কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী  

অধ্য়য়ন- ৫

১। কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী কবিতাটো জ্য়ােতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল ।

২। জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত জন্ম হৈছিল ।

৩। জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনৰ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল ।

৪। জ্য়ােতিপ্ৰসাদ আগৰৱালাই উচ্চ শিক্ষা লাভৰ বাবে কিমান চনত ইংলণ্ডলৈ যায় ?

উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাই উচ্চ শিক্ষা লাভৰ বাবে ১৯২৬ চনৰ ইংলণ্ডলৈ যায় । 

৫। তুষাৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ তুষাৰ শব্দৰ অৰ্থ হ'ল বৰফ ।

৬। অভ্ৰভেদী শব্দৰ অৰ্থ কি ?

উত্তৰঃ অভ্ৰভেদী শব্দৰ অৰ্থ হ'ল আকাশলংঘা ।

৭। জ্য়ােতিপ্ৰসাদ আগৰৱালাই কোনো ডিগ্ৰী নোলোৱাকৈ ইংলণ্ডনৰ পৰা উভতি আহি কলৈ যায় ?

উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাই কোনো ডিগ্ৰী নোলোৱাকৈ ইংলণ্ডনৰ পৰা উভতি আহি জাৰ্মানীলৈ যায় ।

৮। শৈলজা শব্দৰ অৰ্থ কি ?

উত্তৰঃ শৈলজা শব্দৰ অৰ্থ হ'ল পৰ্বতত জন্ম হোৱা, পাৰ্বতী ।

৯। কিমান চনত দুৰাৰোগ্য় ৰোগত আক্ৰান্ত হৈ জ্য়ােতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৯৫১ চনত দুৰাৰোগ্য় ৰোগত আক্ৰান্ত হৈ জ্য়ােতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে ।

১০। পয়োধৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃ পয়োধৰা শব্দৰ অৰ্থ  হ'ল মেঘ, ডাৱৰ, স্তন ।

১১। অসমীয়া সাহিত্য়-সংস্কৃতিলৈ কাৰ দান বহুমুখী ?

উত্তৰঃঅসমীয়া সাহিত্য়-সংস্কৃতিলৈ জ্য়ােতিপ্ৰসাদৰ দান বহুমুখী ।

১২। পিযুষ শব্দৰ অৰ্থ কি ?

 উত্তৰঃ পিযুষ শব্দৰ অৰ্থ হ'ল মধু, মৌ ।

১৩। জ্য়ােতিপ্ৰসাদ আগৰৱালা কি আছিল ?

উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালা আছিল নাট্য়কাৰ, কবি, গীতিকাৰ আৰু প্ৰবন্ধকাৰ ।

১৪। সলিলা শব্দৰ অৰ্থ কি ?

উত্তৰঃ সলিলা শব্দৰ অৰ্থ হ'ল নদী ।

১৫। জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম কি ?

উত্তৰঃ  জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম  হ'ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, সোণ-পখিলী, লভিতা, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ ।

১৬। দ্য়ুতি শব্দৰ অৰ্থ কি ?

উত্তৰঃ দ্য়ুতি শব্দৰ অৰ্থ হ'ল উজ্জ্বলতা ।

১৭। জ্য়ােতিপ্ৰসাদ আগৰৱালাই কিমান চনত জয়মতী নিৰ্মাণ কৰে ?

উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত জয়মতী লিৰ্মাণ কৰে য

১৮। ৰঞ্জন শব্দৰ অৰ্থ কি ?

উত্তৰঃ ৰঞ্জন শব্দৰ অৰ্থ  হ'ল ৰং লগোৱা কাৰ্য, আনন্দ দান ।

১৯। ইন্দ্ৰমালতী নামৰ কথাছবি খন জ্য়ােতিপ্ৰসাদ আগৰৱালাই কিমান চনত নিৰ্মাণ কৰে ?

উত্তৰঃ ইন্দ্ৰমালতী নামৰ কথাছবি খন জ্য়ােতিপ্ৰসাদ আগৰৱালাই ১৯৩৯ চনত নিৰ্মাণ কৰে ।

২০। কুসুম শব্দৰ অৰ্থ কি ?

উত্তৰঃ কুসুম শব্দৰ অৰ্থ হ'ল ফুল ।


Type By Chandana Bora 

Check: Himashree Bora.