সাধাৰণ বাক্য়ক বচনলৈ পৰিৱৰ্তন 

দ্বিতীয় খণ্ড অধ্য়ায়- ৩


১। তৰ্কবিজ্ঞান কি ?

উত্তৰঃ তৰ্কবিজ্ঞান হ'ল ভাষাৰে প্ৰকাশিত চিন্তাৰ বিজ্ঞান।


২। তৰ্কবিজ্ঞানৰ উদ্দেশ্য় কি ?

উত্তৰঃ সাধাৰণ বাক্য়সমূহক সম্ভৱপৰ ক্ষেত্ৰত যুক্তিপূৰ্ণ বচনৰ স্পষ্ট ৰূপ দিয়াই হ'ল তৰ্কবিজ্ঞানৰ উদ্দেশ্য় ।


৩। তৰ্কবিজ্ঞানসন্মত বচনসমূহৰ স্পষ্ট ৰূপ বা আকাৰ কেইটা কি কি ?

উত্তৰঃ আকাৰ কেইটা হ'ল- A, E, I আৰু O।


৪। ' মানুহ মৰণশীল ' এইটো তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰা ।

উত্তৰঃ ' মানুহ মৰণশীল ' এইটো তৰ্কবিজ্ঞানসন্মত ৰূপত প্ৰকাশ কৰিলে হ'ব -- সকলো 'মানুহ হয় হয় মৰণশীল ' ইয়াত 'সকলো' পৰিমাণক, 'মানুহ' উদ্দেশ্য়, 'হয়' সংযোজক আৰু 'মৰণশীল '।


৫। বাক্য়ত উল্লেখ নাথাকিলেও বচনৰ ক্ষেত্ৰত কি ক্ৰম অনুসৰি লিখিব লাগে ?

উত্তৰঃ বচনৰ ক্ষেত্ৰত পৰিমানণক, উদ্দেশ্য়, সংযোজক, বিধেয় স্পষ্ট ৰূপত ক্ৰম অনুসৰি লিখিব লাগে।


৬। বাক্য়ক বচনলৈ ৰূপান্তৰিত কৰাৰ পিছত বচনটোৰ সোঁফালে বা বাওঁফালে কি চিহ্ন লিখিব লাগে ?

উত্তৰঃ A, E, I, আৰু O চিহ্ন লিখিব লাগে।


৭। কিহেৰে আৰম্ভ হোৱা সদৰ্থক বাক্য়বোৰক A বচনলৈ ৰূপান্তৰ কৰিব লাগে ?

উত্তৰঃ সকলো, প্ৰত্য়েক, সমগ্ৰ, সমস্ত, যিকোনো, যিয়ে আদি শব্দৰে আৰম্ভ হোৱা সদৰ্থক বাক্য়বোৰক A বচনলৈ ৰূপান্তৰ কৰিব লাগে। 

যেনে- (1) সকলো মানুহেই দ্বিপদী

A --- সকলো মানুহ হয় এনে যই দ্বিপদী।


৮। সকলো, সমস্ত, সমগ্ৰ, যিকোনো, যিয়ে প্ৰত্য়েক আদি শব্দৰে আৰম্ভ হোৱা কি বাক্য়বোৰক O বচনলৈ ৰূপান্তৰ কৰিব লাগে ?

উত্তৰঃ সকলো, সমস্ত, সমগ্ৰ, যিকোনো, যিয়ে, প্ৰত্য়েক আদি শব্দৰে আৰম্ভ হোৱা নঞৰ্থক বাক্য়বোৰ O বচনলৈ ৰূপান্তৰ কৰিব লাগে। 

যেনে- সমগ্ৰ ভাৰতবাসী হিন্দু নহয়।

O ---- কিছুমান ভাৰতবাসী নহয় হিন্দু।


৯। কি কি শব্দৰে আৰম্ভ হোৱা বাক্য়বোৰ সদৰ্থক হ'লে I বচনলৈ আৰু নঞৰ্থক হ'লে O  বচনলৈ পৰিৱৰ্তন কৰিব লাগে ?

উত্তৰঃ কোনো, কোনো, কিছুমান, কেইটামান, ভালেমান, অধিকাংশ, বহুতো, প্ৰায় সকলো আদি শব্দৰে আৰম্ভ হোৱা বাক্য়বোৰ সদৰ্থক হ'লে I বচনলৈ আৰু নঞৰ্থক হ'লে O বচনলৈ পৰিৱৰ্তন কৰিব লাগে।

যেনে- (1) অধিকাংশ চৰায়েই উৰিব পাৰে।

I --- কিছুমান চৰাই হয় এনে যি উৰিব পাৰে।


(2) অধিকাংশ সদস্য়ই সভাত উপস্থিত নাই।

O --- কিছুমান সদস্য় নহয় এনে যিসকল সভাত উপস্থিত আছে।


১০। E বচনলৈ পৰিৱৰ্তন কৰোতে কি ৰূপে ব্য়ৱহাৰ কৰা হয় আৰু কি ৰূপত প্ৰকাশ কৰা হয় ?

উত্তৰঃ E বচনলৈ পৰিৱৰ্তন কৰোতে আশ্ৰয় বাক্য়ৰ উদ্দেশ্য়ৰ বিৰুদ্ধ পদটো সিদ্ধান্তৰ উদ্দেশ্য় ৰূপে ব্য়ৱহাৰ কৰা হয় আৰু সংযোজক নঞৰ্থক ৰূপত কৰা হয়।



Type By-  Janmoni Hazarika