দৰ্শন 

পঞ্চম খণ্ড অধ্য়ায়-১


১। দৰ্শনক ইংৰাজীত কি বোলে ?

উত্তৰঃ দৰ্শনক ইংৰাজীত Philosophy বোলে।


২। 'Philosophy' শব্দৰ অৰ্থ কি ?

উত্তৰঃ 'Philos' শব্দৰ অৰ্থ প্ৰীতি বা অনুৰাগ আৰু 'Sopiha' শব্দৰ অৰ্থ হ'ল জ্ঞান। গতিকে Philosophy শব্দৰ অৰ্থ হ'ল 'জ্ঞানৰ প্ৰতি অনুৰাগ' ।


৩। দৰ্শনৰ উদ্দেশ্য় কি ?

উত্তৰঃ জগত আৰু জীৱনৰ প্ৰকৃত স্বৰূপ অন্বেষণ কৰাই দৰ্শনৰ উদ্দেশ্য়।


৪। দৰ্শন কাক বোলে ?

উত্তৰঃ সাধাৰণতে, ইন্দ্ৰিয় প্ৰত্য়ক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ আৰু ইয়াৰ মূল্য় নিৰ্ধাৰণ কৰা ব্য়াখ্য়াকে দৰ্শন বোলে।


৫। বিজ্ঞানে বিশ্বজগতক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি ?

উত্তৰঃ বিজ্ঞানে বিশ্বজগতক চাৰিটা ভাগত ভাগ কৰিছে। যেনে- জড়বিজ্ঞান, জীৱবিজ্ঞান, সামাজিক বিজ্ঞান আৰু চিন্তাৰ আকাৰগত বিজ্ঞান আদি।


৬। দৰ্শন আৰু বিজ্ঞানৰ উৎপত্তি কেনেকৈ হৈছিল ?

উত্তৰঃ দৰ্শন আৰু বিজ্ঞান দুয়োৰে উদ্দেশ্য় একে। অভিজ্ঞতালদ্ধ জগতখনৰ ব্য়াখ্য়া দিবলৈ উভয়ে কৰা চেষ্টাৰ ফলতে দৰ্শন আৰু বিজ্ঞানৰ উৎপত্তি হৈছিল। 


৭। বিজ্ঞানে প্ৰকৃতি জগতৰ কোনো এটা বিষয়ৰ সুনিশ্চিত যথাৰ্থ সাৰ্বিক জ্ঞান লাভৰ বাবে কি কি ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ বিজ্ঞানে প্ৰকৃতি জগতৰ কোনো এটা বিষয়ৰ সুনিশ্চিত যথাৰ্থ সাৰ্বিক জ্ঞান লাভৰ বাবে নিৰীক্ষণ, পৰীক্ষণ আৰু আগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে।


৮। বস্তুৰ সত্তাৰ জ্ঞান কিহৰ দ্বাৰা পাব পাৰি ?

উত্তৰঃ বস্তুৰ সত্তাৰ জ্ঞান যুক্তিবিচাৰৰ দ্বাৰা পাব পাৰি।


৯। বিজ্ঞানে নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে সিদ্ধান্তত উপনীত হয় বাবে কি বুলি প্ৰমাণিক কৰা হয় ?

উত্তৰঃ বিজ্ঞানে নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে সিদ্ধান্তত উপনীত হয় বাবে সাধাৰণতে বিজ্ঞানলদ্ধ সিদ্ধান্ত সঁচা বুলি প্ৰমাণিত কৰা হয়।


১০। দৰ্শনে জগতৰ সামগ্ৰিক ব্য়াখ্য়া দিয়াৰ উপৰিও আৰু কি কৰে ?

উত্তৰঃ দৰ্শনে জগতৰ সামগ্ৰিক ব্য়াখ্য়া দিয়াৰ উপৰিও তাৰ মূল্য় নিৰূপণো কৰে।


১১। পৰমসত্তা কাক বোলা হয় ?

উত্তৰঃ প্ৰতিভাসিক জগতৰ অন্তৰালত আন এক প্ৰকৃত জগত বা সত্য় আছে যাক পৰমসত্তা বোলা হয়।


১২। অধ্য়াপক ওৱেবাৰে বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধক কিহৰ সম্বন্ধৰ লগত তুলনা কৰিছে ?

উত্তৰঃ অধ্য়াপক ওৱেবাৰে বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধক দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে।


১৩। ওৱেবাৰে দেহ আৰু আত্মা মানে কি বুজাইছে ?

উত্তৰঃ যেনেকৈ দেহৰ অবিহনে আত্মাৰ অস্তিত্ব নাই বা আত্মাৰ অবিহনে দেহৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি; ঠিক তেনেকৈ বিজ্ঞান অবিহনে দৰ্শন আৰু দৰ্শন অবিহনে বিজ্ঞান আধৰুৱা আৰু অসম্পূৰ্ণ বুলি অভিহিত কৰিছে।


১৪। দৰ্শনৰ পৰিসৰ বুলিলে কিহক বুজায় ?

উত্তৰঃ দৰ্শনৰ পৰিসৰ বুলিলে দৰ্শনৰ অধ্য়য়ন ক্ষেত্ৰত সন্নিৱিষ্ট বিষয়সমূহকে বুজায়।


১৫। দৰ্শনক তিনিটা শাখাত ভাগ কৰা হৈছে। সেইকেইটা কি কি ?

উত্তৰঃ দৰ্শনক কেইটা শাখাত ভাগ কৰা হৈছে। সেইকেইটা হ'ল- (1) জ্ঞানবিদ্য়া বা জ্ঞানমীমাংসা (Epistemology)

(2) অধিবিদ্য়া (Metaphysics)

(3) প্ৰমূল্য়বিদ্য়া (Axiology)


১৬। Epistemology ৰ অৰ্থ কি ?

উত্তৰঃ 'Episteme' শব্দৰ অৰ্থ জ্ঞান আৰু 'Logos' শব্দৰ অৰ্থ বিদ্য়া বা বিজ্ঞান। গতিকে 'Epistemology' শব্দৰ ব্য়ুৎপত্তিগত অৰ্থ হৈছে জ্ঞানবিদ্য়া বা জ্ঞানবিজ্ঞান।


১৭। জ্ঞানবিদ্য়া বা জ্ঞানমীমাংসা কাক বোলে ?

উত্তৰঃ দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্য়াদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মতভাৱে আলোচনা কৰে তাকে জ্ঞানবিদ্য়া বা জ্ঞানমীমাংসা বোলে।


১৮। কাণ্টে দৰ্শন আৰু বিজ্ঞানৰ বিষয়ে কি কৈছিল ?

উত্তৰঃ কাণ্টে কৈছিল 'দৰ্শন হৈছে জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু সমালোচনা' ।


১৯। অৱভাস কাক বোলে ?

উত্তৰঃ জগতৰ বাহ্য়িক ৰূপকেই অৱভাস বোলে।


২০। প্ৰমূল্য়বিজ্ঞানৰ আন এটা নাম কি ?

উত্তৰঃ প্ৰমূল্য়বিজ্ঞানৰ আন এটা নাম হৈছে আদৰ্শবিজ্ঞান।



Type By- Janmoni Hazarika

Post Id: DABP004287