বুৰঞ্জীৰ দৌৰাত্ম্য় 

গোট ২ পাঠ ১ 

১। বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টো লক্ষ্মীনাথ বেজবৰুৱায়ে  ৰচনা কৰিছিল ।

২। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৮৬৪ চনত জন্ম হৈছিল ।

৩। হাস্য়ৰস সৃষ্টিত কোন অসমীয়া সাহিত্য়ত অপ্ৰতিদ্বন্দ্বী হৈ আছে ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা  অসমীয়া সাহিত্য়ত অপ্ৰতিদ্বন্দ্বী হৈ আছে ।

৪। লক্ষ্মীনাথ বেজবৰুৱা কি উপাধিৰে বিভূষিত হৈছে ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ উপাধিৰে বিভূষিত হৈছে ।

৫। বুৰঞ্জী শব্দৰ অৰ্থ কি ?

উত্তৰঃ বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা জনাৰ ভঁৰাল, টাই ভাষাৰ শব্দ ।

৬। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্য়াস খনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্য়াস খনৰ নাম হ'ল পদুম কুঁৱৰী ।

৭। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনী খনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনী খনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ ।

৮। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গল্পৰ পুঠি কিখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গল্পৰ পুঠি কিখনৰ নাম হ'ল সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি ।

৯। ককাদেউতা আৰু নাতিল'ৰা, বুঢ়ি আইৰৰ সাধু, ভগৱৎ কথা, জুনুকা, বাখৰ, কামত কৃতিত্ব লভিবৰ সঙ্কেত শিশু সাহিত্য় কিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ককাদেউতা আৰু নাতিল'ৰা, বুঢ়ি আইৰৰ সাধু, ভগৱৎ কথা, জুনুকা, বাখৰ, কামত কৃতিত্ব লভিবৰ সঙ্কেত শিশু সাহিত্য় লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল ।

১০। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জীৱনী পুঠি খনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জীৱনী পুঠি খনৰ নাম হ'ল ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ ।

১১। সাধাৰণতঃ পুৰাণৰ লক্ষণ কেইটা ?

উত্তৰঃ সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা ।

১২। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ কেইটা ?

উত্তৰঃ শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা ।

১৩। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুঠি কিখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুঠি কিখনৰ নাম হ'ল কদম কলি আৰু পদুমকলি ।

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাট কিখনৰ নাম কি ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাট কিখনৰ নাম হ'ল বেলিমাৰ, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, পাচনী, নোমল, চিকৰপতি আৰু নিকৰপতি, লিতিকাই, বাৰে মতৰা, হ-য-ব-ৰ-ল ।

১৫। কিমান চনত প্ৰকাশিত বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰিছিল ?

উত্তৰঃ ১৯০৯ চনত প্ৰকাশিত বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰিছিল ।

১৬। অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনত কোন সভাপতি আছিল ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা আছিল অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনত সভাপতি ।

১৭। কিমান চনৰ ডিচেম্বৰ মাহৰ গুৱাহাটীত বহা অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনৰ লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিল ?

উত্তৰঃ ১৯২৮ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত বহা অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনৰ লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিল ।

১৮। বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টোত প্ৰাচীন আৰ্য কি জাতি আজিলৈকে জীয়াই আছে ?

উত্তৰঃ বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টোত প্ৰাচীন আৰ্য হিন্দু আজিলৈকে জীয়াই আছে ।

১৯। ইতিহাস শব্দৰ অৰ্থ কি ?

উত্তৰঃ ইতিহাস শব্দ অৰ্থ হ'ল পুৰণি কথা, পূৰ্ব বৃত্তান্ত ।

২০। বেদৰ অংশ কেইটা আৰু কি কি ?

উত্তৰঃ বেদৰ অংশ দুটা আৰু মন্ত্ৰ আৰু ব্ৰাহ্মাণ ।


Type By Chandana Bora.

Check: Himashree Bora.



Post ID: DABP004244