ই যে অগ্নি-বীণাৰ তান

অধ্য়য়ন -৩

১। ই যে অগ্নি-বীণাৰ তান কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ই যে অগ্নি-বীণাৰ তান কবিতাটো অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনা কৰিছিল 

২। অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনত জন্ম হৈছিল ।

৩। অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনৰ ক'ত জন্ম হৈছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনত বৰপেটা বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত জন্ম হৈছিল ।

৪। অনল শব্দৰ অৰ্থ কি ?

উত্তৰঃ অনল শব্দৰ অৰ্থ হ'ল জুই ।

৫। অম্বিকাগিৰী ৰায়চৌধুৰী কি আছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী  একাধাৰে কবি, গীতিকাৰ, নাট্য়কাৰ, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল।

৬। সুধা শব্দৰ অৰ্থ কি ?

উত্তৰঃ সুধা শব্দৰ অৰ্থ হ'ল অমৃত ।

৭। বৰপেটাৰ বিখ্য়াত কবিজনৰ নাম কি ?

উত্তৰঃ বৰপেটাৰ বিখ্য়াত কবিজনৰ নাম হ'ল অম্বিকাগিৰী ৰায়চৌধুৰী ।

৮। হলাহল শব্দৰ অৰ্থ কি ?

উত্তৰঃ হলাহল শব্দৰ অৰ্থ হ'ল বৰচোকা বিষ ( সমুদ্ৰ মন্থনত ওলোৱা বিষ ) ।

৯। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ক'ত অংশ গ্ৰহণ কৰিছল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিছিল ।

১০। নিনাদ শব্দৰ অৰ্থ কি ?

উত্তৰঃ নিনাদ শব্দ অৰ্থ হ'ল শব্দ ।

১১। কাৰ ভাষা আৰু ছন্দৰ এটা নিজস্ব বৈশিষ্ট্য় আছে ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ভাষা আৰু ছন্দৰ এটা নিজস্ব বৈশিষ্ট্য় আছে ।

১২। মৰ্দিত শব্দৰ অৰ্থ কি ?

উত্তৰঃ মৰ্দিত শব্দৰ অৰ্থ হ'ল যাক পিহন কৰা হৈছে ।

১৩। অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰকাশিত কবিতাৰ পুথিসমূহৰ নাম কি ?

উত্তৰঃঅম্বিকাগিৰী ৰায়চৌধুৰীৰ  প্ৰকাশিত কবিতাৰ পুথিসমূহৰ নাম হ'ল 'বীণা', 'তুমি', 'অনুভূতি', 'বেদনাৰ উল্কা', 'বন্দো কি ছন্দেৰে' আৰু গীতৰ পুথি 'চেতনাৰ কণ্ঠ' ।

১৪। শ্ৰাৱণ শব্দৰ অৰ্থ কি ?

উত্তৰঃ শ্ৰাৱণ শব্দৰ অৰ্থ হ'ল শাওন ।

১৫। অসমৰ সাহিত্য় জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি হিচাপে জনা যায় ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক 'অসম কেশৰী' হিচাপে জনা যায় ।

১৬। অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত একবিংশতিতম অসম সাহিত্য় সভাৰ অধিৱেশৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৯৫০ চনত একবিংশতিতম অসম সাহিত্য় সভাৰ অধিৱেশৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ।

 ১৭।অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত মৃত্য়ু হৈছিল ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৯৬৭ চনত মৃত্য়ু হৈছিল ।

১৮। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে মৃত্য়ুৰ পিছত কি অকাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে মৃত্য়ুৰ পিছত সাহিত্য় অকাডেমী বঁটা লাভ কৰে ।

১৯। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সাহিত্য় অকাডেমী  বঁটা কিহৰ বাবে লাভ কৰে ?

উত্তৰঃঅম্বিকাগিৰী ৰায়চৌধুৰীয়ে 'বেদনাৰ উল্কা'ৰ বাবে সাহিত্য় অকাডেমী বঁটা লাভ কৰে।

২০। কি দুখন কবিতা পুথি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে আলোচনীও সম্পাদনা কৰিছিল ?

উত্তৰঃ 'চেতনা' আৰু 'ডেকা অসম' নামৰ দুখন কবিতা পুথি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে  আলোচনীও সম্পাদনা কৰিছিল ।


Type By Chandana Bora

Edit By- Mandira Saha 

Check : Himashree Bora.