ভৌগোলিক আৱিষ্কাৰ আৰু পূৰ্বৰ ঔপনিৱেশিক সম্প্ৰসাৰণ

Geographical Exploration and Early Colonial Expansion 

 দ্বিতীয় অধ্যায়

চমু প্ৰশ্ন উত্তৰঃ

১। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত অৰিহণা যোগোৱা উপাদানবোৰ কি কি?

উত্তৰঃ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত অৰিহণা যোগোৱা উপাদানবোৰ হৈছে- দুঃসাহসিক ভ্ৰমণ, পৃথিৱী সম্পৰ্কে জ্ঞান বৃদ্ধি, মাৰ্কোপলৰ সাগৰ যাত্ৰা, ব্যৱসায়ীক উৎসাহ আৰু অৰ্থনৈতিক সুযোগ, সাম্ৰাজ্যবাদৰ ধাৰণা, বৈজ্ঞানিক আৱিষ্কাৰ ধৰ্ম যুদ্ধ, খৃষ্টান মিছনেৰীসকলৰ ধৰ্ম প্ৰচাৰ আদি। 


২। ভৌগোলিক আৱিষ্কাৰত আগভাগ লোৱা ইউৰোপৰ প্ৰথমখন দেশৰ নাম কি?

উত্তৰঃ ভৌগোলিক আৱিষ্কাৰত আগভাগ লোৱা ইউৰোপৰ প্ৰথমখন দেশৰ নাম - পৰ্টুগাল।


৩। আফ্ৰিকাৰ দক্ষিণ দিশ আৱিষ্কাৰ কৰা প্ৰথমজন লোকৰ নাম কি?

উত্তৰঃ পৰ্টুগীজ কেপ্তেইন বাৰ্থোলোমিউ দিয়াজ আছিল আফ্ৰিকাৰ দক্ষিণ দিশ আৱিষ্কাৰ কৰা প্ৰথমজন লোক।


৪। কিমান চনত আগষ্টত কলম্বাচে স্পেইন বন্দৰৰ পৰা ৩ খন সৰু জাহাজত কিমানজন মানুহ লগত লৈ যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰঃ ১৪৯২ চনৰ আগষ্টট কলম্বাচে পেলোচ স্পেইন বন্দৰৰ পৰা ৩ খন সৰু জাহাজত ৮৭ জন মানুহ লগত লৈ যাত্ৰা আৰম্ভ কৰিছিল।


৫। কিমান খৃঃত ব্ৰাজিলৰ প্ৰথমজন বিচপ উপস্থিত হৈছিল?

উত্তৰঃ ১৫৫২ খৃঃত ব্ৰাজিলৰ প্ৰথমজন বিচপ উপস্থিত হৈছিল।


৬। আয়ৰিচ আৰু অচুঙ্কিয়ন কিমান খৃঃত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ১৫৩৫ খৃঃত আয়ৰিচ আৰু ১৫৩৬ খৃঃত অচুঙ্কিয়ন প্ৰতিষ্ঠা কৰিছিল


৭। কিমান খৃঃত লিমা আৰু মেক্সিকো চহৰত বিশ্ববিদ্যালয় স্থাপন কৰিছিল?

উত্তৰঃ ১৫৫১ খৃঃত লিমা আৰু মেক্সিকো চহৰত বিশ্ববিদ্যালয় স্থাপন কৰিছিল।


৮। খনিৰ কাৰ্য্য বুলি কাক কোৱা হয়?

উত্তৰঃ ভূভাগৰ পৰা প্ৰধানকৈ খনি বা আকৰৰ দমৰ পৰা ভূ-পদাৰ্থ আৰু মূল্যৱান ধাতু আহৰণ কৰে খনিৰ কাৰ্য্য বুলি কোৱা হয়।


৯। খনিৰ পৰা উদ্ধাৰ কৰা ধাতু কেইবিধৰ নাম কি কি?

উত্তৰঃ খনিৰ পৰা উদ্ধাৰ কৰা ধাতু  আছিল কয়লা, হীৰা, চুনশিল, বক্সাইট, ফোচফেট, লো, নিকেল, সীহ, টিন আদি।


১০। কিমান খৃঃত পৰ্টুগীজ সকল চীনৰ কেন্টনত উপস্থিত হৈছিল?

উত্তৰঃ ১৫১৭ খৃঃত পৰ্টুগীজ সকল চীনৰ কেন্টনত উপস্থিত হৈছিল।


১২। পৰ্টুগীজ সকলে জাপানত কিমান খৃঃত উপস্থিত হৈ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল?

উত্তৰঃ পৰ্টুগীজ সকলে জাপানত ১৫৪২ খৃঃত উপস্থিত হৈ বাণিজ্যিক ঘাটি স্থাপন কৰিছিল।


১৩। কিমান খৃঃত পৰ্টুগালৰ ৰজাই ইণ্ডিজ শাসন কৰিবলৈ এজন ভাইচৰয় পদৰ সৃষ্টি কৰিছিল?

উত্তৰঃ ১৫০৫ খৃঃত পৰ্টুগালৰ ৰজাই ইণ্ডিজ শাসন কৰিবলৈ এজন ভাইচৰয় পদৰ সৃষ্টি কৰিছিল।


১৪। কিমান খৃঃত এজন পৰ্টুগীজ আৱিষ্কাৰকে ৰিত্ত-দা-জেনিৰো আৱিষ্কাৰ কৰিছিল আৰু ব্ৰাজিল সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিছিল?

উত্তৰঃ ১৫৩১ খৃঃত এজন পৰ্টুগীজ আৱিষ্কাৰকে ৰিত্ত-দা-জেনিৰো আৱিষ্কাৰ কৰিছিল আৰু ব্ৰাজিল সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিছিল।


১৫। চমুটোকা লিখা।

(ক) বাগিছাকৰণ

উত্তৰঃ বাগিছাকৰণঃ পৰ্টুগীজ, ফৰাচী, ইংলেণ্ড আৰু ডাচ্ছ সকলে দখল কৰা সকলো দ অঞ্চলত শ্ৰমিক শক্তিৰ বাসস্থান আৰু ঔপনিবেশিক অৰ্থনৈতিক বিকাশে সকলো দেশকে সমানে স্পৰ্শ কৰিছিল। বাসিন্দাসকলে অপৰিহাৰ্য্য মেজ বা গোমধান উৎপাদন কৰিছিল।

    তাৰ পিছত তেওঁলোকে পৰীক্ষা মূলকভাৱে শস্যৰ খেতি আৰম্ভ কৰিছিল আৰু এই উৎপাদনবোৰ যেনে-ধপাত, কপাই আৰু আদা ইউৰোপত বিক্ৰী কৰিছিল। তাৰ পিছত কুঁহিয়াৰ খেতিয়ে দ্বীপবোৰত এটা নতুন বিকাশৰ পৰ্য্যয় মুকলি কৰিছিল। কেৰিবিয়ান জলবায়ু কুঁহিয়াৰ খেতিৰ বাবে উপযুক্ত আছিল। বৰ্দ্ধিত ফলদায়ক উপাদানে কুঁহিয়াৰ খেতি সহজলাভ্য আৰু কম মুল্যবান কৰি তুলিছিল, সেই বাবে ইয়াৰ বিক্ৰীৰ বাবে যথেষ্ট সম্ভাৱনা আছে। অৱশ্যে আন কৃষিজাত উৎপাদনৰ বিক্ৰীৰ সুবিধা ইউৰোপত কুঁহিয়াৰতকৈ কম।


(খ) আফ্ৰিকাৰ দাস

উত্তৰঃ আফ্ৰিকাৰ দাসঃ ইউৰোপৰ পৰা বহুদিন পূৰ্বে দাসত্ব ব্যৱস্থা অন্তৰ্ধান হৈছিল আনকি কৃষি দাসো ১৫০০ খৃঃৰ লগে লগে পতনৰ মুখত পৰিছিল। ইউৰোপৰ জনসাধাৰণ বৰ দুখীয়া আছিল কিন্তু সকলোৱে ব্যক্তি স্বাধীনতাৰ অধিকাৰ লাভ কৰিছিল আৰু তেওঁলোকৰ কৰ্মৰ এক গুৰুত্বপূৰ্ণ অংশ নিজৰ বাবে আৰু স্বেচ্ছামূলক আছিল। তেওঁলোকৰ কাৰ্য্যকলাপ সীমিত আছিল। যেতিয়া পৰ্টুগীজ আৰু স্পেনিচ সকলে এছিয়া, আফ্ৰিকা আৰু আমেৰিকা আৱিষ্কাৰ মাজত দাসত্ব এটা স্বীকৃত প্ৰথা আছিল আৰু তেওঁলোকে ফলপ্ৰসুভাবে নতুন বিশ্বৰ কৃষি কৰ্ম আৰু খনিৰ কামৰ বাবে দাস সকলক ব্যৱহাৰ কৰিছিল। আমেৰিকাৰ পৰ্টুগীজ আৰু স্পেনিচ উপনিবেশকাৰী সকলে বিশাল অঞ্চল সম্প্ৰসাৰিত কৰিছিল।




Author : Pompi Hazarika




Post ID: DABP004366