জনতাৰ আহ্বান

.ক) চমু প্ৰশ্নাৱলীঃ 

১। বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে?

উত্তৰঃ বোকাত জন্মা মানুহে বেলি ফালে মুখ কৰি হাঁহে।

২। অভ্যুত্থান শব্দটোৰ অৰ্থ কি?

উত্তৰঃ অভ্যুত্থান শব্দটোৰ অৰ্থ হৈছে জাগৰণ।

৩। প্ৰবুদ্ধ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ প্ৰবুদ্ধ শব্দটোৰ অৰ্থ হৈছে জ্ঞান লাভ কৰা।

৪। সংহতি  শব্দটোৰ অৰ্থ কি?

উত্তৰঃ সংহতি শব্দটোৰ অৰ্থ হৈছে মিলন।

৫। মৰণোত্তৰ ভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালা কবিতা পুথিৰখনৰ নাম কি?

উত্তৰঃ মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালা কবিতা পুথিৰখনৰ নাম হৈছে- লুইতৰ পাৰৰ অগ্নিসুৰ।

৬। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ  হিচাপে আত্মপ্ৰকাশ কৰে?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিতকুৱৰী নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।

৭। জনতাৰ আহ্বান কবিতাটোৰ কবি কোন?

উত্তৰঃ জনতাৰ আহ্বান কবিতাটোৰ কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা।

৮। জ্যোতিপ্ৰসাদ আগৰৱালাই কত কথাছবিৰ পৰিচালনা আৰু প্ৰযোজনাৰ প্ৰশিক্ষণ লৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত কথাছবিৰ পৰিচালনা আৰু প্ৰযোজনাৰ প্ৰশিক্ষণ লৈছিল।

৯। জ্যোতিপ্ৰসাদ আগৰৱালাক কি কবি বুলি জনা যায়?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক বিপ্লৱী কবি বুলি জনাজাত।

১০। ষোড়শোপচাৰ মানে কি?

উত্তৰঃ ষোড়শোপচাৰ মানে হৈছে পূজাৰ ১৬ বিধ উপকৰণ। সেইবোৰ হল- আসন, স্বাগত, পাদ্য,  অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবদ্য আৰু বন্দনা।

খ) চমু প্ৰশ্নাৱলীঃ

১। আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান-

জনতাৰ আহ্বান কবিতাটিত এই পংক্তি ফাঁকিৰে  কি বুজাব খুজিছে?

উত্তৰঃ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ  অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।কবিয়ে জনতাৰ জাগ্রত ৰূপ দেখি আনন্দ পাইছে। জনতাৰ আহ্বানত যে জনতাৰেই মঙ্গল হ’ব সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে।

২। জ্যোতিপ্ৰসাদ আগৰৱালা দুখন নাটকৰ নাম লিখা?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা দুখন নাটকৰ নাম হৈছে - শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰি।

৩। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে?

উত্তৰঃ 

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য তিনিটা লিখা?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য তিনিটা হৈছে-জাতীয়তবাদ, জনতাৰ প্ৰতি দায়বদ্ধতা, যৌৱন সুলভ দায়বদ্ধতা।

৫। জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনি হৈছে?

উত্তৰঃ জ্যোতিপ্ৰসাদৰ গীতসমূহত কোমল-মধুৰ আৰু পৌৰুষদীপ্ত দুটা সুৰ ধ্বনি হৈছে।

৬। পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?

উত্তৰঃ পৃথিৱীৰ আকাশে বতাহে কবিয়ে জনতাৰ আহ্বান শুনিবলৈ পাইছে।

৭। জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাটক কেইখনৰ নাম লিখা?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাটক কেইখনৰ নাম হৈছে- শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোৱঁৰ।

৮। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু কত হৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত হৈছিল।

৯। জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া সাহিত্যত কি নামেৰে জনাজাত?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া সাহিত্যত ৰূপকোঁৱৰ নামেৰে জনাজাত।

১০। প্ৰথম অসমীয়া বোলছবিৰ কি আৰু বোলছবিৰ খনে কেতিয়া মুক্তি লাভ কৰে?

উত্তৰঃ প্ৰথম অসমীয়া বোলছবিৰ খন হৈছে জয়মতী আৰু জয়মতী বোলছবিৰখনে ১৯৩৫ চনত মুক্তি লাভ কৰিছিল।

ৰচনাধৰ্মী প্ৰশ্নঃ

 ১। ‘জনতাৰ আহ্বান' কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা ।

উত্তৰঃ ‘জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে।কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ  এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে।। নৱ-জীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত  হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্রৰ জয়, মহামানৱতন্ত্ৰৰ জয়। অর্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কণ্ঠে ওলাই আহিছে।


২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে বুজাই লিখা।

উত্তৰঃ 'জনতাৰ আহ্বান' কবিতাটিৰ মাজেদি সাধাৰণ মানুহৰ প্রতি কবিৰ আস্থাৰ ভাব প্রকাশ পাইছে। কবিয়ে শোষিত, নিষ্পেষিত জনগণৰ দুখত দুখী হৈ সাধাৰণ জনতাক এক সুন্দৰ ভৱিষ্যতৰ বাবে জাগি উঠিবলৈ আহবান জনাইছে।তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আৰু পৃথিৱীৰ চুকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে । বোকাত জন্মা অর্থাৎ অতিকৈ দুখীয়া-দৰিদ্র পৰিয়ালত জন্ম গ্রহণ কৰিও এতিয়া সমাজত সুৰভি বিলাইছে অর্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে । কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিপৰীতে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে ।


৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপান্তৰৰ পৃথিৱীত বিশ্বাসী।ৰূপান্তৰৰ বাবেই জনতাই সুন্দৰৰ আৰাধনা আৰম্ভ কৰিছে।কবিয়ে লক্ষ্য কৰিছে যে শোষিত, বঞ্চিত জনতা জাগ্রত হৈ সিহতৰ নায্য প্রাপ্য আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে।কবি আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱেই সমাজৰ ৰূপ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ আনয়ন কৰিব।অর্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত জনতন্ত্র প্রতিষ্ঠা হ’ব। এই জনতন্ত্র হ’ব শোষণহীন, ধনী-দুখীয়াৰ মাজত ভেদ-ভাৱহীন যিখন জনতন্ত্রত  সকলোৰে ন্যায় আৰু অধিকাৰ প্রতিষ্ঠিত হ’ব।


৪। 'জনতাৰ আহ্বান' কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰঃ 'জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে।কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে।সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে।মানৱৰ এই সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে বুলি কবিয়ে উল্লেখ কৰিছে।


৫। প্রসংগ সংগতি  দৰ্শাই ব্যাখ্যা কৰা।

   আজি জনতাৰ পংকজ ৰূপ

   জাগে পদুমৰ দৰে

   বোকাত জনমা মানুহে আজি

   আলোকলে' উঠি আহে

    বেলিমুৱা হৈ হাঁহে।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।

            কবিতাফাঁকিৰ জৰিয়তে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ উল্লেখ কৰিছে ।

                বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ এই মনোভাৱ আজি জনতাৰ আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।

Author Geetanjali Bora



Post ID : DABP003493