নৱজাগৰণ

Renaissance

অধ্যায় তৃতীয়

চমু প্ৰশ্ন উত্তৰঃ

১। ৰেনেচাঁ বা নৱজাগৰণ কাক বোলে?

উত্তৰঃ তুৰ্কীসকলৰ বৰ্বৰ অত্যাচাৰত তাৰ পৰা বেছি সংখ্যক লোকে পলায়ন কৰি ইউৰোপৰ বিভিন্ন ঠাইত আশ্ৰয় লৈছিল। এইলোক সকলে যলৈকে গৈছিল তেওঁলোকে তালৈকে লগত কঢ়িয়াই আনিছিল মহান সংস্কৃতি, পৌৰাণিক জ্ঞান, শিক্ষা, প্ৰথা আদি আৰু সেইবোৰ তাত প্ৰচাৰ কৰিছিল।


২। ৰেনেচাঁ বা ৰেনেচিওৰ এটা কি শব্দ আৰু ইয়াৰ অৰ্থ কি?

উত্তৰঃ ৰেনচাঁ বা ৰেনেচিওৰ এটা ফৰাচী শব্দ আৰু ইয়াৰ অৰ্থ হ'ল 'পুনজীৱন বা পুনজন্ম। ৰেনেচাঁ শব্দটো বিশাল আৰু সংকীৰ্ণ দুয়োটা ৰূপত ব্যৱহাৰ কৰা হৈছে।


৩। ৰেনেচাঁ ক'ত আৰম্ভ হৈছিল?

উত্তৰঃ ইটালীৰ ফ্লোৰেন্স নগৰত ৰেনেচাঁ আৰম্ভ হৈছিল।


৪। ১৫৫০ খৃঃত ইটালীৰ ৰেনেচাঁৰ পতন আৰম্ভ হোৱাৰ কাৰণ কি?

উত্তৰঃ ১৫৫০ খৃঃত ইটালীৰ ৰেনেচাঁৰ পতন আৰম্ভ হৈছিল। ইয়াৰ প্ৰধান কাৰণ আছিল ১৪৯৪ খৃঃ ফৰাচী আক্ৰমণ আৰু অবিৰাম যুদ্ধ। আন এটা কাৰণ আছিল ইটালীৰ অৰ্থনৈতিক পতন। ভূমধ্যসাগৰৰ পৰা বাণিজ্যিক পাম আটলাণ্টিক মহাসাগৰলৈ উঠাই নিয়াৰ ফলত বাণিজ্যৰ ওপৰত ইটালীৰ আধিপত্য হ্ৰাস পাইছিল। ইটালীৰ ৰেনেচাঁৰ পতনৰ মুখ্য কাৰণ আছিল প্ৰতিসংস্কাৰ।


৫। নৱজাগৰণৰ সূত্ৰপাত ক'ত হৈছিল?

উত্তৰঃ ইংলেণ্ডত নৱজাগৰণৰ সূত্ৰপাত হৈছিল।


৬। 'ৰেনেচাঁ ৰজা' বুলি কোন দুজন ৰজাক কোৱা হয়?

উত্তৰঃ ইংলেণ্ডৰ ৰজা সপ্তম হেনৰী আৰু অষ্টম হেনৰীৰ ৰাজত্বকালত নৱজাগৰণৰ উল্লেখযোগ্য সাফল্য লাভ কৰিছিল। প্ৰকৃততে এই দুয়োজন ৰজাকে 'ৰেনেচাঁ ৰজা' বুলি কোৱা হয়।


৭। ইংলেণ্ডত নৱজাগৰণৰ আদৰ্শ প্ৰচাৰ কোনে কৰিছিল?

উত্তৰঃ ইংলেণ্ডত এচাম অ'ফোৰ্ড সংস্কাৰকে নৱজাগৰণৰ আদৰ্শ প্ৰচাৰ কৰিছিল।


৮। চিকিৎসা মহাবিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ থোমাচ লিনেকাৰে চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।


৯। ইৰাচমাছে ৰচনা কৰা তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ইৰাচমাছে ৰচনা কৰা তেওঁৰ বিখ্যাত গ্ৰন্থ 'দি প্ৰেইজ অৱ ফলি' ত গীৰ্জানুষ্ঠানৰ অন্ধকাৰ দিশবোৰ নীতিৰ আধাৰত প্ৰকাশ কৰিছিল ।


১০। ইউৰোপত কিমান চনত আৰু কোনে চলনশীল ছপাশাল উদ্ভাৱন কৰিছিল?

উত্তৰঃ চলনশীল ছপাশাল প্ৰথম ইউৰোপত ১৪৬০ চনত গুটেনবাৰ্গে উদ্ভাৱন কৰিছিল।


১১। কিমান চনত কেকচ্টনে ক'ত ছপাশালৰ উদ্ভাৱন কৰিছিল?

উত্তৰঃ ১৪৭৬ চনত ইংলেণ্ডত কেকচ্টনে ছপাশালৰ উদ্ভাৱন কৰিছিল।


১২। ইউৰোপৰ এশ বছৰীয়া যুদ্ধৰ সময়ত কি কি অস্ত্ৰ উদ্ভাৱন হৈছিল আৰু কিমান শতিকাত?

উত্তৰঃ ইউৰোপৰ এশ বছৰীয়া যুদ্ধৰ সময়ত উদ্ভাৱন হোৱা বন্দুক, বাৰুদ ১৪ শতিকাক প্ৰথম ব্যৱহাৰ কৰা হৈছিল।


১৩। কিমান চনত কলম্ফাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৪৯২ চনত কলম্ফাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল।


১৪। কিমান খৃঃত মেক্সিকো নগৰত নতুন বিশ্বত প্ৰথম ছপাশাল প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ ১৫৩৫ খৃঃত মেক্সিকো নগৰত নতুন বিশ্বত প্ৰথম ছপাশাস প্ৰতিষ্ঠা হৈছিল।


১৫। কিমান খৃঃত আৱকালাত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল যত গ্ৰীক আৰু প্ৰাচ্যৰ ভাষাবোৰ অধ্যয়ন কৰা হৈছিল?

উত্তৰঃ ১৫০৮ খৃঃত আৱকালাত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল যত গ্ৰীক আৰু প্ৰাচ্যৰ ভাষাবোৰ অধ্যয়ন কৰা হৈছিল।


১৬। ৰেণেছা যুটিয়া শিক্ষাৰ মহান গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ৰেণেছা যুটিয়া শিক্ষাৰ মহান গ্ৰন্থ আছিল ''The Complutension polyglot Bible''।


১৭। এজন মহান জাৰ্মান শিল্পীৰ নাম লিখা।

উত্তৰঃ আলব্ৰেষ্ট দুৰাৰ আছিল এজন মহান জাৰ্মান শিল্পী আৰু ইটালীয়ান আদৰ্শৰ দ্বাৰা অতিশয় প্ৰভাবান্বিত হৈছিল।


১৮। বাইবেল খন কোনে জাৰ্মান ভাষালৈ অনুবাদ আৰু ছপা কৰি জাৰ্মান সাহিত্যলৈ অৱদান দি থৈ গৈছে?

উত্তৰঃ মাৰ্টিন লুথাৰে  বাইবেল জাৰ্মান ভাষালৈ অনুবাদ আৰু ছপা কৰি জাৰ্মান সাহিত্যৈ অৱদান দি থৈ গৈছে।


১৯। ভৌগোলিক দিশৰ পৰা মানৱতাবাদৰ উৎপত্তি কত হৈছিল?

উত্তৰঃ ভৌগোলিক দিশৰ পৰা মানৱতাবাদৰ উৎপত্তি ইটালীত হৈছিল। 


২০। ১৫৫০ খৃঃত ইটালীত কি পতন আৰম্ভ হৈছিল?

উত্তৰঃ ১৫৫০ খৃঃত ইটালীত ৰেনেচাঁৰ (নৱজাগৰণ) পতন আৰম্ভ হৈছিল। 


Author : Pompi Hazarika





Post ID: DABP004367