বতৰ আৰু জলবায়ু

 অধ্যায় ১৭

১। জলবায়ু হ'ল এখন ঠাইৰ কমেও কিমান বছৰৰ গড় অৱস্থা ?

উত্তৰঃ জলবায়ু হ'ল এখন ঠাইৰ কমেও ৩০-৪০বছৰৰ গড় অৱস্থা ।   

২। জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱা ভৌগালিক কাৰক দুটাৰ নাম লিখা।

উত্তৰঃ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱা ভৌগালিক কাৰক দুটাৰ নাম হ'ল-  ১। অক্ষাংশ ২। উচ্চতা ।

৩। অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখন কেইটামান কিহত বিভক্ত ?

উত্তৰঃ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখন কেইটামান তাপমণ্ডলত বিভক্ত ।

৪। কি মণ্ডলত বছৰৰ সকলো সময়তে সূৰ্যৰ পোহৰ লম্বভাৱে পৰে ?

উত্তৰঃ উষ্ণ মণ্ডলত বছৰৰ সকলো সময়তে সূৰ্যৰ পোহৰ লম্বভাৱে পৰে ।

৫। কোনটো মণ্ডলত বছৰৰ ছমাহ সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ পোহৰ নপৰে ?

উত্তৰঃ হিমমণ্ডলত বছৰৰ ছমাহ সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ পোহৰ নপৰে ।

৬। উচ্চতা অনুসৰি কেইখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ?

উত্তৰঃ উচ্চতা অনুসৰি দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ।

৭। গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমান কিলোমিটাৰ ?

উত্তৰঃ গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব ১০০ কিলোমিটাৰ ।

৮। চৰম জলবায়ু মানে কি ?

উত্তৰঃ চৰম জলবায়ু মানে হ'ল গৰমৰ দিনত উৎকট গৰম আৰু শীতল ভীষণ চেঁচা ।

৯। ক্ৰান্তীয় অঞ্চলৰ জলবায়ুক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ জলবায়ুক ৪ টা প্ৰধান ভাগত ভগ কৰা হৈছে ।

১০। বিষুৱীয় জলবায়ুৰ অন্তৰ্গত ঠাইদুখনৰ নাম লিখা ।

উত্তৰঃ  বিষুৱীয় জলবায়ুৰ অন্তৰ্গত ঠাইদুখনৰ নাম হ'ল মালয়ছিয়া আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ।

১১। গ্ৰীষ্মকালৰ উষ্ণতা গড় কিমান ডিগ্ৰী ছেলছিয়াজ ?

উত্তৰঃ গ্ৰীষ্মকালৰ উষ্ণতা গড় ৩৮ ডিগ্ৰী ছেলছিয়াজ।

১২। গ্ৰীষ্মৰ শেষৰ ফালে বৰষুণ হয় আৰু শীতকালত একেবাৰে কি হয় ?

উত্তৰঃ গ্ৰীষ্মৰ শেষৰ ফালে বৰষুণ হয় আৰু শীতকালত একেবাৰে খৰাং হয় ।

১৩। এবিধ তৃণভূজি প্ৰাণীৰ নাম লিখা ।

উত্তৰঃ এবিধ তৃণভূজি প্ৰাণীৰ নাম হ'ল- হৰিণা ।

১৪। মৰুদ্যান বা ৱেছিছ কাক বোলে ?

উত্তৰঃ মৰুভূমিবোৰত অ'ত-ত'ত দুই-এজোপা কাঁইটীয়া গছহে দেখা যায় । কৰবাত ভূমিগত জলৰ বাবে অলপ-অচৰপ উদ্ভিদ দেখা যায় এনে উদ্ধিদ থকা অঞ্চলক মৰুদ্যান বা ৱেছিছ বোলে ।

১৫। ছিলং সাগৰপৃষ্ঠৰপৰা প্ৰায় কিমান মিটাৰ উচ্চতাত অৱস্থিত ?

উত্তৰঃ ছিলং সাগৰপৃষ্ঠৰপৰা প্ৰায় ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত ।

১৬। সাগৰীয়া সোঁতৰ প্ৰভাৱটো কেইখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ?

উত্তৰঃ সাগৰীয়া সোঁতৰ প্ৰভাৱটো দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ।

১৭। বতৰ আৰু কিহৰ জলবায়ু একে নহয় ?

উত্তৰঃ বতৰ আৰু জলবায়ুৰ একে নহয় ।

১৮। ন'ৰৱেকহে মাজৰাতিও সূৰ্য দেখা পোৱা দেশ বুলি কিয় কোৱা হয় ?

উত্তৰঃ ন'ৰৱেকহে মাজৰাতিও সূৰ্য দেখা পোৱা কাৰণ হ'ল যে তাত মানুহ স্থায়ী ভাৱে থাকিব পৰা পৰিৱেশষ এটা আছে ।

১৯। বতৰ লগত জলবায়ু কি ভাৱে জড়িত ?

উত্তৰঃ বতৰ লগত জলবায়ু ওতপ্ৰোতভাৱে জড়িত ।

২০। গ্ৰীষ্মকালৰ উষ্ণতা কিমান ডিগ্ৰী ছেলছিয়াজ ?

উত্তৰঃ গ্ৰীষ্মকালৰ উষ্ণতা ১০ ডিগ্ৰী ছেলছিয়াজ ।


Type By -Parina Hazarika  





Post ID: DABP004328