উত্তৰ- পূৰ্বাঞ্চলৰ জনসংখ্যা

অধ্যায় ১১

১। উত্তৰ -পূৰ্বাঞ্চললৈ অহা তৃতীয় প্ৰব্ৰজনকাৰীৰ দলটোৰ নাম কি ?

উত্তৰঃ উত্তৰ -পূবাঞ্চললৈ অহা তৃতীয় প্ৰব্ৰজনকাৰীৰ দলটোৰ নাম হ'ল ইণ্ড এৰিয়ান ক'কেছীা জনগোষ্ঠীৰ লোক ।

২।  ১৯১১-২১ৰ দশকটোত ভাৰতবৰ্ষৰ জনসংখ্যা আগৰ তুলনাত কি পাইছিল ?

উত্তৰঃ ১৯১১-২১ৰ দশকটোত ভাৰতবৰ্ষৰ জনসংখ্যা আগৰ তুলনাত হ্ৰাস পাইছিল ।   

৩। কিমান চনৰপৰা কিমান চনলৈ অসমৰ জনসংখ্যা পঞ্চাছ লাখ বৃদ্ধি পাইছে ?

উত্তৰঃ ২০০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা পঞ্চাছ লাখ বৃদ্ধি পাইছে  । 

৪। ১৯০১ চনৰ পৰা ২০০১ চনলৈ ক'ত জনসংখ্যা যথেষ্ট বৃদ্ধিহোৱা দেখা গৈছিল ?

উত্তৰঃ ১৯০১ চনৰ পৰা ২০০১ চনলৈ নাগালেণ্ডৰ জনসংখ্যা যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছিল ।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত কোনখন ৰাজ্য জনসংখ্যা গড় ঘনত্ব আটাইতকৈ বেছি ?

উত্তৰঃ  উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ জনসংখ্যা গড় ঘনত্ব আটাইতকৈ বেছি ।

৬। সৰ্বভাৰতীয় গড় শিক্ষিত হাৰতকৈ কিহৰ গড় শিক্ষিতৰ হাৰ বেছি ?  

উত্তৰঃ সৰ্বভাৰতীয় গড় শিক্ষিত হাৰতকৈ উত্তৰ-পূৰ্বাঞ্চলৰ গড় শিক্ষিতৰ হাৰ বেছি ।

 ৭। উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যা প্ৰায় কিমান শতাংশ লোক গাঁৱত বাস কৰে ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ জনসংখ্যা প্ৰায় ৭৩ শতাংশ লোক গাঁৱত বাস কৰে ।

৮। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কেৱল কিমান শতাংশ লোকে নগৰত বাস কৰে ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য অসমত কেৱল ১৪.১ শতাংশ লোকে নগৰত বাস কৰে ।

৯। মিজোৰামৰ শিক্ষিতৰ হাৰ দেশখনৰ ভিতৰত কি স্থানত ?

উত্তৰঃ মিজোৰামৰ শিক্ষিত হাৰ দেশখনৰ ভিতৰত দ্বিতীয় স্থানত । 

১০। সৰ্বভাৰতীয় গড়  শিক্ষিত প্ৰথম স্থান অধিকাৰ কৰা ৰাজ্যখনৰ নাম কি ?

উত্তৰঃ সৰ্বভাৰতীয় গড়  শিক্ষিত প্ৰথম স্থান অধিকাৰ কৰা ৰাজ্যখনৰ নাম হ'ল কেৰেলা ।



Type By- Parina Hazarika      




Post ID: DABP004190