অধ্য়য়ন-১

বৰ্ষা বৰ্ণন


১। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কিমান চনত জন্ম  হৈছিল ?

উত্তৰঃমহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ১৪৪৯ চনত জন্ম হৈছিল ।

২। শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ ১৪৪৯ চনৰ নগাঁও জিলাৰ বৰদোৱাত জন্ম হৈছিল ।

৩। মণ্ডল শব্দৰ অৰ্থ কি ?

উত্তৰঃ মণ্ডল শব্দৰ অৰ্থ হ'ল ঘূৰণীয়া ।

৪। শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় কিমান বছৰ মানৱ জীৱন যাপন কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰায় ছকুৰি বছৰ মানৱ জীৱন যাপন কৰিছিল ।

৫। খৰ্ব্ব শব্দৰ অৰ্থ কি ?

উত্তৰঃ খৰ্ব্ব শব্দৰ অৰ্থ হ'ল খৰ, তীক্ষ্ণ ।

৬। কিমান খৃষ্টাব্দত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে ?

উত্তৰঃ ১৫৬৮ খৃষ্টাব্দত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে ।

৭। নাকলিয় শব্দৰ অৰ্থ কি ?

উত্তৰঃ নাকলিয় শব্দৰ অৰ্থ হ'ল নোলায়, নাভাবি ।

৮। ছন শব্দৰ অৰ্থ কি ?

উত্তৰঃ ছন শব্দৰ অৰ্থ হ'ল বিয়পি পৰা ।

৯। শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কাব্য় কেইখনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কাব্য় কেইখনৰ নাম হ'ল হৰিশ্চন্দ্ৰ উপাখ্য়ান, ৰুক্মিণী হৰণ কাব্য় বলিছলন, অমৃত মথন, কুৰুক্ষেত্ৰ আৰু অজামিলোপাখ্য়ান ।

১০। চণ্ড শব্দৰ অৰ্থ কি ?

উত্তৰঃ চণ্ড শব্দৰ অৰ্থ হ'ল খং, বৰ খঙাল ।

১১। মহি শব্দৰ অৰ্থ কি ?

উত্তৰঃ মহি শব্দৰ অৰ্থ হ'ল পৃথিৱী ।

১২। শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা নাট কেইখনৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা নাট কেইখনৰ নাম হ'ল পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় ।

১৩। ছন্ন শব্দৰ অৰ্থ কি ?

উত্তৰঃ ছন্ন শব্দৰ অৰ্থ হ'ল ধ্বংস, নষ্ট ।

১৪। পলুৰংগা শব্দৰ অৰ্থ কি ?

উত্তৰঃ পলুৰংগা শব্দৰ অৰ্থ হ'ল কেঁচুমাটি, কণ কণ মাটিৰ দ'ম ।

১৫।  শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গীত কেইটাৰ নাম কি ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা গীত কেইটাৰ নাম হ'ল বৰগীত, ভটিমা আৰু তোটয় ।

১৬। সামৰাজ শব্দৰ অৰ্থ কি ?

উত্তৰঃ সামৰাজ শব্দৰ অৰ্থ হ'ল  সমূহ, সমূহত ।

১৭। আসুখ শব্দৰ অৰ্থ কি ?

উত্তৰঃ আসুখ শব্দৰ অৰ্থ হ'ল  অসম্ভৱ ।

১৮। শ্ৰীমন্ত শঙ্কৰদেৱে কি কি ৰচনা কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে কাব্য়, নাট, অনুবাদ সাহিত্য়, গীত আৰু নাম-প্ৰসংগমূলক ৰচনা কৰিছিল ।

১৯। নিঝৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ নিঝৰ শব্দৰ অৰ্থ হ'ল  নিজৰা ।

২০। গোষ্ঠক শব্দৰ অৰ্থত কি ?

উত্তৰঃ গোষ্ঠটক শব্দৰ অৰ্থ হ'ল গৰু-ম'হৰ খুঁটি।


Type By Chandana Bora.

Check : Himashree Bora.






Post ID : DABP004029