিয়ে মায়াপুৰী সদৃশ প্ৰাসাদ। ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক। শ্ৰমৰ প্ৰকৃত মূল্য তেওঁলোকে কেতিয়াও লাভ নকৰে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।


৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-
   '  বিশ্বৰ যত কৰ্মীৰ দল
     তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল'

উত্তৰঃ প্ৰশ্নোদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি ধৰা হৈছে।
             কবিতাফাঁকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে।
               কাঠমিস্ত্ৰীসকল কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে এক নতুন ৰূপ। অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নীৰস আৰু কঠিন কাঠক ৰাণ্ডা-বটালি মাৰি  তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ প্ৰাসাদ। অথচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাঁকিৰ মাজেদি ফুটি উঠিছে।


৪। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুণ শিল্পী। তেওঁলোকৰ  চেষ্টাত নীৰস,কঠিন কাঠে প্ৰাণ পাই উঠে। ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা মনোমোহা সামগ্ৰীৰ। কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।


৫। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান ন্যার্য  প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

           কাঠমিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদ অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্র সাজি দিয়ে। কিন্তু তেওঁলোকে নিজৰ ন্যার্য প্রাপ্য নাপায়। তেওঁলোকৰ জীৱন দৰিদ্ৰতাত ডুৱ গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রী, কঁহাৰ, কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি তেওঁলোক সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। তেওঁলোকে বিপ্লৱৰ বিনিময়ত নিজৰ ন্যার্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।


Author Geetanjali Bora

Post ID : DABP003513