আমাৰ দেশৰ শাসন ব্যৱস্থা 

অধ্যায় ১০ 

১। ভাৰতবৰ্ষ বৰ্তমান কিমান খন ৰাজ্য আছে ?

উত্তৰঃ ভাৰতবৰ্ষ বৰ্তমান ২৯খন ৰাজ্য আছে ।


২। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে আধাৰ কি ? 

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে আধাৰ হ'ল ভাৰতীয় সংবিধান ।


৩। ভাৰতবৰ্ষ এখন কি দেশ ?

উত্তৰঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । 


৪। দেশখন চলাবলৈ নাগৰিকে কি নিৰ্বাচন কৰে ?

উত্তৰঃ দেশখন চলাবলৈ নাগৰিকে প্ৰতিনিধি নিৰ্বাচন কৰে ।


৫। লোকসভাত নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান গৰাকী ?

উত্তৰঃ লোকসভাত নিৰ্বাচিত সদস্যৰ সংখ্যা ৫৪৫ গৰাকী ।


৬। অসমৰ বিধানসভাৰ মুঠ সমষ্টিৰ সংখ্যা কিমান ?

উত্তৰঃ অসমৰ বিধানসভাৰ মুঠ সমষ্টিৰ সংখ্যা ১২৬ ।


৭। লোকসভাৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ লোকসভাৰ কাৰ্যকাল ৫ বছৰ ।


৮। লোকসভাত কেইজন অধ্যক্ষ থাকে ?

উত্তৰঃ লোকসভাত ১ জন অধ্যক্ষ থাকে ।


৯। ৰাজ্যসভাৰ কিমান গৰাকী সদস্য থাকে ?

উত্তৰঃ ৰাজ্যসভাৰ ২৫০ গৰাকী সদস্য থাকে ।


১০। ৰাজ্যসভাৰ সাংসদ হ'বলৈ কিমান বছৰ হ'ব লাগিব ?

উত্তৰঃ ৰাজ্যসভাৰ সাংসদ হ'বলৈ ৩০ বছৰ হ'ব লাগিব ।


১১। ভাৰতীয় সংবিধানমতে আমাৰ দেশ বা ৰাষ্ট্ৰখনৰ মুৰব্বী কোন ?

উত্তৰঃ ভাৰতীয় সংবিধানমতে আমাৰ দেশ বা ৰাষ্ট্ৰখনৰ মুৰব্বী ৰাষ্ট্ৰপতি ।


১২। একোগৰাকী ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ একোগৰাকী ৰাষ্ট্ৰপতি কাৰ্যকাল ৫ বছৰ ।


১৩। কিহৰ ব্যৱস্থাৰ জৰিয়তে আমাৰ দেশ শাসিত হয় ?

উত্তৰঃ বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা ব্যৱস্থাৰ জৰিয়তে আমাৰ দেশ শাসিত হয় । 


১৪। বিটিএডিৰ অন্তৰ্ভুক্ত জিলা কেইখন ?

উত্তৰঃ বিটিএডিৰ অন্তৰ্ভুক্ত জিলা চাৰিখন ।


১৫। কিমান চনৰ ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হয় ?

উত্তৰঃ ২০০৩ চনৰ ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হয় ।


১৬। আইন কাৰ্যকৰী কোনে কৰে ?

উত্তৰঃ আইন কাৰ্যকৰী কাৰ্যপালিকাই কৰে ?


১৭। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ কাৰ্যকাল ৫ বছৰ ।


১৮। প্ৰতিনিধিসকলক কি বুলি কোৱা হয় ?

উত্তৰঃ প্ৰতিনিধিসকলক সাংসদ বুলি কোৱা হয় ।


১৯। কেন্দ্ৰীয় চৰকাৰ কাক বোলে ?

উত্তৰঃ ৰাজ্যৰ শাসন একোখন ৰাজ্যৰ চৰকাৰে চলায় আকৌ গোটেই দেশখন সামগ্ৰিকভাৱে চলাবলৈ এখন চৰকাৰ আছে । সেইখনক কেন্দ্ৰীয় চৰকাৰ বোলে ।  


২০। লোকসভাত অধ্যক্ষক কেনেকৈ নিৰ্বাচিত কৰে ?

উত্তৰঃ লোকসভাত অধ্যক্ষগৰাকীক লোকসভাৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰে ।


Short Question Answer By- Parina Hazarika