জাতীয়তাবাদ

সপ্তম অধ্য়ায়

১) ইতিহাসৰ গতি নিৰ্ণয় কৰা আটাইতকৈ শক্তিশালী ৰাজনৈতিক সিদ্ধান্ত কি?

উত্তৰঃ জাতীয়তাবাদ।

২) জাতীয়তাবাদৰ মূল নীতি কি?

উত্তৰঃ জাতীয়তাবাদৰ মূল নীতি হ'ল- নিজে জীয়াই থকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া।

৩) জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে কি সৃষ্টি কৰে?

উত্তৰঃ জাতীয়তাবাদৰ ধাৰণাই গণতন্ত্ৰৰ বাবে অনূকুল পৰিবেশ সৃষ্টি কৰে।

৪) উগ্ৰ জাতীয়তাবাদ কাৰ বিৰোধী?

উত্তৰঃ উগ্ৰ জাতীয়তাবাদ গণতন্ত্ৰ বিৰোধী।

৫) ইংৰাজী ভাষাৰ নেচন শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে?

উত্তৰঃ ইংৰাজী ভাষাৰ নেচন শব্দটো লেটিন ভাষাৰ শব্দ 'নেচো' ৰ পৰা উদ্ভৱ হৈছে।

৬) জাতি গঠনৰ উপাদানবোৰক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ জাতি গঠনৰ উপাদানবোৰক দুটা ভাগত ভগাব পাৰি।

৭) লৰ্ড ব্ৰাইছৰ মতে জাতি বুলিলে কি বুজায়?

উত্তৰঃ লৰ্ড ব্ৰাইছৰ মতে "জাতি বুলিলে ৰাজনৈতিকভাৱে সংগঠিত জাতীয় সমাজক বুজায়"।

৮) জাতিৰ আৱেগিক উপাদান কি?

উত্তৰঃ জাতিৰ আৱেগিক উপাদান হ'ল মানসিক অনূভুতি

৯) জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰে কাক সামৰি লয়?

উত্তৰঃ জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰে জাতিবিলাকৰ স্ব-নিয়ন্ত্ৰণ অৰ্থাৎ স্বাধীন ৰাষ্ট্ৰৰ অধিকাৰক সামৰি লয়।

১০) ৰাষ্ট্ৰৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান কি?

উত্তৰঃ ৰাষ্ট্ৰৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান হ'ল সাৰ্বভৌমত্ব।

১১) ৰাষ্ট্ৰৰ যন্ত্ৰ বা মুখপাত্ৰ কি?

উত্তৰঃ ৰাষ্ট্ৰৰ যন্ত্ৰ বা মুখপাত্ৰ হ'ল চৰকাৰ।

১২) ৰাজনৈতিক আকাংক্ষাই কি কৰে?

উত্তৰঃ ৰাজনৈতিক আকাংক্ষাই বহু সময়ত মানুহৰ জাতীয়তাৰ সৃষ্টি কৰে।

১৩) জাতীয়তাবাদ সৃষ্টিৰ মূল উৎস বুলি কাক কোৱা হয়?

উত্তৰঃ জাতীয়তাবাদ সৃষ্টিৰ মূল উৎস নৱজাগৰণৰ যুগ বুলি কোৱা হয়।

১৪) উগ্ৰ জাতীয়তাবাদ কিহৰ কাৰণে ক্ষতিকাৰক?

উত্তৰঃ উগ্ৰ জাতীয়তাবাদ বিশ্বশান্তিৰ কাৰণে ক্ষতিকাৰক।

১৫) উমৈহতীয়া বাসস্থান কি গঠনৰ এটা আৱশ্য়কীয় উপাদান?

উত্তৰঃ উমৈহতীয়া বাসস্থান জাতীয়তা গঠনৰ এটা আৱশ্য়কীয় উপাদান।

১৬) জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

১৭) গণতন্ত্ৰ কি?

উত্তৰঃ গণতন্ত্ৰ হ'ল এনে এক শাসন ব্য়ৱস্থা, জনসাধাৰণৰ দ্বাৰা গঠিত আৰু তেওঁলোকৰ স্বাৰ্থত পৰিচালিত চৰকাৰ।

১৮) জাতীয়তাৰ ভিত্তিত ৰাষ্ট্ৰ গঠন হ'লে কি হয়?

উত্তৰঃ জাতীয়তাৰ ভিত্তিত ৰাষ্ট্ৰ গঠন হ'লে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে সুস্থভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

১৯) জাতীয়তাবাদী ভাৱধাৰাই ক'ত মনোনিৱেশ কৰে?

উত্তৰঃ জাতীয়তাবাদী ভাৱৰাধাই দেশৰ অৰ্থনৈতিক উন্নয়নত মনোনিৱেশ কৰে।

২০) এজন বিশ্বমানৱৰ নাম লিখা।

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

২১) গণতান্ত্ৰিক ব্য়ৱস্থাত নাগৰিকৰ ৰাজনৈতিক পৰিচয়ে কি কৰে?

উত্তৰঃ গণতান্ত্ৰিক ব্য়ৱস্থাত নাগৰিকৰ ৰাজনৈতিক পৰিচয়ে অন্য়ান্য় পৰিচয়বিলাকক একগোট কৰি সামৰি লয়।

২২) "প্ৰত্য়েক জাতিৰ গুণৰাজিৰ বিকাশৰ জৰিয়তে মানৱ সমাজ আৰু সভ্য়তা সমৃদ্ধ হয়"- কাৰ মতানুসাৰে।

উত্তৰঃ মেটচিনিৰ মতানুসাৰে।

২৩) উগ্ৰ জাতীয়তাবাদে কাক জন্ম দিয়ে?

উত্তৰঃ উগ্ৰ জাতীয়তাবাদে সাম্ৰাজ্য়বাদৰ জন্ম দিয়ে।

২৪) জাতি গঠনৰ বাহ্য়িক উপাদান কি?

উত্তৰঃ জাতি গঠনৰ বাহ্য়িক উপাদান হৈছে কুলগত ঐক্য়, ভাষাগত ঐক্য, ধৰ্মীয় ঐক্য় আৰু ভৌগোলিক ঐক্য়।

২৫) যিকোনো জাতীৰ জীৱনৰ এটা মহৎ আদৰ্শ কি?

উত্তৰঃ জাতীয়াতাবাদ।

২৬) আন্তৰ্জাতিক সুসম্পৰ্ক স্থাপনত কোনে সহায় কৰে?

উত্তৰঃ আন্তৰ্জাতিক সুসম্পৰ্ক স্থাপনত জাতীয়তাবাদে সহায় কৰে।

২৭) জাতীতাবাদৰ দিশ কেইটা?

উত্তৰঃ জাতীয়তাবাদৰ দিশ দুটা।

২৮) লয়েডৰ মতে জাতীয়তাবাদ কি?

উত্তৰঃ লয়েডৰ মতে "জাতীয়তাবাদ হ'ল আধুনিক পৃথিৱীৰ ধৰ্মস্বৰূপ"।

২৯) জাতীয়তাবাদী ভাবধাৰাই শিক্ষা, সংস্কৃতি আৰু প্ৰমূল্য় সংৰক্ষণত কি যোগায়?

উত্তৰঃ জাতীয়তাবাদী ভাবধাৰাই শিক্ষা, সংস্কৃতি আৰু প্ৰমূল্য় সংৰক্ষণত ইন্ধন যোগায়।

৩০) ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিত সদায় কি সমালোচিত?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিত সদায় প্ৰেমৰ ভাাৱধাৰা সমালোচিত।

৩১) উগ্ৰ জাতীয়তাবাদৰ প্ৰেৰণাত শক্তিশালী ৰাষ্ট্ৰবিলাকে কি কৰে?

উত্তৰঃ সৰু সৰু দুৰ্বল ৰাষ্ট্ৰবিলাকৰ ওপৰত নিজৰ আধিপত্য় বিস্তাৰ কৰে।

৩২) জাতীয়তা সৃষ্টিৰ ক্ষেত্ৰত সম-উদ্ভৱ অৰ্থাৎ বংশগত ঐক্য়ৰ ওপৰত কি কৰা হয়?

উত্তৰঃ  জাতীয়তা সৃষ্টিৰ ক্ষেত্ৰত সম-উদ্ভৱ অৰ্থাৎ বংশগত ঐক্য়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

৩৩) জাতীয়তাবাদী ভাবধাৰাই কিমান শতিকাত ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ আৰু ৰাচিয়াৰ দৰে বৃহৎ ৰাষ্ট্ৰবোৰৰ ভাঙুনত বিশেষ অৰিহণা যোগাইছিল?

উত্তৰঃ কুৰি শতিকাত।

৩৪) "কোনো নিৰ্দিষ্ট ভূ-খণ্ডত একে উদ্দেশ্য়ৰে বাস কৰা কিছুমান লোকৰ সমষ্টিয়ে হৈছে জাতি"- কাৰ মতানুসাৰে?

উত্তৰঃ বাৰ্কাৰৰ মতানুসাৰে।

৩৬) জাতীয়তাবাদৰ মাজত অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাৰ্থ  একে হ'লে কি হয়?

উত্তৰঃ  সুস্থ-সবল জনমত গঠন কৰা সহজ হয়।

৩৭) জাতীয়তাবাদ মূলতঃ কি?

উত্তৰঃ এটা অনূভুতি যি এটা জাতিক বা জাতীয় জনসমাজক ঐখ্য়বদ্ধ কৰে আৰু জাতি এটাৰ মুক্তিক সহায় কৰে।

৩৮) জাতীয়তাবাদৰ ধাৰণাই একনায়কত্ববাদৰ অৱসান ঘটাই কি কৰে?

উত্তৰঃ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত জনসাধাৰণক উৎসাহিত কৰে।

৩৯) ভাষাই মানুহৰ মাজত কেনেকুৱা ভাব সৃষ্টি কৰাত ভালেখিনি বৰঙণি যোগায়?

উত্তৰঃ ভাষাই মানুহৰ মাজত একতাৰ ভাব সৃষ্টি কৰাত ভালেখিনি বৰঙণি যোগায়।

৪০) ভৌগোলিক সান্নিধ্য় কিহৰ এক গুৰুত্বপূৰ্ণ উপাদান?

উত্তৰঃ ভৌগোলিক সান্নিধ্য় জাতীয়তা গঠনৰ এক গুৰুত্বপূৰ্ণ উপাদান।

৪১) ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিয়ে কি কৰিছিল?

উত্তৰঃ সমগ্ৰ বিশ্বৰ সাহিত্য়-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিল।

৪২) ভাৰতীয় জাতীয়তাবাদৰ এক উজ্জ্বল নিদৰ্শন কি?

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত সকলোবোৰ বৈষম্য়তা নিৰ্বিশেষে প্ৰতিজন ভাৰতীয় নাগৰিকে বিদেশী শাসনৰ বিৰুদ্ধে অহিংস সংগ্ৰাম কৰা।

৪৩) আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি উড্ৰ উইলচন জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কি আছিল?

উত্তৰঃ উগ্ৰ সমৰ্থক।

৪৪) ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিভিন্ন ৰাজনৈতিক মতামৰ ভিতৰত কোনো আছিল অন্য়তম?

উত্তৰঃ জাতীয়তাবাদৰ ধাৰণা।

৪৫) উগ্ৰ জাতীয়তাবাদে এটা জাতিক অন্ধ আৱেগৰ দ্বাৰা ক'লৈ পৰিচালিত কৰে?

উত্তৰঃ উগ্ৰ জাতীয়তাবাদে এটা জাতিক অন্ধ আৱেগৰ দ্বাৰা সংকীৰ্ণ পথলৈ পৰিচালিত কৰে।

৪৬) জাতীয়তাবাদে কিহৰ পোষকতা কৰে?

উত্তৰঃ জাতীয়তাবাদে পৃথকতাবাদৰ পোষকতা কৰে।

৪৭) জাতীয়তাবাদৰ দিশ দুটাৰ নাম লিখা।

উত্তৰঃ আদৰ্শ জাতীয়তাবাদ আৰু উগ্ৰ জাতীয়তাবাদ।

৪৮) যিকোনো পৰাধীন দেশৰ বাবে জাতীয়তাবাদ কি?

উত্তৰঃ যিকোনো পৰাধীন দেশৰ বাবে জাতীয়তাবাদ হৈছে আসীৰ্বাদ-স্বৰূপ।

৪৯) কাৰ মতে জাতীয়তাবাদে ৰাষ্ট্ৰৰ অস্তিত্ব আৰু স্থায়িত্বক দৃঢ় কৰি সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ মাজত সংহতি স্থাপন কৰে?

উত্তৰঃ বাৰ্জেচৰ মতে।

৫০) জাতীয়তাই ৰাজনৈতিকভাৱে সংগঠিত হৈ কি কৰিব পাৰে?

উত্তৰঃ এটা জাতি গঠন কৰিব পাৰে। 

Author: Chinmay Kakati