মানৱ বন্দনা 

অধ্য়য়ন-২

১। মানৱ বন্দনা কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃমানৱ বন্দনা কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালা ৰচনা কৰিছিল ।

২। চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ চনত জন্ম হৈছিল ।

৩। ময়াপী শব্দৰ অৰ্থ কি ?

উত্তৰঃ ময়াপী শব্দৰ অৰ্থ হ'ল মায়া, মোহ, ভ্ৰান্তি ওপজোৱা জীৱ ।

৪। চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ চনৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ১৮৬৭ চনৰ তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত জন্ম হৈছিল ।

৫। পৰাৎপৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ পৰাৎপৰ শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, পৰম সত্য় ।

৬। চন্দ্ৰকুমাৰ আগৰৱালায় কিমান খৃষ্টাব্দত জোনাকী কাকত উলিয়ায় ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালায় ১৮৮৯ খৃষ্টাব্দত জোনাকী কাকত উলিয়ায় ।

৭। চন্দ্ৰকুমাৰ আগৰৱালাই কাৰ কাৰ লগত লগ হৈ জোনাকী কাকত উলিয়ায় ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত লগ হৈ জোনাকী কাকত উলিয়ায় ।

৮। নিজাপী শব্দৰ অৰ্থ কি ?

উত্তৰঃ নিজাপী শব্দৰ অৰ্থ হ'ল সম্পূৰ্ণ নিজৰ ।

৯। কিমান চনত সাদিনীয়া বাতৰি 'অসমীয়া' উলিয়ায় ?

উত্তৰঃ ১৯১৮ চনত সাদিনীয়া বাতৰি 'অসমীয়া' উলিয়ায় ।

১০। সাদিনীয়া বাতৰি 'অসমীয়া' শেষত কিহলৈ ৰূপান্তৰিত হয় ?

উত্তৰঃ সাদিনীয়া বাতৰি 'অসমীয়া' শেষত দৈনিক অসমীয়া লৈ ৰূপান্তৰিত হয় ।

১১। কি নামৰ গীত-কবিতাটিয়েই অসমীয়া ৰোমাণ্টিক কবিতাৰ শুভাৰম্ভ ঘটায় ?

উত্তৰঃ 'বনকুঁৱৰী' নামৰ গীত-কবিতাটিয়েই অসমীয়া ৰোমাণ্টিক কবিতাৰ শুভাৰম্ভ ঘটায়।

১২। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কাব্য়পুথি খনৰ নাম কি ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কাব্য়পুথি খনৰ নাম হ'ল 'প্ৰতিমা' ।

১৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ  চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম হ'ল 'বীণ বৰাগী' ।

১৪। সাদিনীয়া বাতৰি কাকত পিছত কিহলৈ ৰূপান্তৰিত হয় ?

উত্তৰঃ সাদিনীয়া বাতৰি কাকত পিছত তিনিদিনীয়া লৈ ৰূপান্তৰিত হয় ।

১৫। প্ৰতিমা কাব্য়পুঠিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ প্ৰতিমা কাব্য়পুঠিখন চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল ।

১৬। বীণ বৰাগ কবিতাপুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ  বীণ বৰাগ কবিতাপুথিখন চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল ।

১৭। কাৰ নিজাপী ঘৰ ?

উত্তৰঃ মানুহৰ নিজাপী ঘৰ ।

১৮। জোনাকীৰ প্ৰথম সম্পাদক আৰু অসমীয়া সাহিত্য়ত গীত-কবিতাৰ  প্ৰকৃৃত প্ৰৱৰ্তক জনৰ নাম কি ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ।

১৯। মানৱ বন্দনা কবিতাটোত মানুহ কি জীৱ বুলি কৈছে ?

উত্তৰঃ মানৱ বন্দনা কবিতাটোত মানুহ ময়াপী জীৱ বুলি কৈছে । 

২০। চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ১৯৩৭ চনত মৃত্য়ু হৈছিল ।


Type By Chandana Bora

 Edit By- Mandira Saha 

Check: Himashree Bora. 



Post ID: DABP004076