বৰগীত (উঠৰে উঠ বাপু) 
ক) অতি চমুপ্ৰশ্নাৱলীঃ

১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছে?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হৈছে।

২। মাধৱদেৱৰ কত জন্ম হৈছিল?
উত্তৰঃ মাধৱদেৱ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত জন্ম হৈছিল।

৩। উঠৰে উঠ বাপু বৰগীতটো কাৰ ৰচনা?
উত্তৰঃ উঠৰে উঠ বাপু বৰগীতটো মাধৱদেৱৰ ৰচনা।

৪। বৰগীতসমূহ  অসমৰ কোনবিধ সংগীতৰ অন্তৰ্ভুক্ত?
উত্তৰঃ 

৫। বৰগীতসমূহ কি ভাষাত ৰচিত?
উত্তৰঃ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।

৬। বৰগীতবোৰৰ মূল বিষয় কি?
উত্তৰঃ বৰগীতবোৰ মূলবিষয় হৈছে কৃষ্ণ বিষয়ক।

৭। বৰগীত ৰচনাৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ
৮। মাধৱদেৱৰ বৰগীতৰ প্ৰধান ভাৱ কি?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান ভাৱ হৈছে-বাৎসল্য ভাৱ। 

৯। উঠৰে উঠ বাপু - এটি কি বিষয়ক বৰগীত?
উত্তৰঃ এই বৰগীতটি শ্ৰীকৃষ্ণ লীলা বিষয়ক বৰগীত।

১০। মাধৱদেৱৰ  কেতিয়া জন্ম হৈছিল?
উত্তৰঃ মাধৱদেৱ ১৪৮৯ চনত জন্ম হৈছিল। 

১১। মাধৱদেৱ কাৰ শিষ্য?
উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য।

১২। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন পুথিক বুজায়?
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে নাম ঘোষাক বুজায়.

১৩। মাধৱদেৱৰ পিতৃ নাম কি আছিল?
উত্তৰঃ মাধৱদেৱৰ পিতৃ নাম হৈছে  গোৱিন্দগিৰী।

১৪। নিমিনৱসিদ্ধ সংবাদ কোনে ৰচনা কৰিছিল?
উত্তৰঃ নিমিনৱসিদ্ধ সংবাদ মাধৱদেৱে ৰচনা কৰিছিল।

১৫। মাধৱদেৱে কত কেতিয়া ইহলীলা সম্বৰণ কৰিছিল?
উত্তৰঃ মাধৱদেৱে ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰণ কৰিছিল।

১৬। শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীতসমূহক কিয় বৰগীত বোলা হয়?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহ আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ-ৰাগিনীযুক্ত হোৱা কাৰণে বৰগীত বোলা হয়।

১৭। বাণীকান্ত কাকতি দেৱে বৰগীত সমূহক কি বুলি আখ্যা দিছিল?
উত্তৰঃ বাণীকান্ত কাকতি দেৱে বৰগীত সমূহক Noble Numbers বুলি আখ্যা দিছে।

১৮। কালিৰাম মেধিয়ে বৰগীত সমূহক কি বুলি  আখ্যা দিছিল?
উত্তৰঃ কালিৰাম মেধিয়ে বৰগীত সমূহক Great Song বা Celestial বুলি আখ্যা দিছে।

১৯। দেৱেন্দ্ৰ নাথ বেজবৰুৱাই বৰগীত সমূহক কি বুলি আখ্যা দিছিল?
উত্তৰঃ দেৱেন্দ্ৰ নাথ বেজবৰুৱাই বৰগীত সমূহক Holy Song বুলি আখ্যা দিছিল।

২০। ত্ৰিজগতৰ পতি কোন?
উত্তৰঃ ত্ৰিজগতৰ পতি হৈছে ভগৱান কৃষ্ণ।

২১। মোৰ প্ৰাণধন সুচান্দ বয়ন
        গাৱ চালি তেজ নিন্দ।- ইয়াত প্ৰাণধন বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ইয়াত প্ৰাণধন বুলি শ্ৰী কৃষ্ণ কথা কৈছে।

২২। মূৰুখ শব্দ অৰ্থ কি?
উত্তৰঃ মূৰুখ শব্দ অৰ্থ হৈছে মূৰ্খ।

২৩। সো হৰি যশোৱা কোলে। - ইয়াত সো শব্দৰ অৰ্থ কি?
উত্তৰঃ ইয়াত সো শব্দৰ অৰ্থ হৈছে সেই।

২৪। যশোদা কোন?
উত্তৰঃ যশোদা হৈছে শ্ৰী কৃষ্ণ মাক।

২৫। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতবোৰ প্ৰধানকৈ কি বিষয়ক?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতবোৰ প্ৰধানকৈ আধ্যাত্মিক বিষয়ক।

২৬। বিভিন্ন ৰাগ তালযুক্ত আধ্যাত্মিক ভাৱৰ গীতবোৰ অসমীয়া সমাজত কি নামেৰে পৰিচিত?
উত্তৰঃ বিভিন্ন ৰাগ তালযুক্ত আধ্যাত্মিক ভাৱৰ গীতবোৰক অসমীয়া সমাজত বৰগীত নামেৰে পৰিচিত।

খ) চমু প্ৰশ্নাৱলীঃ

১। বৰগীত কাক বোলে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ-ৰাগিনীযুক্ত গীতসমূহক বৰগীত বোলে।

২। বৰগীতবোৰক Noble Numbers বুলি কোনে আৰু কিয় কৈছে?
উত্তৰঃ বৰগীতবোৰক Noble Number বুলি বাণীকান্ত কাকতি দেৱে কৈছে।
বৰগীতৰ ৰাগ,তাল,সাংগিতীক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা দেখা যায়। সেইবাবে বাণীকান্ত কাকতিয়ে বৰগীতসমূহক Noble Numbers বুলি কোৱা হয়।

৩। বিষয়বস্তু অনুসৰি বৰগীতক কেইটা ভাগত ভগাব পাৰি?ভাগ সমূহ উল্লেখ কৰা?
উত্তৰঃ বিষয়বস্তু অনুসৰি বৰগীতক ছয়টা ভাগত ভগাব পাৰি। ভাগ সমূহ হৈছে- লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰি।

৪। মাধৱদেৱ কোন যুগৰ কবি? তেওঁৰ দুখন কাব্যপুথিৰ নাম লিখা?
উত্তৰঃ মাধৱদেৱ শংকৰী যুগৰ কবি। তেওঁৰ দুখন কাব্যপুথি নাম হৈছে- ৰাজসূৰ্য কাব্য।

৫। মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাটকেইখন কি কি?
উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাটকেইখন হৈছে- অৰ্জুন ভঞ্জন, পিম্পৰা গুচোৱা, ভূমি  লোটোৱা আদি।

ৰচনাধৰ্মীপ্ৰশ্নঃ

১। মাধৱদেৱৰ 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে হ'ল শিশু। ভগবান শ্ৰী কৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই  তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়।
        এই বৰগীতটিত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু  সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। 'সব পুৰুষৰ শিৰৰ ভূষণ 'বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ,সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।
            মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত।ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন  সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।লগতে, মাধৱদেৱে নিজকে 'মূৰুখ' অৰ্থাৎ  মূর্খ বুলি উল্লেখ কৰি ত্রিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে -

ত্ৰিজগতৰ পতি             ভকতি মিলিল
    মূৰুখ মাধৱে বোলে।।


২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা
উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ অতি সুন্দৰ ভাৱে প্ৰকাশিত হৈছে। মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু  সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। 'সব পুৰুষৰ শিৰৰ ভূষণ 'বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ, সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। লগতে বৰগীতটিত কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান, যে ভক্তৰ অধীন  সেইকথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে। এনেদৰে মাতৃ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক মাতৃস্নেহেৰে আকোৱালী ৰাখিছে।


৩। বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ মাজেৰে শ্ৰী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক এই দুই ৰূপ সুন্দৰভাৱে প্ৰকাশ পাইছে।
           ত্ৰিজগতৰ পতি শ্ৰী কৃষ্ণই জন্ম লৈছে গকুলৰ নন্দ যশোদাৰ ঘৰত। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই শিশুকালৰ নানান ক্ৰিয়া কলাপৰ মাজেৰে ডাঙৰ-দীঘল হৈছে নন্দ যশোদাৰ ঘৰত। আৰু যশোদায়ো কৃষ্ণক সাধাৰণ শিশুৰ দৰে মৰমত বাপু,কমল-নয়ন, প্ৰাণধন বুলি সম্বোধন কৰিছে , কোলাত লৈ চুমা খাইছে। এই কার্য সমূহৰ পৰা শ্ৰী কৃষ্ণৰ মানৱীয় ৰূপ পৰিস্ফুট হৈছে। বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে  কেৱল পৰম ভক্তিৰ ফলত। ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন  সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
উত্তৰঃ বৰগীত সমূহত বেদ- উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হয়।
           মাধৱদেৱ বিৰচিত 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিতো ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা, ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে। বৰগীতটিত মাধৱদেৱে মাতৃ পুত্রৰ মধুৰ সম্পর্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা প্রকাশ কৰিছে। সিদ্ধমুনি, ঋষি সকলে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায়। সেইজনাকে যশোদাই পুত্র ৰূপে লাভ কৰিছে কেৱল তেওঁৰ একান্ত ভক্তিৰ ফলত। ইয়াৰ জৰিয়তে ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে।


৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 

ত্রিজগত পতি         ভকতি মিলিল
        মূৰুখ মাধৱে বোলে ।

উত্তৰঃ
 প্ৰসংগঃ উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ  অন্তর্গত মহাপুৰুষ মাধৱদেৱ  বিৰচিত 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ পৰা তুলি ধৰা হৈছে ।
   সংগতিঃ কাব্যাংশৰ জৰিয়তে শ্ৰী কৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্রসংগ উল্লেখ কৰিছে ।
    ব্যাখ্যাঃ ভগৱান হৈছে ভক্তৰ অধীন। একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যি জনা কৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো বিচাৰি নাপায়,তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্র ৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। এই প্রসংগত মাধৱদেৱে নিজকে ‘মূৰুখ’ অৰ্থাৎ মূর্খ বুলি নিজকে হেয় প্রতিপন্ন কৰি শেষত ভনিতা পেলাইছে।


Author Geetanjali Bora



Post Id: DABP003354