উত্তৰ-পূব ভাৰতৰ ভূগোল

 অধ্যায় ১৮

১। উত্তৰ-পূব ভাৰতত ছিকিমক ধৰি কেইখন ৰাজ্য আছে ?

উত্তৰঃ উত্তৰ-পূব ভৰতত ছিকিমক ধৰি ৮খন ৰাজ্য আছে ।

২। উত্তৰ-পূব ভাৰতক প্ৰায় কিমানখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ?

উত্তৰঃ উত্তৰ-পূব ভাৰতক প্ৰায় চাৰিখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ।

৩। বেদিকা ক'ত কৰা হয় ?

উত্তৰঃ বেদিকা কৃষি পাহাৰীয়া অঞ্চলত কৰা হয় ।

৪। বেদিকা কৃষি বুলি কাক কোৱা হয় ?

উত্তৰঃ থাঁজ কাটি খেতি কৰা পদ্ধতিকে বেদিকা কৃষি বুলি কোৱা হয় ।

৫। পাহাৰীয়া অঞ্চলক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ পাহাৰীয়া অঞ্চলক দুটা ভাগত ভগাব পাৰি । 

৬। অসমৰ শুৱালকুছি কিহৰ কাৰণে বিখ্যাত ?

উত্তৰঃ অসমৰ শুৱালকুছি পাটমুগাৰ কাৰণে বিখ্যাত

৭। ভূ-প্ৰাকৃতিক অৱয়ৱৰ ভিত্তিত এই অঞ্চলটো প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ ভূ-প্ৰাকৃতিক অৱয়ৱৰ ভিত্তিত এই অঞ্চলটো প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি ।

৮। ৰাজ্যৰ তুলনাত ক'ত সমভূমিৰ পৰিমাণ বেছি ?

উত্তৰঃ ৰাজ্যৰ তুলনাত অসমতেই সমভূমিৰ পৰিমাণ বেছি ।

৯। বিশাল হিমালয় পৰ্বতমালাৰ পূব অংশটো কি ?

উত্তৰঃ বিশাল হিমালয় পৰ্বতমালাৰ পূব অংশটো হ'ল অৰুনাচল হিমালয় ।

১০। মণিপুৰৰ প্ৰথম হ্ৰদটোৰ নাম কি ?

উত্তৰঃ মণিপুৰৰ প্ৰথম হ্ৰদটোৰ নাম হ'ল লগটক ।



Type By - Parina hazarika  



Post ID: DABP004329