অনুমান

তৃতীয় খণ্ড অধ্য়ায়- ১


১। অনুমান কি ? ক্ৰিয়া কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ অনুমান হ'ল একপ্ৰকাৰৰ মানসিক ক্ৰিয়া। সাধাৰণতে মানসিক ক্ৰিয়া তিনি প্ৰকাৰৰ-- চিন্তা, ইচ্ছা আৰু অনুভূতি ।


২। অনুমান কাক বোলে বুজায় লিখা।

উত্তৰঃ যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা এক বা একাধিক জ্ঞাত সত্য়ৰ ভিত্তিত কোনো অজ্ঞাত নতুন সত্য়ত উপনীত হোৱা যআয় তাক অনুমান বুলি কোৱা হয়।


৩। তৰ্কবিজ্ঞানৰ মূল আলোচ্য় বিষয় কি ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ মূল আলোচ্য় বিষয় হ'ল যুক্তি।


৪। প্ৰত্য়েক যুক্তিতে দুটা অংশ থাকে । সেই কেইটা কি কি ?

উত্তৰঃ প্ৰত্য়েক যুক্তিতে দুটা অংশ থাকে --- আধাৰ বচন বা যুক্তিবাক্য় বা আশ্ৰয়বাক্য় আৰু সিদ্ধান্ত।


৫। আগমন অমুমান কাক বোলে ? এটা উদাহৰণ লিখা।

উত্তৰঃ যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য় সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে। যেনে- হৰি হয় মৰণশীল।


৬।  নিগমন অনুমানৰ দুটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ নিগমন অনুমান দুটা বৈশিষ্ট্য় হ'ল--

(ক) সিদ্ধান্তটো এক বা একাধিক আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত হয়।

(খ) সিদ্ধান্তটো আশ্ৰয়বাক্য়ত নিহিত হৈ থাকে আৰু আশ্ৰয়বাক্য়ৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয়।


৭। আগমন অনুমানৰ দুটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ আগমন অনুমানৰ দুটা বৈশিষ্ট্য় হ'ল-

(ক) সিদ্ধান্ত সদায় একাধিক আশ্ৰয়বাক্য়ৰ পৰা নিঃসৃত হয়।

(খ) সিদ্ধান্তটো আশ্ৰয়বাক্য়ত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত আশ্ৰয়বাক্য়ৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত নহয়।


৮। অমাধ্য়ম অনুমানৰ দুটা প্ৰধান প্ৰকাৰ কি কি ?

উত্তৰঃ অমাধ্য়ম অনুমানৰ দুটা প্ৰধান প্ৰকাৰ হ'ল -- সমবৰ্তন আৰু প্ৰতিবৰ্তন।


৯। সমবৰ্তনৰ ক্ষেত্ৰত মানিব লগীয়া তিনিটা নিয়মৰ নাম লিখা ।

উত্তৰঃ (১) আশ্ৰয়বাক্য়ৰ উদ্দেশ্য় সিদ্ধান্তৰ বিধেয় হ'ব।

(২) আশ্ৰয়বাক্য়ৰ বিধেয় সিদ্ধান্তৰ উদ্দেশ্য় হ'ব।

(৩) আশ্ৰয়বাক্য়ত ব্য়াপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্য়াপ্ত হ'ব নোৱাৰিব।


১০। E বচনৰ সমবৰ্তনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ E- কোনো মানুহ নহয় দেৱতা (সমবৰ্তনীয় বচন)

এতেকে E- কোনো দেৱতা নহয় মানুহ (সমবৰ্তিত বচন) 


১১। O বচনৰ সমবৰ্তন কৰিলে কি ৰূপ পোৱা যায় ?

উত্তৰঃ  O বচনৰ সমবৰ্তন কৰিলে নিম্নলিখিত ৰূপ পোৱা যায়। 


১২। সমবৰ্তনৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰঃ সমবৰ্তন দুই প্ৰকাৰৰ যেনে- সৰল সমবৰ্তন আৰু অসৰল সমবৰ্তন।


১৩। সৰল সমবৰ্তন কাক বোলে ?

উত্তৰঃ যি সমবৰ্তনত আশ্ৰয়বাক্য় আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাক সৰল সমবৰ্তন বোলে।


১৪। E আৰু I ক সৰল সমবৰ্তন কৰিব পাৰি নে ?

উত্তৰঃ E বচনৰ সৰল সমবৰ্তন (E - E)

E - কোনো মানুহ নহয় অমৰ (সমবৰ্তনীয় বচন)

এতেকে E- কোনো অমৰ নহয় মানুহ (সমবৰ্তিত বচন)

উদাহৰণটোত দুয়োটা বচনেই সামান্য় বচন (E - E) গতিকে কথা হ'ল E বচনক সৰল সমবৰ্তন কৰিব পাৰি।


১৫। অসৰল সমবৰ্তন বা পৰিমিত সমবৰ্তন কাক বোলে ?

উত্তৰঃ যি সমবৰ্তনত আশ্ৰয়বাক্য় আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাকে অসৰল সমবৰ্তন বোলে।


১৬। প্ৰতিবৰ্তন কাক বোলে ? 

উত্তৰঃ যি অমাধ্য়ম অনুমানত প্ৰদত্ত বচন বা আশ্ৰয়বাক্য়ৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ কেৱলমাত্ৰ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাকেই প্ৰতিবৰ্তন বোলে।


১৭। প্ৰতিবৰ্তনৰ নিয়ম দুটা লিখা।

উত্তৰঃ ১। আশ্ৰয়বাক্য়ৰ উদ্দেশ্য় পদ সিদ্ধান্তত উদ্দেশঅয় পদ হ'ব ।

২। আশ্ৰয়বাক্য়ৰ বিধেয় পদৰ বিৰুদ্ধপদ সিদ্ধান্তত বিধেয় পদ হ'ব।


১৮। A ---- সকলো মানুহ হয় মৰণশীল জীৱ (প্ৰতিবৰ্তনীয় বচন)

এতেকে E ---- কোনো মানুহ নহয় অমৰণশীল জীৱ (প্ৰতিবৰ্তিত বচন)  এই প্ৰবৰ্তনটোত কোনটো কি পদ চিনাক্ত কৰা।

উত্তৰঃ ইয়াত আশ্ৰয়বাক্য়ৰ উদ্দেশ্য়পদ (মানুহ) সিদ্ধান্তত উদ্দেশ্য় হৈছে। আশ্ৰয়বাক্য়ৰ বিধেয়ৰ (মৰণশীল) বিৰুদ্ধপদ (অমৰণশীল) সিদ্ধান্তৰ বিধেয়পদ হৈছে। গুণৰ পৰিবৰ্তন হৈছে। আশ্ৰয়বাক্য় সদৰ্থক, কিন্তু সিদ্ধান্ত নঞৰ্থক। পৰিমাণৰ পাৰ্থক্য় হোৱা নাই, কাৰণ দুয়োটা বচনেই সাৰ্বিক বচন বা সামান্য় বচন।


১৯। কিছুমান মানুহ জ্ঞানী। এই বচনটো প্ৰতিবৰ্তন কৰা।

উত্তৰঃ I-- কিছুমান মানুহ হয় জ্ঞানী (প্ৰতিবৰ্তনীয় বচন) 

এতেকে O-- কিছুমান মানুহ নহয় অজ্ঞানী (প্ৰতিবৰ্তিত বচন)


২০। মানুহ মাত্ৰেই মৰণশীল। এই বচনটো প্ৰতিবৰ্তন কৰা।

উত্তৰঃ A -- সকলো মানুহ হয় মৰণশীল (প্ৰতিবৰ্তনীয় বচন)

এতেকে E -- কোনো মানুহ নহয় মৰণশীল (প্ৰতিবৰ্তিত বচন)



Type By- Janmoni Hazarika



Post ID: DABP004187