সাস্কৃতিক বিকাশঃ শিল্পকলা আৰু স্থাপত্য, সাহিত্য 

( Cultural developments_ Art and Architecture, Literature )

অধ্য়ায়- ২ 

অতি চমু প্ৰশ্ন 

১। গুপ্তযুগৰ গৌৰৱৰ কাৰণ কি ।

উত্তৰঃ গুপ্তকলা হৈছে গুপ্তযুগৰ গৌৰবৰ কাৰণ ।


২। গুপ্তযুগৰ শিল্পবিদ্যাৰ কেন্দ্ৰস্থল কি কি আছিল ।

উত্তৰঃ গুপ্ত যুগৰ শিল্পবিদ্যাৰ কেন্দ্ৰস্থল হল মথুৰা, বাৰাণসী, আৰু পাটলিপুত্ৰ ।


৩। হিন্দু মন্দিৰ সজোৱা স্তৰবোৰ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ হিন্দু মন্দিৰ সজোৱা স্তৰবোৰ তিনিপ্ৰকাৰত ভাগ হোৱা দেখা যায় 

ক) পত্ৰময় কুঞ্জবন, খ) নলবনৰ প্ৰজা, গ) কাঠ আৰু ইটাৰে সজা সৰু কোঠা ।


৪। গুপ্তবংশৰ ৰজাসকলৰ প্ৰধান ভাষা কি আছিল ।

উত্তৰঃ গুপ্তবংশৰ ৰজাসকলৰ প্ৰধান ভাষা হল সংস্কৃত ভাষা । 


৫। গুপ্তকলাৰ দুটা বৈশিষ্ট্য কি কি ।

উত্তৰঃ গুপ্তকলাৰ দুটা বৈশিষ্য হল 

ক) গুপ্তকলা আছিল সম্পূৰ্ণৰূপে ভাৰতীয় কলা ।

খ) গুপ্তকলাৰ বিষয়বস্তু আৰু পদ্ধতি দুয়োটাই ভাৰতীয় । 


৬। গুপ্তকলা কিহৰ কাৰণে বিখ্যাত ।

উত্তৰঃ গুপ্তকলা সুন্দৰৰ ধাৰণাৰ বাবে বিখ্যাত ।


৭। গুপ্ত শিল্পকলাক কেইটা বাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ গুপ্ত শিৱ্পকলাক তিনিটা ভাগত ভগাব পাৰি বা ভাগ কৰিব পাৰিী যেনে 

ক) স্থাপত্য, খ) ভাস্কৰ্য আৰু ৩। চিত্ৰকলা । 


৮। গুপ্ত যুগৰ স্থাপত্যৰ দুটা বিশেষ বৈশিষ্ট্য লিখা ।

উত্তৰঃ গুপ্ত যুগৰ স্থাপত্যৰ দুটা বিশেষ বৈশিষ্ট্য হল 

ক) গুপ্ত স্থাপত্য বিদেশী প্ৰভাৱৰ পৰা মুক্ত ।

খ) গুপ্ত স্থাপত্যত শিলৰ ব্যবহাৰ । 


৯। গুপ্তযুগৰ ৰজাসকলৰ ইষ্টদেৱতা কোন আছিল ।

উত্তৰঃ গুপ্তযুগৰ ৰজাসকলৰ ইষ্টদেৱতা হল ভগৱান বিষ্ণু ।


১০। এটা ভাৰতীয় শিল্পকলাৰ নাম লিখা ।

উত্তৰঃ  এটা ভাৰতীয় শিল্পকলা হল পোৰামাটিৰ শিল্প ।


১১। ভাৰতৰ প্ৰথমজন জ্যোৰ্তিবিদৰ নাম কি ।

উত্তৰঃ ভাৰতৰ প্ৰথমজন জ্যোৰ্তিবিদৰ নাম হল আৰ্যভট্ট ।


১২। গুপ্তযুগৰ এটা শ্ৰেষ্ঠ শিল্পকলাৰ নাম লিখা ।

উত্তৰঃ  গুপ্তযুগৰ এটা শ্ৰেষ্ঠ শিল্পকলাৰ নাম হল মথুৰাৰ পৰা উদ্বাৰ হোৱা বিষ্ণু মূৰ্তি ।


১৩।  বসুবন্ধুৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  বসুবন্ধুৱে ৰচনা কৰা গ্ৰন্থখনৰ পৰমাৰ্থসপ্ততি ।


১৪। অমৰসিংহই  ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  অমৰসিংহই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল অমৰকোষ ।


১৫। দণ্ডিণে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম কি ।

উত্তৰঃ  দণ্ডিণে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল 

ক) কাব্যদৰ্শ আৰু খ) দশকুমাৰচৰিত ।


১৬।  এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল ।

উত্তৰঃ সমুদ্ৰগুপ্তৰ মন্ত্ৰী হৰিসেনে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল ।


১৭। বৰাহমিহিৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  বৰাহমিহিৰে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল লঘুজাতক ।


১৮। গুপ্তযুগক ভাৰতীয় ইতিহাসত কি যুগ বুলি কোৱা হয় ।

উত্তৰঃ গুপ্তযুগক ভাৰতীয় ইতিহাসত সোণালী যুগ বুলি কোৱা হয় ।


১৯। তালগুণা প্ৰশস্তি কোনে ৰচনা কৰিছিল ।

উত্তৰঃ তালগুণা প্ৰশস্তি লিখিছিল কুব্জই ।


২০। স্মিথে গুপ্তযুগক কাৰ কাৰ লগত তুলনা কৰিছে ।

উত্তৰঃ স্মিথে গুপ্তযুগক ইংলেণ্ডৰ ষ্টুৱাৰ্ট আৰু এলিজাবেথৰ যুগৰ লগত তুলনা কৰিছে । 


২১।  কেইখনমান শক্তিশালী ৰাজ্যৰ নাম লিখা ।

উত্তৰঃ কেইখনমান শক্তিশালী ৰাজ্যৰ নাম হল 

কৌসম্বী, কান্তিপুৰী, মথুৰা, পদ্মাৱতী, মালৱ আৰু লিচ্ছবী ।


২২। ভাৰতবৰ্ষৰ বুৰঞ্জীত অন্ধকাৰ যুগ বুলি কোনটো যুগক কোৱা হয়।

উত্তৰঃ কুশান আৰু সাতবাহন বংশৰ ৰাজত্বকালৰ পৰা গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সময়লৈকে এই সময়ছোৱাক ভাৰতৰ বুৰঞ্জীত অন্ধকাৰ যুগ বুলি কোৱা হয় ।


২৩। গুপ্তবংশৰ ৰাজত্বকালৰ সময়ৰ প্ৰধান ভাষা কি আছিল ।

উত্তৰঃ গুপ্তবংশৰ ৰাজত্বকালৰ সময়ৰ প্ৰধান ভাষা হল সংস্কৃত ভাষা ।


চমু প্ৰশ্ন 

১। ৰামগুপ্তৰ পত্নীৰ নাম কি আছিল ।

উত্তৰঃ ৰামগুপ্তৰ পত্নীৰ নাম আছিল ধ্ৰৱদেবী ।


২। বাণভট্টয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল ।

উত্তৰঃ  বাণভট্টয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল হৰ্ষচৰিত ।


৩। সমুদ্ৰগুপ্তৰ প্ৰধান মহিষীগৰাকীৰ নাম কি আছিল ।

উত্তৰঃ সমুদ্ৰগুপ্তৰ প্ৰধান মহিষীগৰাকীৰ নাম হল দত্তদেৱী । 


৪। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি ।

উত্তৰঃ  দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত ভাৰতলৈ অহী চীনা পৰিব্ৰাজকজনৰ নাম হল ফাহিয়ান ।


৫। ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ কবি বুলি কাক কোৱা হয় আৰু তেওঁ কোনজন ৰজাৰ ৰাজসভাত স্থান পাইছিল ।

উত্তৰঃ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ কবি কালিদাসক কোৱা হয় আৰু তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত স্থান পাইছিল । 


৬। কালিদাসে ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ কালিদাসে ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম হল 

অভিজ্ঞান শকুন্তলম, মালবিকাগ্নিমিত্ৰম, ৰঘুবংশ, কুমাৰসম্ভৱ, মেঘদূত , ঋতুসংহাৰ আৰু বিক্ৰম উৰ্বশীয়ম ।


৭। কীৰাতাৰ্জ্জুন গ্ৰন্থৰ ৰচয়িতা কোন আছিল ।

উত্তৰঃ  ককীৰাতাৰ্জ্জুন গ্ৰন্থৰ ৰচয়িতা হল ভাৰবী ।


৮। বিশাখাদত্তই ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম লিখা ।

উত্তৰঃ বিশাখাদত্তই ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম হল 

মুদ্ৰাৰাক্ষস আৰু দেৱীচন্দ্ৰগুপ্তম ।


৯। ভাট্টিয়ে ৰচনা কৰা গ্ৰন্থসমূহক কি নামেৰে জনা যায়।

উত্তৰঃ ভাট্টিয়ে ৰচনা কৰা গ্ৰন্থসমূহক ভাট্টিকাব্য নামেৰে জনা যায় ।


১০। চন্দ্ৰগোমিনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল ।

উত্তৰঃ চন্দ্ৰগোমিনে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল চন্দ্ৰ ব্যাকৰণ ।


১১। ভাট্টিয়ে ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম লিখা ।

উত্তৰঃ ভাট্টিয়ে ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম হল 

মাতৃগুপ্ত আৰু ভাৰত্ৰিমেথ ।


১২ । চিত্ৰকলাৰ বিষয়ে লিখা ।

উত্তৰঃ  গুপ্ত স্থাপত্য আৰু ভাস্কৰ্যৰ সৈতে চিত্ৰকলাইও গৌৰৱৰ সীমা চুইছিল । গুপ্ত ৰাজত্বকালৰ শ্ৰেষ্ঠ চিত্ৰকলাৰ নিদৰ্শন অজন্তা, ইলোৰা আৰু বাঘ গুহাত প্ৰতিফলিত হৈছে । গুপ্ত নাগৰিকৰ সাংস্কৃতিক বিকাশত প্ৰশিক্ষণ আৰু চিত্ৰাংকণ অতি প্ৰয়োজনীয় উপাদান হিচাপে পৰিগণিত হৈছে আৰু প্ৰতিজন পুৰুষ আৰু মহিলাই সেই সময়ত চিত্ৰকলাত পাৰদৰ্শিতা লাভৰ কাৰণে চেষ্টা চলাইছিল । 

অজন্তাৰ গুহাবোৰ চিত্ৰকলাৰে পৰিপূৰ্ণহৈ আছিল যদিও এতিয়া সেইবোৰ কিছুমান চিত্ৰকলাতহে দেখিবলৈ পোৱা যায় । অজন্তাৰ চিত্ৰকলাৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰিলে দেখা পোৱা যায় যে প্ৰথমে ওপৰভাগ গুৰিশিল, গোৱৰ মাটি আৰু তুহেৰে প্ৰলেপ দি প্ৰস্তুত কৰা হয় । তাৰ পিছত বেৰৰ ওপৰভাগ সজুলিৰে সমান আৰু মিহি কৰা হয় ।

 

১৩। গুপ্তযুগৰ দুজন নাট্যকাৰৰ নাম লিখা ।

উত্তৰঃ  গুপ্তযুগৰ দুজন নাট্যকাৰৰ নাম হল 

সৌমিল আৰু কুলপুত্ৰ ।


১৪। মূল পঞ্চতন্ত্ৰ গ্ৰন্থখন  কোনে ৰচনা কৰিছিল ।

উত্তৰঃমূল পঞ্চতন্ত্ৰ গ্ৰন্থখন বিষ্ণুবৰ্মনে ৰচনা কৰিছিল । 


১৫। চৰকে  ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ চৰকে ৰচনা কৰা গ্ৰন্থখনৰ নাম হল চৰকসংহিতা ।  


১৬। পালকাপ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  পালকাপ্যই ৰচনা কৰা গ্ৰন্থখনৰ নাম হল 

হস্তায়ুবেদ । 


১৭। এজন বিখ্যাত জোৰ্তিবিদ আৰু গণিতজ্ঞৰ নাম লিখা ।

উত্তৰঃ  ব্ৰহ্মগুপ্ত ।


১৮। বিজ্ঞানৰ উন্নতিৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ  বিজ্ঞানৰ উন্নতিৰ এটা উদাহৰণ হল 

মেহৰুলীৰ লৌহ স্তম্ভ । 


১৯। ভাৰতবৰ্ষৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰবোৰৰ নাম লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰবোৰৰ নাম হল 

উজ্জয়িনী, পেছৱাৰ, বিদিশা, প্ৰয়াগ, বেনাৰস, পাটলিপুত্ৰ। 


২০। গুপ্তযুগতদুখন বিখ্যাত শিক্ষাৰ অনুষ্ঠানৰ নাম লিখা ।

উত্তৰঃ গুপ্তযুগত দুখন বিখ্যাত শিক্ষাৰ অনুষ্ঠানৰ নাম হল 

তক্ষশীলা আৰু নালন্দা বিশ্ববিদ্যালয় । 


Author- Ali rani kakati  





Post ID: DABP004375