ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু
অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ
নৱম অধ্যায়
👉Download Chapter 9 PDF File
👉Chapter 9 Short Question Answer
👉MCQs Online Exam
👉Paid Answer (For Membership User)
অনুশীলনীঃ
১। ক) প্ৰাচীন কালত এজন আৰ্য্যই শেষ বয়সত পালন কৰা সময়ছোৱাক কি বুলি কোৱা হয়।
উত্তৰঃ
খ) অসমৰ প্ৰাচীনতম নাম কি?
উত্তৰঃ অসমৰ প্ৰাচীনতন নাম- প্ৰাকজ্যোতিষ আৰু কামৰূপ বুলি জনা গৈছিল।
গ) ফৰেষ্ট শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ ফৰেষ্ট (Forest) শব্দটো লেটিনভাষাৰ শব্দ 'Forist' ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হল- বাহিৰ, সাধাৰণতে গাঁও এলেকাৰ এমূৰীয়া ঠাইত, সকলো প্ৰকাৰৰ আবাদী আৰু অবসতিপূৰ্ণ ভূমি ভাগকেই বন শব্দটোৱে সামগ্ৰিকভাৱে সামৰি লৈছে।
ঘ) কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথম গৰাকী বন বিষয়া কোন?
উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথম গৰাকী বন বিষয়া জনৰ নাম- কোপাধ্যক্ষ
ঙ) ভাৰতত কেতিয়া বন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ভাৰতত ১৮৫৫ চনত বন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল।
চ) ব্ৰিটিছ সকলে বনজ সম্পদৰ ওপৰত ধাৰ্য কৰা এবিধ কৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ ব্ৰিটিছ সকলে বনজ সম্পদৰ ওপৰত ধাৰ্য কৰা এবিধ কৰৰ নাম- গড়খাটি (কাঠ)।
ছ) ব্ৰিটিছ সকলে বনজ ব্যাপক হাৰত অসমত ৰোপন কৰা তিনিবিধ বিশেষ গছ কি কি আছিল?
উত্তৰঃ ব্ৰিটিছ সকলে বনজ ব্যাপক হাৰত অসমত ৰোপন কৰা তিনিবিধ গছ হৈছে- (১)ৰবৰ, (২) ভাৰতীয় ৰবৰ গছ আৰু (৩) টিক।
জ) কাজিৰঙা সংৰক্ষিত বনাঞ্চল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১ জুন ১৯০৮ চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চল ব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা কৰা হৈছিল ।
ঝ) স্বাধীনোত্তৰ কালত কোন কোন বছৰত অসমত বৃহৎ ভূমিকম্প হৈছিল?
উত্তৰঃ স্বাধীনোত্তৰ কালত ১৯৪৯, ১৯৫০ আৰু ১৯৮৮ চনত অসমত বৃহৎ ভূমিকম্প হৈছিল।
ঞ) হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম কি?
উত্তৰঃ হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম- হস্তিবিদ্যাৰ্ণৱ।
চ) আহোমৰ শাসন কালত নিয়োজিত হোৱা দুজন বন বিষয়াৰ নাম উল্লেখ কৰা।
উত্তৰঃ আহোমৰ শাসন কালত নিয়োজিত হোৱা দুজন বন বিষয়াৰ নাম- হাবিয়াল বৰুৱা আৰু কাঠবৰুৱা।
২। অসমৰ ৰজা ভগদত্তক কি বুলি কোৱা হৈছিল?
উত্তৰঃ অসমৰ ৰজা ভগদত্ত শৈলাল্য (পৰ্বতৰ বাসিন্দা) বুলি কোৱা হৈছিল।
৩। কালিকা পুৰাণত বৰ্ণিত অসমৰ প্ৰাকৃতিক পৰিসীমাটো কি আছিল?
উত্তৰঃ কালিকা পুৰাণত বৰ্ণিত অসমৰ প্ৰাকৃতিক পৰিসীমাটো হৈছে- কৰতোৱা নদীখন অসমৰ আটাইতকৈ পুৰণি প্ৰাকৃতিক ভৌগোলিক পৰিসীমা বুলি কালিকা পূৰাণত উল্লেখ আছে।
৪। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্য্য কিমান?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্য্য হৈছে- ২৮৯৭ কিলোমিটাৰ।
৫। অসমৰ মাটিৰ তিনিটা প্ৰধান ভাগ কি কি?
উত্তৰঃ অসমৰ মাটিৰ তিনিটা প্ৰধান ভাগ হৈছে-
(i) প্ৰথম শ্ৰেণীটোৱে পাহাৰীয়া আৰু পাহাৰ এলেকা সামৰি লৈছে।
৬। অসমৰ ভূমি ব্যৱস্থাপনা সম্পৰ্কে উল্লেখ কৰা দুজন ইংৰাজ লেখকৰ নাম উল্লেখ কৰা।
উত্তৰঃ অসমৰ ভূমি ব্যৱস্থাপনা সম্পৰ্কে উল্লেখ কৰা দুজন ইংৰাজ লেখকৰ নাম- কেপ্তেইন ৱেলছ আৰু ফ্ৰান্সিছ জেনকিন্স।
৭। কিমান পৰিমাণৰ মাটি আহোমসকলে ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল? এই তথ্য সম্পৰ্কে কোনে উল্লেখ কৰিছিল?
উত্তৰঃ ৭,৭৫,৪৬৮ পুৰা মাটি আহোমসকলে ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল।
৮। অসমত কেতিয়া আৰু কোন ঠাইত প্ৰথমে চাহ উৎপন্ন হৈছিল?
উত্তৰঃ ১৮২৩ চনত উজনি অসমত প্ৰথমে চাহ উত্পন্ন হৈছিল।
৯। অসমৰ প্ৰাচীন প্ৰাকৃতিক বিভাগ কেইটা -
ক) এটা খ) দুটা গ) তিনিটা ঘ) চাৰিটা।
উত্তৰঃ ঘ) চাৰিটা।
১০। Silent spring নামৰ গ্ৰন্থখনৰ লেখক কোন?
ক) ৰাছেল কাৰৰ্চন খ) মাধৱ গেডগিল গ) অৰুন্ধতি ৰয় ঘ) মেধা পাটেকাৰ
উত্তৰঃ ক) ৰাছেল কাৰৰ্চন।
১১। গ্ৰীষ্ম আৰু শীতকালত গড়ে সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমাত্ৰা কিমান হয়?
উত্তৰঃ গ্ৰীষ্মকালত সৰ্বাধিক ৩৫॰-৩৭.৮॰ ছেলছিয়াছ আৰু শীতকালত ৬.১॰ - ৭.৭॰ ছেলছিয়াছ পৰ্যন্ত নামি আহে।
১২। ১৮৬৫ চনৰ ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা কি কি?
উত্তৰঃ ১৮৬৫ চনৰ ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা হৈছে-
(ক) বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্ৰণ সাব্যস্ত কৰা।
(খ) ভাৰতীয় বনাঞ্চলৰ ওপৰত ব্ৰিটিছ প্ৰশাসনৰ সাৰ্বভৌম অধিকাৰ সাব্যস্ত কৰা।১৩। পৰৱৰ্তী উপনিবেশিক কালত অসমৰ পৰিবেশ সম্পৰ্কে এটা বিৱৰণ আগবঢ়োৱা।
উত্তৰঃ ভৌগোলিক অৱস্থিতি, দুৰ্বল আৰ্থ-সামাজিক পৰেৱেশ, পৰিৱেশ আৰু জলবায়ুৰ সঘন পৰিৱৰ্তনৰ ফলত অসম এখন অতিশয় বিপদসংকুল ৰাজ্য হিচাপে পৰিগণিত হৈছে। বছৰি বছৰি অহা বানপানী আৰু মাজে মাজে সৃষ্টি হোৱা অনাহূত খৰাং পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ জলবায়ু আৰু সামগ্ৰিকভাৱে বতৰৰো ব্যাপক পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। ৰাজ্যিক পৰিৱেশ পৰিৱৰ্তন ব্যৱস্থাপক সমিতিৰ এক প্ৰতিবেদনত অসমৰ তাপমাত্ৰাৰ বাৰ্ষিক গড় বৃদ্ধি ০.৫৯০ ছেলছিয়াছ (১৯৫১-২০১০) পৰ্যন্ত বৃদ্ধি হৈছে।
১৪। কি কি প্ৰধান কাৰণত ভাৰতত বন বিভাগ সংস্থাপন কৰা হৈছিল?
উত্তৰঃ উপনিৱেশিক কালছোৱাত ভাৰতত বনজ সম্পদসমূহৰ সংৰক্ষণৰ বাবে গুৰুত্ব দিয়াতকৈ সেই সম্পদৰাজিৰ শোষণ আৰু ধ্বংস কাৰ্যকহে অধিক পৰিমাণে অগ্ৰাধিকাৰ দিয়া হৈছিল। উন্নয়নৰ স্বাৰ্থত যধে-মধে বৃহত্ পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ ধ্বংস কাৰ্য চলোৱা হৈছিল। বিশেষকৈ ১৮৫৫ চনৰ পৰা ভাৰতত ব্যাপক হাৰত ৰেতল লাইন সংস্থাপন আৰু সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱাত ইয়াৰ বাবে প্ৰয়োজন হোৱা বিশাল পৰিমাণৰ কাঠৰ শ্লিপাৰ সংগ্ৰহৰ অৰ্থে যধে-মধে শ শ বিঘা বিশাল অৰণ্যৰ পৰা কাঠ সংগ্ৰহ কৰা হৈছিল। প্ৰয়োজনীয় ইন্ধনৰ বাবেও বন ধ্বংস কৰা হৈছিল। বিশেষকৈ উপনিৱেশিক শাসনৰ কালছোৱাত বিদেশী প্ৰশাসন যন্ত্ৰৰোৱে যাতায়াত, গৃহ নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণে প্ৰয়োজন হোৱা কাঠৰ চাহিদা পূৰণ কৰিবলৈ যিকোনো ব্যৱস্থাই গ্ৰহণ কৰিছিল।
উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰত সুকীয়াকৈ বন বিভাগ এটা স্থাপিত কৰা হৈছিল।১৫ অসমত ব্ৰিটিছ প্ৰশাসনে প্ৰৱৰ্তন কৰা বন পৰিচালনা আঁচনি সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ কৃষি সম্প্ৰসাৰণ প্ৰক্ৰিয়াটোৰ লগতে ব্ৰিটিছ শাসনৰ বৰ্দ্ধিত অৰ্থনৈতিক স্বাৰ্থ পূৰণৰ বাবে বন সংৰক্ষণৰ সু-পৰিকল্পিত নীতি নিৰ্দ্ধাৰণৰ প্ৰয়োজনো আহি পৰে।
১৬। পৰৱৰ্তী উপনিবেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণকেইটা উল্লেখ কৰা।
উত্তৰঃ পৰৱৰ্তী ঔপনিবেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণসমূহ হ'ল-
(ক) কৃষিক্ষেত্ৰৰ ওপৰত উত্পাদনৰ বাবে তীব্ৰতা বৃদ্ধি।(খ) ব্যাপক উদ্যোগীকৰণ।
(গ) শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ।
(ঘ) দ্ৰুগতিত বন-জংঘল ধ্বংস।
১৭। ভাৰতৰ পৰিবেশ আন্দোলনৰ বিষয়ে এটা বিৱৰণী প্ৰস্তুত কৰা।
উত্তৰঃ ভাৰতৰ পৰিবেশ আন্দোলনৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
১৮। অসমত অতীজৰ পৰা উপলব্ধ প্ৰধান বনস্পতিসমূহ কি কি?
উত্তৰঃ অসমত অতীজৰ পৰা উপলব্ধ প্ৰধান বনস্পতিসমূহ হৈছে- শাল, খৈয়ৰ, শিশু, গমাৰি, সোণাৰু, চাম, বনচোম, মজ, শিমলু, হলক ইত্যাদি।
১৯। চমুটোকা লিখাঃ
ক) কাজিৰঙা ৰাষ্ট্ৰী উদ্যান
উত্তৰঃ ব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান গোলাঘাট জিলাৰ একাংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি লৈছে। ইয়াৰ মাটিকালিৰ পৰিমাণ ৪৩০ বৰ্গ কিলোমিটাৰ। অসমত সম্প্ৰতি ১৮ খন সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ব্ৰিটিছকালত প্ৰতিষ্ঠা কৰা পশ্চিম অসমৰ মানস অভ্যাৰণ্য অন্যতম। উল্লেখযোগ্য যে মানসক সমপ্ৰতি 'ইউনেস্ক হেৰিটেজ ক্ষেত্ৰ' বুলি স্বীকৃতি দিয়া হৈছে।
খ) মাজুলী
উত্তৰঃ মধ্যযুগৰ বহুতো তথ্যত অসমখনক তিনিটা ভৌগলিক ক্ষেত্ৰত ভাগ কৰা দেখা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰে উত্তৰ কূল, দক্ষিণে দক্ষিণ কূল আৰু মাজত মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি মাজুলী সৃষ্টিৰ আদি কালৰে পৰা এখন একাষৰীয়া, জলপ্লাৱিত আৰু নানান শ্ৰেণীৰ গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা নিৰিবিলি ঠাই আছিল। ড. ডম্বৰুধৰ নাথৰ মতে, মাজুলীৰ এই নিৰিবিলি পৰিৱেশ, পাৰিপাৰ্শ্বকতাৰ কাৰণেহে আহোম স্বৰ্গদেউ সকলে ইয়াত বহুতো সত্ৰ প্ৰতিষ্ঠা কৰিছিল।
গ) বনধ্বংস
উত্তৰঃ উজনি অসমৰ একালৰ বিশাল ক্ৰান্তীয় সেউজ বনাবৃত এলেকা আজি ক্ৰমাত্ পাৰিপাৰ্শ্বিকতাৰ পৰিবৰ্তনৰ ফলত সংকুচিত হৈ পৰিছে। অতীজতে বিশাল অৰণ্যভূমি অৱক্ষয়ৰ প্ৰধান কাৰণ 'ঝুম' খেতি আৰু ইয়াৰ ক্ৰমাগত প্ৰসাৰতা বুলি গণ্য কৰা হৈছিল। অসমৰ সামগ্ৰিক আৱহাৱা আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত ক্ৰমাত্ সংকুচিতহৈ অহা বনাঞ্চল বিৰূপ প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত অনিয়মীয়া বৰষুণ, তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধি আৰু মৌচুমী বায়ুৰ অভাৱত বৃষ্টিছায়া এলেকাৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাই আকৌ মৰুভূমিৰ দৰে আৰ্দ্ৰ আৰু শুষ্ক হৈ উঠিছে। চৰকাৰী উন্নয়নমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে প্ৰয়োজন হোৱা কাঠৰ বাবে চোৰাং কাঠবেপাৰী আৰু ঠিকাদাৰে অবিশ্বাস্য হাৰত বন আৰু পাহাৰ ধ্বংস কাৰ্য চলাই যোৱাৰ পৰিণতিতে হস্তীকূললৈও বিশেষ সংকট আহিছে।
২০। আহোম যুগৰ বনবিষয়া সকলৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ আহোম ৰাজত্বকালত ৰজাঘৰৰ হাতীক চোৱা-চিতা কৰিবলৈ 'হাতীবৰুৱা' নামেৰে এটি বিশেষ পদৰ সৃষ্টি কৰা হৈছিল। ৰজাৰ আস্তাবলত থকা বিভিন্ন প্ৰজাতিৰ ঘোঁৰাবোৰ চোৱা-চিতা কৰাৰ বাবে নিয়োজিত বিষয়াজনক 'ঘোঁৰাবৰুৱা' বোলা হৈছিল। এনে একোজন ঘোঁৰাবৰুৱাৰ অধীনত ৫০টাকৈ ঘোঁৰা ৰখা হৈছিল। ৰাজপ্ৰাসাদকে ধৰি বিভিন্ন ধৰণৰ গৃহাদি নিৰ্মাণৰ বাবে উত্কৃষ্ট মানদণ্ডৰ বহু পৰিমাণৰ কাঠৰ প্ৰয়োজন হৈছিল। আহোম সচিবালয়ে এই বিষয়টো চোৱা-চিতা কৰিবৰ বাবে সেয়েহে 'কাঠবৰুৱা' নামেৰে এগৰাকী বিশেষ বিষয়াক নিযুক্ত কৰিছিল। বন আৰু বনজ সম্পদ চোৱা-চিতা কৰাৰ লগতে ইয়াৰ পৰা আহৰণ কৰিবলগীয়া ৰাজহৰ তদাৰকৰ বাবে 'হাবিয়াল বৰুৱা' নামৰ এজন বিষয়াক নিযুক্তি দিয়া হৈছিল।
২১। অসমৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি থকা সংস্থাৰ কাৰ্যাৱলীৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ অসমৰ পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু এই বিষয়ে সজাগতাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা, বেচৰকাৰী পৰ্যায়ৰ সংস্থাসমূহৰ সংখ্যা প্ৰায় দুশ। চেন্টাৰ ফৰ ইনভাইৰনমেন্ট এডুকেশ্যন, নৰ্থ ইষ্ট (Centre for Environment Education, NE) সংক্ষেপে CEE-NE ৰ মতে ১৫২ টা এনে সংস্থাই অসমত পৰিৱেশ সুৰক্ষাৰ বাবে গঢ়ি উঠা অসমৰ প্ৰথমটো বেচৰকাৰী সংস্থা কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি। ঊনবিংশ শতিকাৰ ষষ্ঠ দশকত প্ৰতিষ্ঠা লাভ কৰা প্ৰথমটো এনে সংগঠণৰ মূল উদ্দেশ্য আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণীৰ নিৰাপত্তা নিশ্চিত কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাব সজাগতা বৃদ্ধি কৰা। বিশ্ব প্ৰকৃতি নিধিৰ (WWE) তথ্য মতে অসমত ৬৬ টা এনে বেচৰকাৰী পৰ্যায়ৰ সংস্থাই কাম কৰি আহিছে। সেই সমূহৰ ভিতৰত প্ৰধান উল্লেখনীয় সংস্থা কেইটা হ'ল-
নেছাৰচ্ বেকন (Natures' Beckon), ১৯৮২আৰণ্যক বাৰ্ড্চ্ (Early Birds), ১৯৯২
নেচাৰচ্ ফ'ষ্টাৰ (Natures' Foster), ১৯৯৫
এড্ এন্ (Ed-En), ২০০০
এন্ভাইৰন্ (Environ), ২০০৩
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)