পদৰ ব্য়াপ্ততা

খণ্ড ২ অধ্য়ায়- ৪


১। তৰ্কবিজ্ঞানসন্মত বচনসমূহৰ ক্ষেত্ৰত কি কি অংশ আৰু কেনেকুৱা ৰূপত প্ৰকাশ কৰিব লাগে ?

উত্তৰঃ তৰ্কবিজ্ঞানসন্মত বচনসমূহৰ ক্ষেত্ৰত উদ্দেশ্য়, বিধেয়, সংযোজক আদি অংশসমূহ সদায় স্পষ্ট আৰু ক্ৰমিক ৰূপত প্ৰকাশ কৰিব লাগে।


২। ব্য়াপ্ত পদ কাক বোলে ?

উত্তৰঃ যেতিয়া এটা পদে ইয়াৰ সমগ্ৰ বাচ্য়াৰ্থ বা পৰিমাণ বুজায় তেতিয়া সেই পদটোক ব্য়াপ্ত পদ বুলি কোৱা হয়।


৩। অব্য়াপ্ত পদ বুলি কাক বোলা হয় ?

উত্তৰঃ উদ্দেশ্য় বা বিধেয় কোনো এটা পদে যেতিয়া আংশিক বাচ্য়াৰ্থ বা পৰিমাণ সূচায় তেতিয়া পদটোক অব্য়াপ্ত বুলি কোৱা হয় ।


৪। সামান্য় নঞৰ্থক বা E বচনৰ ক্ষেত্ৰত কি বচন সমগ্ৰ বাচ্য়াৰ্থৰ অৰ্থত গ্ৰহণ কৰা হয় ? 

উত্তৰঃ সামান্য় নঞৰ্থক বা E বচনৰ ক্ষেত্ৰত উদ্দেশ্য় পদটো সমগ্ৰ বাচ্য়াৰ্থৰ অৰ্থত গ্ৰহণ কৰা হয়।


৫। উদ্দেশ্য় আৰু বিধেয় দুয়োটা পদেই ব্য়াপ্ত কোনটো পদত হয় ?

উত্তৰঃ E বচনত উদ্দেশ্য় আৰু বিধেয় দুয়োটা পদেই ব্য়াপ্ত হয়।


৬। I বচনত উদ্দেশ্য় আৰু বিধেয় উভয়েই কি পদ ?

উত্তৰঃ I বচনত উদ্দেশ্য় আৰু বিধেয় উভয়েই অব্য়াপ্ত পদ।


৭। প্ৰদত্ত আলোচনাৰ পৰা আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো। তাৰ পৰা দুটা বাক্য় লিখা।

উত্তৰঃ ১। সামান্য় সদৰ্থক বা A বচনত উদ্দেশ্য় ব্য়াপ্ত বিধেয় অব্য়াপ্ত।

২। সামান্য় নঞৰ্থক বা E বচনত উদ্দেশ্য় বিধেয় দুয়োটা ব্য়াপ্ত।


৮। বিশেষ সদৰ্থক বা I বচনত এটাও কি পদ নহয় ?

উত্তৰঃ বিশেষ সদৰ্থক বা I বচনত এটা পদ ব্য়াপ্ত নহয়।


৯। সামান্য় সদৰ্থক বা A বচনত উদ্দেশ্য় আৰু বিধেয় কি কি পদ হয় ?

উত্তৰঃ সামান্য় সদৰ্থক বা A বচনত উদ্দেশ্য় ব্য়াপ্ত আৰু বিধেয় অব্য়াপ্ত পদ হয়।


১০। I বচনৰ উদাহৰণ -- ' কিছুমান মানুহ হয় জ্ঞানী ' এই বচনটো কোন কি পদ লিখ।

উত্তৰঃ 'কিছুমান মানুহ হয় জ্ঞানী ' এই বচনটোৰ উদ্দেশ্য় পদ 'মানুহ ' অব্য়াপ্ত কাৰণ ই 'কিছুমান' পৰিমাণকেৰে নিৰ্দেশিত হা আংশিক বাচ্য়াৰ্থ সূচাইছে।



Type By- Janmoni Hazarika