আঘোনৰ কুঁৱলী

ক) অতি চমু উত্তৰঃ

১। কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগী গ্ৰন্থৰ নাম লিখাঁ?

উত্তৰঃ কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগী গ্ৰন্থৰ নাম হৈছে ওমলা ঘৰ।

২। কবি কেশৱ মহন্তৰ এখন গীতৰ পুথিৰ নাম লিখা?

উত্তৰঃ কবি কেশৱ মহন্তৰ এখন গীতৰ পুথি নাম হৈছে মোৰ যে কিমান হেঁপাহ।

৩। কোনখন কিতাপৰ বাবে কেশৱ মহন্তই সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?

উত্তৰঃ মোৰ যে কিমান হেঁপাহ কিতাপ খনৰ বাবে কেশৱ মহন্তই সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল।

৪। পছোৱা আলোচনী খন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ পছোৱা আলোচনী খন হেম বৰুৱাই সম্পাদনা কৰিছিল।

৫। আঘোনৰ কুঁৱলীয়ে কি ভেটিছে?

উত্তৰঃ আঘোনৰ কুঁৱলীয়ে বাট ভেটিছে।

৬। কবিয়ে কিহৰ বাবে একোকে নমনি বুলি কৈছে?

উত্তৰঃ কুঁৱলীয়ে বাট নেদেখা হোৱাৰ কাৰণে কবিয়ে একোকে নমনি বুলি কৈছে।

৭। আঘোনৰ কুঁৱলীত কবিয়ে কি লুকুৱাৰ কথা কৈছে?

উত্তৰঃ আঘোনৰ কুঁৱলীত কবিয়ে ধাননি লুকুৱাৰ কথা কৈছে।

৮। আঘোনৰ কুঁৱলীত কবিয়ে কাক হেৰুওৱা কথা কৈছে?

উত্তৰঃ আঘোনৰ কুঁৱলীত কবিয়ে সেউতীক হেৰুওৱা কথা কৈছে।

৯। আঘোনৰ কুঁৱলীত কিহৰ চিত্ৰ অংকিত হৈছে?

উত্তৰঃ আঘোনৰ কুঁৱলীত আঘোনৰ পথাৰত দাৱনীয়ে কাম কৰি থকা চিত্ৰ অংকিত হৈছে।

১০। আঘোনৰ কুঁৱলী নামৰ কবিতাটি ৰচক কোন?

উত্তৰঃ আঘোনৰ কুঁৱলী নামৰ কবিতাটি ৰচক হৈছে কেশৱ মহন্ত।

খ) চমু প্ৰশ্নাৱলীঃ

১। কেশৱ মহন্তৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ কেশৱ মহন্ত প্ৰথম কবিতা পুথি আমাৰ পৃথিৱী। পৰৱৰ্তী সময়ত আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাৰ কুঁহিপাত, ৰদ জিকমিক, কুঁৱলী আতৰি যা, দিশ ধৱলী বৰণ, বুকুত এজাক ধুমুহা, আদি কাব্য গ্ৰন্থ প্ৰকাশ পায়।মোৰ যে কিমান হেঁপাহ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন। ওমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই তেওঁৰ শিশুৰ বাবে ৰচিত পুথি।  

২। আঘোনৰ আকাশত কিহৰ ৰাগি আছে?

উত্তৰঃ আঘোনৰ আকাশত উৰুলি ৰাগি আছে।

৩। জয়ন্তী আলোচনী কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল?

উত্তৰঃ জয়ন্তী আলোচনী কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য দ্বাৰা সম্পাদিত হৈছিল।

৪। কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম লিখা?

উত্তৰঃ কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম হৈছে ওমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই।

৫। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি নাম লিখা?

উত্তৰঃ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি নাম হৈছে মোৰ যে কিমান হেঁপাহ।

৬। ডাঙৰি আৰু তৰা-জৰী শব্দ দুটাৰ অৰ্থ লিখা?

উত্তৰঃ ডাঙৰি মানে হৈছে ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা।

তৰা-জৰী মানে হৈছে তৰা গছৰ জৰী।

গ) ৰচনাধৰ্মী প্ৰশ্নঃ

। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

উত্তৰঃ আঘোণৰ পথাৰত সোণবৰণীয়া ধাননীয়ে সৃষ্টি কৰে মনোমোহা পৰিৱেশ।সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে।অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰৰ মাজত কবিৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে । তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে । তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো অংকণ কৰিছে।কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে।  আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।


২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র 'আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ 'আঘোণৰ কুঁৱলী’ কবিতাটিত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মনোমোহা চিত্র অংকণ কৰিছে ।

          আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে । ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে । কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰণীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন । মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেঁতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন।গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা ধেমালিবোৰ চাবলৈ কবি আগ্রহী। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককে খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে আঘোণৰ পথাৰৰ সহজ সৰল চিত্র অংকণ কৰিছে।


৩। 'আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্রেমৰ সন্ধান আৰু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্রকাশ ঘটিছে ।        

    মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন । লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্রাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেঁতেন । সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি অতিকৈ আগ্রহী।মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো। আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল । কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল । 

    এইদৰে ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্রেমৰ চিত্র সুন্দৰভাৱে অংকিত হৈছে ।


৪। 'আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামে।সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকে আকর্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্রেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে।  আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।


৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে

মুঠি মুঠি কাচি  ডাঙৰি ডাঙৰি,

কাম আছে,

আঘোণৰ পথাৰত কাম আৰু কাম ।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি ধৰা হৈছে ।

             কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্ক ব্যক্ত কৰিছে ।

           আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাফাঁকিৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।


(খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে।

             কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশত প্ৰকাশ হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷

              আঘোণৰ পথাৰত কামৰ লগতে প্রেমানুভূতিৰ আনন্দও আছে।যিকোনো মূহুৰ্তত আৰু যিকোনো পৰিৱেশত ডেকা-ডেকেৰীৰ মনত প্রেমানুভূতিৰ উদয় হ’ব পাৰে। আঘোণৰ পথাৰত কৰ্মৰত গাভৰুহঁতক চাই কবিৰ মনতো প্রেমৰ অনুৰণন জাগি উঠে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন-হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা-গাভৰুৰ মন এক বিশেষ ৰাগিত (প্রেমানুভূতিত) উৰা মাৰে ভালপোৱাৰ কাষলৈ।কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূট হৈ আছে ।


(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে

আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে

আঘোণৰ কুঁৱলীতে সেউতী হেৰালে

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল.....

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।

               কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আৰু অসুবিধাসমূহ ব্যক্ত কৰিছে ।

             আঘোণৰ পথাৰত সোণবৰণীয়া ধাননীয়ে সৃষ্টি কৰে মনোমোহা পৰিৱেশ।সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰৰ মাজত কবিৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে । তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে । তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো অংকণ কৰিছে।কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে।  আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।

Author Geetanjali Bora



Post ID : DABP005753