অধিকাৰ

পঞ্চম অধ্য়ায়

১) সাধাৰণ অৰ্থত অধিকাৰ কি?

উত্তৰঃ সাধাৰণ অৰ্থত অধিকাৰ হ'ল কিছুমান কাম কৰা বা নকৰাৰ স্বাধীনতা।

২) ৰাজনৈতিক বিজ্ঞানত অধিকাৰ শব্দটো ক'ৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়?

উত্তৰঃ মানুহৰ চৰিত্ৰৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়।

৩)  ৰাষ্ট্ৰৰ বুনিয়াদ কি?

উত্তৰঃ ৰাষ্ট্ৰৰ বুনিয়াদ হৈছে মানুহৰ অধিকাৰবোৰ।

৪) বহল দৃষ্টিভংগীৰে চালে নাগৰিকৰ অধিকাৰক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি?

উত্তৰঃ বহল দৃষ্টিভংগীৰে চালে নাগৰিকৰ অধিকাৰক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি।

৫) নৈতিক অধিকাৰ কাক বোলা হয়?

উত্তৰঃ যিবোৰ অধিকাৰ নৈতিকতাৰ ফালৰ পৰা লক্ষ্য় কৰি সৃষ্টি কৰা হয় তাক নৈতিক অধিকাৰ বোলা হয়।

৬) ৰাষ্ট্ৰৰ পৰা স্বীকৃত অধিকাৰৰ ধাৰণা কেনেকুৱা?

উত্তৰঃ ৰাষ্ট্ৰৰ পৰা স্বীকৃত অধিকাৰৰ ধাৰণা বৰ ব্য়াপক।

৭) পৌৰ অধিকাৰ কাক বোলে?

উত্তৰঃ এখন সমাজত মুক্ত আৰু সভ্য় জীৱন-যাপনৰ বাবে অত্য়াৱশ্য়কীয় অধিকাৰবোৰক পৌৰ অধিকাৰ বোলে।

৮) মানৱ জীৱনত অন্য়তম চৰ্ত কি?

উত্তৰঃ মানৱ জীৱনত অন্য়তম চৰ্ত হ'ল অধিকাৰ।

৯) "আইনৰ আগত সমাধিকাৰ" এই অধিকাৰটো কি বুজায়?

উত্তৰঃ আইনৰ চকুত সকলো সমান ইয়াকে বুজায়।

১০) ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ মূল ভিত্তি কি?

উত্তৰঃ অৰ্থনৈতিক অধিকাৰ।

১১) সমাজৰ প্ৰাথমিক অনুষ্ঠান কি?

উত্তৰঃ পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক অনুষ্ঠান।

১২) আইনগত অধিকাৰ কাক বোলা হয়?

উত্তৰঃ যি অধিকাৰক ৰাষ্ট্ৰই স্বীকৃতি দিয়ে আৰু বলবৎ কৰে তাক আইগত অধিকাৰ বোলা হয়।

১৩) পৌৰ অধিকাৰবিলাকৰ ভিতৰত কোনটো অধিকাৰ আটাইতকৈ পূৰণি আৰু গুৰুত্বপূৰ্ণ?

উত্তৰঃ জীৱনৰ অধিকাৰ।

১৪) মানৱ জীৱনত মানসিক উৎকৰ্ষ সাধনত মূল ভেঁটি কি?

উত্তৰঃ চিন্তা আৰু মত প্ৰকাশৰ অধিকাৰ।

১৫) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কিমান চনত মানৱ অধিকাৰক সাৰ্বজনীনমানৱ অধিকাৰ হিচাপে ঘোষণা কৰিছে?

উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।

১৬) প্ৰকৃত জনমতৰ মূল ভিত্তি কি?

উত্তৰঃ দেশৰ সমূহীয়া স্বাৰ্থ পূৰণ।

১৭) স্বাধীনতাৰ অন্য়তম প্ৰহৰী কি?

উত্তৰঃ নিৰ্ভীক আৰু নিৰপে্ক্ষ বিচাৰ ব্য়ৱস্থা।

১৮) নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ প্ৰথম উপায় কি?

উত্তৰঃ সংবিধান।

১৯) মানুহৰ প্ৰাকৃতিক অধিকাৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছিল?

উত্তৰঃ মানুহৰ প্ৰাকৃতিক অধিকাৰবোৰক তিনিটা ভাগত ভাগ কৰা হৈছিল।

২০) সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা-পত্ৰখনক কি বুলি কোৱা হয়?

উত্তৰঃ মানৱ অধিকাৰ বিষয়ক প্ৰথম দস্তাবেজ বুলি কোৱা হয়।

২১) বৈধ অধিকাৰৰ ভেঁটি কি?

উত্তৰঃ বৈধ অধিকাৰৰ ভেঁটি হ'ল আইন।

২২) নাগৰিকৰ সৰ্বপ্ৰধান অৰ্থনৈতিক অধিকাৰ কি?

উত্তৰঃ কৰ্মৰ অধিকাৰ।

২৩) নাগৰিকৰ অধিকাৰ ৰক্ষাৰ এটা অন্য়তম উপায় কি?

উত্তৰঃ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। 

২৪) কিহৰ কাৰণে ক্ষমতা পৃথকীকৰণৰ বিশেষ প্ৰয়োজন?

উত্তৰঃ নাগৰিকৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে ক্ষমতা পৃথকীকৰণৰ বিশেষ প্ৰয়োজন।

২৫) অধিকাৰৰ লক্ষ্য় বা উদ্দেশ্য় কি?

উত্তৰঃ অধিকাৰৰ লক্ষ্য় বা উদ্দেশ্য় হ'ল জনকল্য়াণমুখী।

২৬) অধিকাৰে কিহৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়?

উত্তৰ- অধিকাৰে ৰাষ্ট্ৰই কি কৰা উচিত বা কি কৰা অনুচিত সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়।

২৭) আইনগত অধিকাৰক কেইটা ভাগত ভাগ কৰা হয়?

উত্তৰঃ আইনগত অধিকাৰক চাৰিটা ভাগত ভাগ কৰা হয়। 

২৮) যিকোনো ৰাষ্ট্ৰ এখনত প্ৰথম আৰু প্ৰধান অধিকাৰ কি?

উত্তৰঃ জীৱনৰ অধিকাৰ বা জীৱনৰ নিৰাপত্তাৰ অধিকাৰ।

২৯) নাগৰিকৰ ৰাজনৈতিক অধিকাৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ কি?

উত্তৰঃ ভোটদানৰ অধিকাৰ।

৩০)  অৰ্থনৈতিক অধিকাৰে কাক সুৰক্ষিত কৰে?

উত্তৰঃ মানুহৰ অৰ্থনৈতিক নিৰাপত্তাক সুৰক্ষিত কৰে।

৩১) প্ৰতিটো পৰিয়ালৰ এটা স্থায়ী বাসস্থানক কি বুলি গণ্য় কৰা হয়?

উত্তৰঃ সামাজিক পৰিয়ালৰ এটা অপৰিহাৰ্য অধিকাৰ বুলি গণ্য় কৰা হয়।

৩২) "সুখী হ'বৰ কাৰণে জিৰণিৰ আবশ্য়ক" - কথাষাৰ কোনে কৈছিল?

উত্তৰঃ "সুখী হ'বৰ কাৰণে জিৰণিৰ আবশ্য়ক"- কথাষাৰ এৰিষ্ট'টলে কৈছিল।

৩৩) চিন্তাবিদ বাৰ্কাৰে অধিকাৰক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ চিন্তাবিদ বাৰ্কাৰে অধিকাৰক তিনিটা ভাগত ভাগ কৰিছে।

৩৪) মৌলিক অধিকাৰসমূহক কোনে ৰক্ষণাবেক্ষণ দিয়ে?

উত্তৰঃ মৌলিক অধিকাৰসমূহক ন্য়ায়ালয়ে ৰ৭ণাবেক্ষণ দিয়ে।

৩৫) মানুহৰ জীৱনৰক্ষাৰ এটি প্ৰধান উপায় কি?

উত্তৰঃ  মানুহৰ জীৱনৰক্ষাৰ এটি প্ৰধান উপায় হ'ল কৰ্মৰ অধিকাৰ।

৩৬) কাৰ মতে ৰাষ্ট্ৰ আৰু সমাজ গঠনৰ পিছতহে মানুহৰ অধিকাৰবোৰৰ সৃষ্টি হয়?

উত্তৰঃ বেন্থামৰ মতে ৰাষ্ট্ৰ আৰু সমাজ গঠনৰ পিছতহে মানুহৰ অধিকাৰবোৰৰ সৃষ্টি হয়।

৩৭) ব্য়ক্তিস্বাধীনতাৰ অন্য়তম ৰক্ষাকৱচ কি?

উত্তৰঃ গণতন্ত্ৰ।

৩৮) অধিকাৰ উপভোগৰ সুৰক্ষাৰ মূল উপায় কি?

উত্তৰঃ গণচেতনা।

৩৯) মানুহৰ এটা সামাজিক অধিকাৰৰ নাম লিখা।

উত্তৰঃ সুস্থ সামাজিক পৰিবেশত বাস কৰাটো মানুহৰ এটা সামাজিক অধিকাৰ।

৪০) অধিকাৰৰ উদ্দেশ্য় কি?

উত্তৰঃ অধিকাৰৰ উদ্দেশ্য় হ'ল সামাজিক প্ৰাণী হিচাপে প্ৰতিজন মানুহৰ ব্য়ক্তিত্ব বিকাশৰ সুযোগ প্ৰদান।

৪১) অধিকাৰ ক'ত ভোগ কৰিব পাৰি?

উত্তৰঃ অধিকাৰ সমাজত ভোগ কৰিব পাৰি।

৪২) প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি কি থকা উচিত?

উত্তৰঃ প্ৰত্য়েক নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য় থকা উচিত।

৪৩) বিশিষ্ট ৰাজনৈতিক চিন্তাবিদ লাস্কিয়ে নাগৰিকৰ অধিকাৰক কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে।

৪৪) সামাজিক চুক্তিৰ সমৰ্থকসকলৰ মতে সমাজ সৃষ্টিৰ আগতে কাৰ ৰাজত্ব আছিল?

উত্তৰঃ প্ৰকৃতিৰ ৰাজত্ব আছিল।

৪৫) সমাজবাদী ৰাষ্ট্ৰবোৰত কৰ্মৰ অধিকাৰক কি হিচাপে গণ্য় কৰা হয়?

উত্তৰঃ মৌলিক অধিকাৰ হিচাপে গণ্য় কৰা হয়।

৪৬) চৰকাৰৰ প্ৰধান অংগ কেইটাৰ নাম লিখা।

উত্তৰঃ চৰকাৰৰ প্ৰধান অংগ কেইটাৰ নাম হ'ল- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্য়ায়পালিকা।

৪৭) ৰাজনৈতিক চিন্তাবিধ গ্ৰীণৰ মতে অধিকাৰ কি?

উত্তৰঃ ৰাজনৈতিক চিন্তাবিদ গ্ৰীণৰ মতে- "জনসাধাৰণৰ মংগলৰ সহায়কৰূপে দাবীকৃত আৰু স্বীকৃত ক্ষমতাই হ'ল অধিকাৰ।


৪৮) জনসাধাৰণে দাবী কৰা অধিকাৰবোৰে ৰাষ্ট্ৰৰ ওপৰত কি আৰোপ কৰে?

উত্তৰঃ কিছুমান বাধ্য়-বাধকতা আৰোপ কৰে।

৪৯) সম্পত্তিৰ অধিকাৰ কিহৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ?

উত্তৰঃ সম্পত্তিৰ অধিকাৰ নাগৰিক জীৱনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। 

৫০) পৌৰ অধিকাৰসমূহে কিহত সহায় কৰে?

উত্তৰঃ পৌৰ অধিকাৰসমূহে ব্য়ক্তিৰ ব্য়ক্তিত্ব বিকাশত সহায় কৰে।


Author: Chinmay Kakati

Edit By- Mandira Saha