স্বাধীনতা

দ্বিতীয় অধ্য়ায় 
১) লিবাৰ্টি শব্দটো ক'ৰ পৰা আহিছে?

উত্তৰঃ লিবাৰ্টি শব্দটো লেটিন শব্দ লিবাৰৰ পৰা আহিছে।

২) ৰাজনীতি বিজ্ঞানত স্বাধীনতাৰ দিশ কেইটা আৰু কি কি?

উত্তৰঃ ৰাজনীতি বিজ্ঞানত স্বাধীনতাৰ দিশ দুটা। জাতীয় স্বাধীনতা আৰু ব্যক্তিগত স্বাধীনতা।

৩) গান্ধীবাদৰ অন্য়তম এটা ধাৰণাৰ নাম লিখা।

উত্তৰঃ স্বাধীনতা বা স্বৰাজ।

৪) স্বাধীনতাৰ অৰ্থ কি?

উত্তৰঃ সামাজিক তথা ৰাষ্ট্ৰীয় বাধা-নিষেধসমূহক নিম্ন পৰ্যায়লৈ হ্ৰাস কৰা।

৫) সংকীৰ্ণ অৰ্থত উদাৰতাবাদ কি?

উত্তৰঃ ব্যক্তিৰ পৌৰ, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতাৰ অবাধ প্ৰকাশ।

৬) ভাৰতীয় সংবিধানত কিমান অনুচ্ছেদৰ স্বাধীনতাৰ অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ ১৯, ২০, ২১ আৰু ২২ ত।

৭) ৰাষ্ট্ৰীয় স্বাধীনতাই কি বুজায়?

উত্তৰঃ কোনো এখন দেশক আন দেশৰ তলতীয়া নোহোৱা অৱস্থাক বুজায়।

৮) অৰ্থনৈতিক স্বাধীনতা কাক বোলে?

উত্তৰঃ অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱা স্বাধীনতাক অৰ্থনৈতিক স্বাধীনতা বোলে।

৯) নাগৰিক স্বাধীনতা সংৰক্ষণৰ প্ৰথম আৰু প্ৰধান উপায় কি?

উত্তৰঃ সংবিধান।

১০) ব্যক্তিস্বাধীনতা ৰক্ষাৰ এটা উপায় লিখা।

উত্তৰঃ সুসংগঠিত ৰাজনৈতিক দল।

১১) ব্যক্তিগত স্বাধীনতা কি?

উত্তৰঃ ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকসকলে ব্যক্তিগতবাৱে উপভোগ কৰিব পৰা আছুতীয়া স্বাধীনতা।

১২) আধুনিক উদাৰতাবাদৰ প্ৰধান পৃষ্ঠপোষকসকল কোন কোন?

উত্তৰঃ জন ষ্টুৱাৰ্ট মিল, টি. এইচ গ্ৰীণ, আৰ. এম.  মেকাইভাৰ, হ্য়াৰল্ড লাস্কি আদি।

১৩) আধুনিক উদাৰতাবাদৰ মূল নীতি দুটাৰ নাম লিখা।

উত্তৰঃ প্ৰাকৃতিক অধিকাৰ আৰু ধৰ্ম নিৰপেক্ষতা। 

১৪) নেতিবাচক স্বাধীনতাৰ মূলমন্ত্ৰ কি?

উত্তৰঃ প্ৰত্য়েকজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ ভালদৰে বুজা।

১৫) স্বাধীনতাৰ নেতিবাচক ধাৰণাই কিমান শতিকাত এক ঐতিহাসিক ভূমিকা পালন কৰিছিল?

উত্তৰঃ সপ্তদশ আৰু অষ্টাদশ শতিকাত।

১৬) নেতিবাচক স্বাধীনতা কেনেকুৱা?

উত্তৰঃ চূড়ান্ত আৰু অ-নিয়ন্ত্ৰিত।

১৭) নেতিবাচক স্বাধীনতাৰ ধাৰণাই ৰাষ্ট্ৰক কি হিচাপে বিবেচনা কৰে?

উত্তৰঃ ব্যক্তিস্বাধীনতাৰ পৰিপন্থী হিচাপে বিবেচনা কৰে।

১৮) উদাৰতাবাদৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ উদাৰতাবাদৰ জন্ম গ্ৰীচ দেশত হৈছিল।

১৯) উদাৰতাবাদৰ কেন্দ্ৰস্থল বুলি কাক কোৱা হয়?

উত্তৰঃ ইংলেণ্ড আৰু ফ্ৰান্সক।

২০) সনাতন উদাৰতাবাদে কাৰ ওপৰত প্ৰাধান্য় দিয়ে?

উত্তৰঃ আন্তৰ্জাতিক স্বাধীনতাৰ ওপৰত প্ৰাধান্য় দিয়ে।

২১) ইতিবাচক উদাৰতাবাদক কি বুলি জনা যায়?

উত্তৰঃ ইতিবাচক উদাৰতাবাদক আধুনিক উদাৰতাবাদ বা নতুন উদাৰতাবাদ বুলি জনা যায়।

২২) স্বৰাজ মানে কি?

উত্তৰঃ স্বৰাজ মানে নিজকে শাসন কৰা। 

২৩) স্বাধীনতাৰ হকে সংগ্ৰাম কৰা কুৰি শতিকাৰ দুজন ব্যক্তিৰ নাম লিখা।

উত্তৰঃ নেলচন মেণ্ডেলা আৰু মহামানৱ মহাত্মা গান্ধী।

২৪) বৰ্মমান নাগৰিকসকলৰ অন্য়তম শ্ৰেষ্ঠ অধিকাৰ কি?

উত্তৰঃ বাক্-স্বাধীনতা।

২৫) মানুহৰ বাক্-স্বাধীনতা নাথাকিলে কি হ'ব নোৱাৰে?

উত্তৰঃ কোনো ৰাষ্ট্ৰই সফল গণতন্ত্ৰ হ'ব নোৱাৰে।

২৬) প্ৰাকৃতিক স্বাধীনতা কাক বোলে?

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল তাক প্ৰাকৃতিক স্বাধীনতা বোলে।

২৭) ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক কি বুলিব পাৰি?

উত্তৰঃ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক ৰাষ্ট্ৰীয় স্বাধীনতা বুলিব পাৰি।

২৮) উদাৰতাবাদৰ প্ৰধান দিশ কেইটা?

উত্তৰঃ উদাৰতাবাদৰ প্ৰধান দিশ দুটা।

২৯) ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত নাগৰিকসকলে কি কৰিবলৈ সুবিধা পায়?

উত্তৰঃ প্ৰত্য়ক্ষভাৱে অংশগ্ৰহণ কৰাৰ সুবিধা পায়।

৩০) লিবাৰ শব্দটিৰ অৰ্থ কি?

উত্তৰঃ মুক্ত বা স্বাধীন অৱস্থা।

৩১) উদাৰতাবাদক কিছুমানে কি বুলি কয়?

উত্তৰঃ উদাৰতাবাদক কিছুমানে মানৱতাবাদৰ দৰ্শন বুলি কয়।

৩২) নাগৰিকে কৰ পৰা নাগৰিক স্বাধীনতা পায়?

উত্তৰঃ নাগৰিকে ৰাষ্ট্ৰৰ পৰাই নাগৰিক স্বাধীনতা পায়।

৩৩) লিখিত সংবিধান নাথাকিলে কি কৰিব পৰা নাযায়?

উত্তৰঃ মৌলিক অধিকাৰক সন্নিৱিষ্ট কৰিব পৰা নাযায়।

৩৪) স্বাধীন ন্য়ায়পালিকাই কাক সহায় কৰিব পাৰে?

উত্তৰঃ নাগৰিক স্বাধীনতাক সুৰক্ষা দিয়াত সহায় কৰিব পাৰে।

৩৫) সভ্য়তাৰ ক্ৰমোন্নতিৰ লগে লগে মানুহৰ মাজত কিহৰ উদ্ভৱ হয়?

উত্তৰঃ সভ্য়তাৰ ক্ৰমন্নোতিৰ লগে লগে মানুহৰ মাজত নিয়ম-কানুনৰ উদ্ভৱ হয়।

৩৬) স্বাধীনতাৰ অধিকাৰ অবিহনে গণতন্ত্ৰৰ কি থাকিব নোৱাৰে?

উত্তৰঃ স্বাধীনতাৰ অধিকাৰ অবিহনে গণতন্ত্ৰৰ কোনো ইতিবাচক ফলশ্ৰুতি থাকিব নোৱাৰে।

৩৭) ব্য়াপক অৰ্থত উদাৰতাবাদ কি?

উত্তৰঃ ব্য়াপক অৰ্থত উদাৰতাবাদ হ'ল বুদ্ধিগত, নীতিগত, সামাজিক, অৰ্থনৈতিক সম্পৰ্কৰ বিকাশ সাধনৰ প্ৰচেষ্টা।

৩৮) উদাৰতাবাদক কি ধাৰণা বুলি অভিহিত কৰা হৈছে?

উত্তৰঃ উদাৰতাবাদক প্ৰতিক্ৰিয়াশীল ধাৰণা বুলি অভিহিত কৰা হৈছে।

৩৯) উদাৰতাবাদক সমালোচকসকলে কিহৰ দৰ্শন বুলি অভিহিত কৰে?

উত্তৰঃ পুঁজিপুতিৰ দৰ্শন বুলি অভিহিত কৰে।

৪০) ব্যক্তিস্বাধীনতাৰ ওপৰত চৰকাৰী হস্তক্ষেপৰ প্ৰতিষেধকৰূপে কোনে কাম কৰে?

উত্তৰঃ সংবিধানে কাম কৰে। 

৪১) কেনেকুৱা দেশসমূহত মৌলিক অধিকাৰৰ ব্য়ৱস্থা কৰিব পাৰি?

উত্তৰঃ লিখিত সংবিধান থকা দেশসমূহত মৌলিক অধিকাৰৰ ব্য়ৱস্থা কৰিব পাৰি।

৪২) ইতিবাচক স্বতন্ত্ৰতাৰ প্ৰধান বৈশিষ্ট্য় কি?

উত্তৰঃ নিয়ন্ত্ৰণ।

৪৩) নেতিবাচক স্বাধীনতাৰ ধাৰণাই ৰাষ্ট্ৰক কি হিচাপে বিবেচনা কৰে?

উত্তৰঃ ব্য়ক্তিস্বাধীনতাৰ পৰিপন্থী হিচাপে বিবেচনা কৰে।

৪৪) সনাতন উদাৰতাবাদৰ দুটা মূল নীতি লিখা।

উত্তৰঃ নাগৰিক স্বাধীনতা আৰু ব্যক্তিস্বাধীনতা।

৪৫) সনাতন উদাৰতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা এক প্ৰতিবাদ আন্দোলন কি?

উত্তৰঃ আধুনিক উদাৰতাবাদ।

৪৬) উদাৰতাবাদ কিহৰ বিৰোধী?

উত্তৰঃ উদাৰতাবাদ সমাজতন্ত্ৰবাদ বিৰোধী।

৪৭) মধ্য়যুগীয় ধৰ্মবিশ্বাস আৰু মূল্য়বোধৰ বিৰুদ্ধে ধৰ্মসংস্কাৰ আন্দোলনৰ সূচনা ক'ত হয়?

উত্তৰঃ ইংলেণ্ডত।

৪৮) ব্যক্তিগত স্বাধীনতা কি?

উত্তৰঃ ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকসকলে ব্য়ক্তিগতভাৱে উপভোগ কৰিব পৰা আছুতীয়া স্বাধীনতা।

৪৯) "স্বাধীনতা হ'ল সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণা" - কথাষাৰ কোনে কৈছিল?

উত্তৰঃ অধ্য়াপক চিলিয়ে।

৫০) দক্ষিণ আফ্ৰিকাৰ সংগ্ৰামী নেলচন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ লং ৱাক টু ফ্ৰীডম।

                                                
Author: Chinmay Kakati
Edit By- Mandira Saha