মিলন

ক) অতি চমু প্ৰশ্নাৱলীঃ

১। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেনীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ।

২। কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰিছিল?

উত্তৰঃ ১৯৫৮ চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰিছিল।।

৩। মিলন কবিতাটো কবিৰ কোনখন কবিতাপুথি পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ মিলন কবিতাটো কবিৰ সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

৪। অসমীয়া কাব্য সাহিত্যত নলিনীবালা দেৱী কি নামেৰে জনাজাত?

উত্তৰঃ অসমীয়া কাব্য সাহিত্যত নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি নামেৰে জনাজাত।

৫। সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱা  প্ৰথম  অসমীয়া মহিলা কবি গৰাকী কোন?

উত্তৰঃ সাহিত্য অকাদেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া মহিলা কবি গৰাকী হৈছে নলিনীবালা দেৱী।

৬। নলিনীবালা দেৱীয়ে সাহিত্য অকাদেমি বঁটাৰ লাভ কৰা কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটাৰ লাভ কৰা কাব্যগ্ৰন্থখনৰ নাম হৈছে অলকানন্দা।

৭। জাগৃতি কাব্যগ্ৰন্থ খনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে?

উত্তৰঃ জাগৃতি কাব্যগ্ৰন্থ খনৰ মাজেৰে কবিৰ স্বদেশ প্ৰেম মনোভাৱ প্ৰকাশ পাইছে।

৮। ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰিছিল।

৯। সন্ধিয়াৰ সুৰ কবিতাপুথিৰখনৰ ৰচক কোন?

উত্তৰঃ সন্ধিয়াৰ সুৰ কবিতা পুথিখনৰ ৰচক হৈছে নলিনীবালা দেৱী।

১০। মিলন কবিতাটো কোন শ্ৰেণী কবিতা?

উত্তৰঃ মিলন কবিতাটো আধ্যাত্মিক কবিতা।

১১। মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে?

উত্তৰঃ মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি ঈশ্বৰক বুজাইছে।

১২। নলিনীবালা দেৱীৰ কবিতাটোৰ মাজেৰে কিহৰ অপূৰ্ব মিলন ঘটিছে?

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাটোৰ মাজেৰে তেওঁ প্ৰজ্ঞা আৰু প্ৰতিভাৰ অপূৰ্ব মিলন ঘটিছে।

খ) চমু প্ৰশ্নাৱলীঃ 

১ । নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনী গ্ৰন্থ নাম লিখা?

উত্তৰঃ নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনী গ্ৰন্থ নাম হৈছে স্মৃতিতীৰ্থ আৰু বিশ্বদীপা।

২। নলিনীবালা দেৱী দুখন কবিতাপুথিৰ নাম লিখা?

উত্তৰঃ নলিনীবালা দেৱী দুখন কবিতাপুথিৰ নাম হৈছে সন্ধিয়াৰ সুৰ, সপোনসুৰ।

৩। নলিনীবালা দেৱীৰ  আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম লিখা?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্ম জীৱনীমূলক গ্ৰন্থখনৰ নাম হৈছে  এৰি অহা দিনবোৰ

৪। নলিনীবালা দেৱী আধ্যাত্মিকভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা কবিতা পুথি কেইখন কি কি?

উত্তৰঃ নলিনীবালা দেৱী আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা কবিতা পুথি কেইখন হৈছে সন্ধিয়াৰ সুৰ, সপোনসুৰ, পৰশমণি, অলকানন্দা আৰু অন্তিম সুৰ।

৫। নলিনীবালা দেৱী কোন দুখন কাব্যগ্ৰন্থৰ কবিতাত স্বদেশপ্ৰেমৰ সুৰ প্ৰৱাহিত হৈছে?

উত্তৰঃ নলিনাবালা দেৱী যুগ-দেৱতা আৰু জাগৃতি কাব্যগ্ৰন্থৰ কবিতাত স্বদেশপ্ৰেমৰ সুৰ প্ৰৱাহিত হৈছে।

 ৰচনাধৰ্মী প্ৰশ্নঃ

১। নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্রখনৰ এটি উল্লেখযোগ্য নাম হৈছে নলিনীবালা দেৱী। শান্ত-সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা তেওঁৰ কবিতাবোৰত আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে।অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত নলিনীবালা দেৱীৰ হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰো সমাৱেশ ঘটিছে।
     'মিলন' কবিতাটিও এইধৰণৰ কবিতা। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। সপোনে-দিঠকে পৰম আৰাধ্যজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।


২। 'মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।

উত্তৰঃ অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ 'মিলন' কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনূভূত হৈছে।কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে।কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। সপোনে-দিঠকে, জোনাকীৰ পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ পোহৰত, হৃদয়ৰ গভীৰ  কোণত, ৰাতিপুৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে। পৰম আৰাধ্য জনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই  অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে ।

৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।

উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত  তেওঁৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।সপোনে-দিঠকে তেওঁ পৰমজনৰ অস্তিত্বক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে।নিশাৰ জোনাকী পোহৰত, সন্দিয়াৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাৰ মাজত, গধূলিৰ  আকাশত, ধ্যানৰ মুহুর্তত, সূর্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্রাত পৰাৰ সময়লৈকে প্রতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায় ।

৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।

উত্তৰঃ নলিনীবালা দেৱীৰ অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। 'মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্রতি যি আৰাধনা সেইয়াই কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায়। কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে।

৫। 'মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ  আলোচনা কৰা।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰ খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়।শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।
        কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।


Author Geetannjali Bora


Author  Geetanjali Bora