আমাৰ ছাৰ
গোট-৩ অধ্য়ায় ১
১। আমাৰ ছাৰ চুটিগল্পটো কোনে ৰচনা কৰিছে ?
উত্তৰঃ আমাৰ ছাৰ চুটিগল্পটো যোগেশ দাসে ৰচনা কৰিছে ।
২। যোগেশ দাস কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ যোগেশ দাস ১৯২৮ চনত জন্ম হৈছিল ।
৩। যোগেশ দাস ১৯২৮ চনৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ যোগেশ দাস ১৯২৮ চনৰ ডুমডুমাৰ হাঁহচৰা বাগিচাত জন্ম হাছিল ।
৪। যোগেশ দাসে কোন ঠাইত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে ?
উত্তৰঃ যোগেশ দাসে চাহ বাগিছাৰ বিদ্য়ালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে ।
৫। যোগেশ দাসে কিমান চনত এম এ ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ যোগেশ দাসে ১৯৫৯ চনত এম এ ডিগ্ৰী লাভ কৰে ।
৬। যোগেশ দাসে কোন স্কুলত শিক্ষকতা কৰি চাকৰি জীৱন পাতনি মেলে ?
উত্তৰঃ যোগেশ দাসে ডুমডুমা হাইস্কুলত শিক্ষকতা কৰি চাকৰি জীৱন পাতনি মেলে ।
৭। কিমান চনত যোগেশ দাসে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্য়ালয়ত অসমীয়া বিষয়ৰ অধ্য়াপক হিচাপে নিযুক্ত হয় ।
উত্তৰঃ ১৯৫৩ চনত যোগেশ দাসে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্য়ালয়ত অসমীয়া বিষয়ৰ অধ্য়াপক হিচাপে নিযুক্ত হয়।
৮। যোগেশ দাসে কি বিষয়ত মুৰব্বী অধ্য়াপক হিচাপে অৱসৰ গ্ৰহণ কৰে ?
উত্তৰঃ যোগেশ দাসে অসমীয়া বিষয়ত মুৰব্বী আধ্য়াপনা অৱসৰ গ্ৰহণ কৰে ।
৯। অসম সাহিত্য় সভাৰ এক-পঞ্চাশতম অধিৱেশনত যোগেশ দাসে কি কৰিছিল ?
উত্তৰঃ অসম সাহিত্য় সভাৰ এক-পঞ্চাশতম অধিৱেশনত যোগেশ দাসে সভাপতিত্ব কৰিছিল ।
১০। সাহিত্য় চৰ্চাৰ স্বীকৃতি হিচাপে কোনে বহুতো বঁটাৰে সন্মানিত হৈছিল ?
উত্তৰঃ সাহিত্য় চৰ্চাৰ স্বীকৃতি হিচাপে যোগেশ দাসে বহুতো বঁটাৰে সন্মানিত হৈছিল ।
১১। যোগেশ দাসে বহুতো কি ৰচনা কৰিছিল ?
উত্তৰঃ যোগেশ দাসে বহুতো উপন্য়াস আৰু গল্প ৰচনা কৰিছিল ।
১২। ডাৱৰ আৰু নাই দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা উল্লেযোগ্য় উপন্য়াস খন কোনে ৰচনা কৰিছে ?
উত্তৰঃ ডাৱৰ আৰু নাই দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচনা কৰা উল্লেযোগ্য় উপন্য়াস খনযোগেশ দাসে ৰচনা কৰিছে ।
১৩। কোনটো গল্পৰ বাবে যোগেশ দাসে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?
উত্তৰঃ পৃথিৱীৰ অসুখ গল্পৰ বাবে যোগেশ দাসে সাহিত্য় অকাডেমী বঁটা লাভ কৰে।
১৪। যোগেশ দাসে কিমান চনত সাাহিত্য় অকাডেমী বঁটা লাভ কৰে ?
উত্তৰঃ যোগেশ দাসে ১৯৮০ চনত সাহিত্য় আকাডেমী বঁটা লাভ কৰে ।
১৫। কোনে অসম উপত্য়কা সাহিত্য় বঁটা লাভ কৰে ?
উত্তৰঃ যোগেশ দাসে অসম উপত্য়কা সাহিত্য় বঁটা লাভ কৰে ।
১৬। যোগেশ দাসে কিমান চনত অসম উপত্য়কা সাহিত্য় বঁটা লাভ কৰে ?
উত্তৰঃ যোগেশ দাসে ১৯৯৪ চনত অসম উপত্য়কা সাহিত্য় বঁটা লাভ কৰে।
১৭। কিমান চনত যোগেশ দাসে ইহলীলা সম্বৰণ কৰে ?
উত্তৰঃ ১৯৯৯ চনত যোগেশ দাসে ইহলীলা সম্বৰণ কৰে ।
১৮। কোনে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?
উত্তৰঃ যোগেশ দাসে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ।
১৯। যোগেশ দাসে ৰচনা কৰা উপন্য়াস খনৰ নাম কি ?
উত্তৰঃ যোগেশ দাসে ৰচনা কৰা উপন্য়াস খনৰ নাম হ'ল ডাৱৰ আৰু নাই ।
২০। পৃথিৱীৰ অসুৰ গল্পটো কোনে ৰচনা কৰিছে ?
উত্তৰঃ পৃথিৱীৰ অসুৰ গল্পটো যোগেশ দাসে ৰচনা কৰিছে ।
Type By Chandana Bora
Check: Himashree Bora.
Post ID: DABP004322