শিল আৰু মাটি

 অধ্যায়  ১৬ 

১। শিল বুলি কাক কোৱা হয় ?

উত্তৰঃ ভূত্বক যি উপাদানৰে গঠিত তাকে সাধাৰণতে শিল বুলি কোৱা হয় ।


২। উৎপত্তি অনুসৰি শিলক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ উৎপত্তি অনুসৰি শিলক কেইটা বাাগত ভগাব পাৰি ।


৩। শিলত থকা খনিজ পদাৰ্থবোৰ ভূপৃ্ষ্ঠৰ প্ৰায় কিমান শতাংশ গঠন কৰিছে ?

উত্তৰঃ শিলত থকা খনিজ পদাৰ্থবোৰ ভূপৃষ্ঠৰ প্ৰায় ৯৮ শতাংশ গঠন কৰিছে । 


৪। খনিজ পদাৰ্থ মানে কি ?

উত্তৰঃ খনিজ পদাৰ্থ মানে হ'ল স্বাভাৱিক জৈৱিক ৰাসায়নিক প্ৰক্ৰিয়াৰে উৎপন্ন হোৱা পদাৰ্থ । 

৫। উৎপত্তি অনুসৰি মাটিৰ ভাগ কেইটা ?

উত্তৰঃ উৎপত্তি অনুসৰি মাটিৰ ভাগ দুটা ।


৬। এবিধ ডাঙৰ আকৃতি শিলৰ নাম লিখা ।

উত্তৰঃ এবিধ ডাঙৰ আকৃতি শিলৰ নাম হ'ল বেছল্ট ।


৭। আগ্নেয় শিলক কেইধৰণে ভগাব পাৰি ?

উত্তৰঃ আগ্নেয় শিলক দুইধৰণে ভগাব পাৰি ।


৮। মাটি কাক বোলে ?

উত্তৰঃ পৃথিৱীখনৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটোক মাটি বোলে ।


৯। আয়তন হিচাপে মাটিত কিমান শতাংশ মণিক আছে ?

উত্তৰঃ আয়তন হিচতাপে মাটিত ৪৫ শতাংশ মণিক আছে।


১০। ভূমধ্যসাগৰীয় অঞ্চলত এনে ধৰণৰ মাটি পোৱা যায়। তেনে মাটিক কি বুলি কোৱা হয় ? 

উত্তৰঃ ভূমধ্যসাগৰীয় অঞ্চলত এনে ধৰণৰ মাটি পোৱা যায়। তেনে মাটিক 'টেৰাৰছা' বুলিও কোৱা হয় ।


১১। এবিধ আটাইতকৈ ডাঙৰ টান শিলৰ নাম লিখা ।

উত্তৰঃ এবিধ আটাইতকৈ ডাঙৰ টান শিলৰ নাম হ'ল গ্ৰেনাইট ।


১২। অৰ্ন্তৰ্ভেদী আগ্নেয় শিল কাক বোলে ?

উত্তৰঃ মেগ্মা ঠাণ্ডা হৈ এটা সময়ত সৃষ্টি হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিল বোলে ।


১৩। পৈণত আঞ্চলিক মাটি কাক বোলে ?

উত্তৰঃ কোনো অঞ্চলৰ জলবায়ুৰ কাৰকবোৰ (ৰ'দ, বতাহ, বৰষুণ আদি) প্ৰভাৱত সৃষ্টি হোৱা মাটিক পৈণত মাটি বোলে।


১৪। অপৈণত মাটিত কি পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হয় ?

উত্তৰঃ অপৈণত মাটিত অজৈৱিক পদাৰ্থৰ সংমিশ্ৰণ সৃষ্টি হয়। 


১৫। বিশ্ববিখ্যাত তাজমহল কিহেৰে তৈয়াৰ কৰা হৈছিল ?

উত্তৰঃ বিশ্ববিখ্যাত তাজমহল মাৰ্ল পাথৰৰে তৈয়াৰ কৰা হৈছিল ।


১৬। ৰূপান্তৰিত শিল কাক বোলা হয় ?

উত্তৰঃ আগ্নেয় শিল আৰু গেদীয় শিল ভূত্বকত বহুদিন ধৰি পৰি থাকিলে তাপ আৰু চাপৰ ফলত ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটি এবিধ নতুন শিলৰ সৃষ্টি হয় এনেকোৱা শিলক ৰূপান্তৰিত শিল বোলা হয়।


১৭। অপসৃত মাটি কাক বোলে ?

উত্তৰঃ শিল এটা বিভিন্ন কাৰকৰ প্ৰভাৱত জহি-খহি যি মাটি হয়, সেইখিনিক নদীৰ সোঁত, বতাহ-বৰষুণে নি আন ঠাইত জমা কৰিলে তেনে মাটিক অপসৃত মাটি বোলে ।


১৮। অপসৃত মাটিৰ আন এটা নাম কি ?

উত্তৰঃ অপসৃত মাটিৰ আন এটা নাম হ'ল ল'ৱেজ ।


১৯। মাটিৰ শ্ৰেণীবিভাগ কেইটা ?

উত্তৰঃ মাটিৰ শ্ৰেণীবিভাগ কেইটা দুটা।


২০। জৈৱিক হিচাপে মাটিত কিমান শতাংশ আছে ?

উত্তৰঃ জৈৱিক হিচাপে মাটিত ৫ শতাংশ আছে ।



Type By -Parina Hazarika 





Post ID: DABP004323