ভাৱবাদ

অষ্টম খণ্ড অধ্য়ায়- ২


১। ভাৱবাদৰ সমৰ্থক দাৰ্শনিক কেইগৰাকীৰ নাম লিখা ।

উত্তৰঃ ভাৱবাদৰ সমৰ্থক দাৰ্শনিক কেইগৰাকীৰ নাম-- গ্ৰীক দাৰ্শনিক প্লেটো, বাৰ্কলি, হেগেল, ইমানুৱেল কাণ্ট আদি।


২। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গ্ৰীক দাৰ্শনিক প্লেটোক ভাৱবাদৰ কি বুলি ক'ব পাৰি ?

উত্তৰঃ ঐতিহাসিক দৃষ্টিকোণৰ পৰা গ্ৰীক দাৰ্শনিক প্লেটোক ভাৱবাদৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি।


৩। ভাৱবাদ কাক বোলে ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰস্বৰূপ সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞেয় বস্তুৰ স্বতন্ত্ৰ, মননিৰপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাক ভাৱবাদ বোলে।


৪। ভাৱবাদ অনুসৰি সকলোবোৰ বস্তু কিহৰ ওপৰত নিৰ্ভৰশীল ?

উত্তৰঃ ভাৱবাদ অনুসৰি সলোবোৰ বস্তু মনৰ ওপৰত নিৰ্ভৰশীল।


৫। কাৰ দিনৰে পৰা ভাৱবাদে আধ্য়াত্মিকতাৰ পূষ্ঠপোষকতা কৰি আহিছে ?

উত্তৰঃ দাৰ্শনিক প্লেটোৰ দিনৰে পৰা ভাৱবাদে আধ্য়াত্মিকতাৰ পূষ্ঠপোষকতা কৰি আহিছে।


৬। ভাৱবাদে কাক কাক বিশ্বাস কৰে ?

উত্তৰঃ ভাৱবাদে ঈশ্বৰ, আত্মা, মন আদিক বিশ্বাস কৰে।


৭। ভাৱবাদীসকলে ঈশ্বৰ, আত্মা আৰু মনক কি বুলি গণ্য় কৰে ?

উত্তৰঃ ভাৱবাদীসকলে ঈশ্বৰ, আত্মা আৰু মনক সত্তা বুলি গণ্য় কৰে।


৮। ঈশ্বৰ এই জগতৰ কি ?

উত্তৰঃ ঈশ্বৰ এই জগতৰ মূল লক্ষ্য় আৰু চালিকা শক্তি।


৯। ভাৱবাদসকলৰ মতে আত্মজ্ঞান কি ?

উত্তৰঃ ভাৱবাদসকলৰ মতে আত্মজ্ঞান হ'ল পৰম প্ৰমূল্য়।


১০। নৈতিক কৰ্তাই কি আৱিষ্কাৰ কৰে ?

উত্তৰঃ নৈতিক কৰ্তাই প্ৰমূল্য় আৱিষ্কাৰ কৰে।



Type By- Janmoni Hazarika




Post ID: DABP004327