ভূ-অৱয়ৱ

অধ্যায়   ১৫
১। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় কিমান শতাংশ ঠাই পৰ্বত-পাহাৰে আগুৰি আছে ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ২৬ শতাংশ ঠাই পৰ্বত-পাহাৰে আগুৰি আছে ।


২। ৯০০ মিটাৰতকৈ চাপৰবোৰক কি বোলে ?

উত্তৰঃ ৯০০ মিটাৰতকৈ চাপৰবোৰক পাহাৰ বোলে ।


৩। উৎপত্তি অনুসৰি পৰ্বত-পাহাৰক কেইটা ভাগত ভগোৱা হয় ? 

উত্তৰঃ ৎপত্তি অনুসৰি পৰ্বত-পাহাৰক চাৰিটা ভাগত ভগোৱা হয় ।


৪। বাম সাগৰখনৰ নাম কি আছিল ?

উত্তৰঃ বাম সাগৰখনৰ নাম 'টেথিছ' আছিল ।


৫। সাগৰবোৰত পৰা আৱৰ্জনাবোৰ তৰপে তৰপে জমা হয় কিহৰ সৃষ্টি হৈছিল ?

উত্তৰঃ সাগৰবোৰত পৰা আৱৰ্জনাবোৰ তৰপে তৰপে জমা হয় গেদীয় শিলৰ সৃষ্টি হৈছিল ।


৬। পৰ্বত বা পাহাৰৰ ওপৰৰ সমান ঠাইক কি বোলে ?

উত্তৰঃ পৰ্বত বা পাহাৰৰ ওপৰৰ সমান ঠাইক মালভূমি বোলে ।


৭। পৃথিৱীৰ বৃহত্তম মালভূমি তিব্বত আৰু উচ্চতম মালভূমিখন কি ?

উত্তৰঃ পৃথিৱাৰ বৃহত্তম মালভূমি তিব্বত আৰু উচ্চতম মালভূমিখনৰ নাম হ'ল পামিৰ ।


৮। ভূপৃষ্ঠৰ ওপৰৰ সমান ঠাইক কি বোলে ?

উত্তৰঃ ভূপৃষ্ঠৰ ওপৰৰ সমান ঠাইক সমভূমি বোলে ।


৯। পাহাৰীয়া অঞ্চলত সাধাৰণতে বৰষুণৰ পৰিমান কি ?

উত্তৰঃ পাহাৰীয়া অঞ্চলত সাধাৰণতে বৰষুণৰ পৰিমাণ বেছি ।


১০। ভৰতৰ এখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা ।

উত্তৰঃ ভাৰতৰ এখন স্বাস্থ্যকৰ ঠাইৰ নাম হ'ল ছিলং ।


১১। প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে কেইখন মহাদেশ ?

উত্তৰঃ প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে ৭ খন মহাদেশ ।


১২। প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে কেইখন মহাসাগৰ ।

উত্তৰঃ প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে ৫ খন মহাসাগৰ ।

 

১৩। পৰ্বত পাহাৰ বুলিলে কি বুজায় ?

উত্তৰঃ পৰ্বত পাহাৰ বুলিলে গছ-গছনিৰে ভৰা ওখ শিলাময় ঠাইক বুজায় ।


১৪। পৰ্বতমালা বুলি কাক কোৱা হয় ?

উত্তৰঃ এখন পৰ্বত-পাহাৰৰ কাষত বহুতো সৰু-বৰ পৰ্বত-পাহাৰৰ লানিথকা দেখা যায় ইয়াক পৰ্বত মালা বুলি কোৱা হয় ।


১৫। ভংগিল পৰ্বত কাক বোলে ?

উত্তৰঃ আৱৰ্জনা ভাঁজৰ সৃষ্টি হৈ গেদীয় শিলৰ সাগৰৰপৰা ওপৰলৈকে ওলাই আহি পৰ্বতৰ সৃষ্টি হৈছিল। এনেধৰণৰ পৰ্বতকে ভংগিল পৰ্বত বোলে ।


১৬। দক্ষিণ আমেৰিকাৰ পশ্চিম দিশত থকা পৰ্বতমালাখনৰ নাম কি ?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ পশ্চিম দিশত থকা পৰ্বতমালাখনৰ নাম হ'ল এণ্ডজ পৰ্বতমালা ।


১৭। দ্বিতীয় বৰ্গৰ স্থলভাগৰ অন্তৰ্গত ভূ-অৱয়ৱবোৰ নাম কি ?

উত্তৰঃ দ্বিতীয় বৰ্গৰ স্থলভাগৰ অন্তৰ্গত ভূ-অৱয়ৱবোৰৰ নাম হ'ল পৰ্বত-পাহাৰ, মালভূমি আৰু সমভূমি ।


১৮। কিহৰ ফলত কেতিয়াবা ভূত্বকত ফাঁত মেলে ?

উত্তৰঃ ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত ফাঁত মেলে।


১৯। প্ৰাচীনকালত ভূপৃষ্ঠত কিছুমান কি আছিল ?

উত্তৰঃ প্ৰাচীনকালত ভূপৃষ্ঠত কিছুমান বাম সাগৰ আছিল । 


২০। ওপৰলৈ উঠি অহা অংশক কি বোলে ?

উত্তৰ ঃ ওপৰলৈ উছি অহা অংশক স্তপ পৰ্বত বোলে । 



Type by - Parina Hazarika 




Post ID: DABP004324