কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা 

১। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ ১৯৯৬ চনত গঠিত হৈছিল। 

২। মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ মানৱ জীৱনৰ বাল্যকাল আৰু প্ৰাপ্তবয়স্ক মাজৰ সময়চোৱাক কৈশোৰ কাল বুলি জনা যায়।

৩। ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে?

উত্তৰঃ 

৪। কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ কৈশোৰ কালক এক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি।

৫। ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল?

উত্তৰঃ ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ ১৯৮৬ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ  কৈশোৰ কাল জীৱনৰ ৰূপান্তৰৰ কাল। এই কালতে জীৱনলৈ নানান শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আনি পৰিৱৰ্তনসমূহ আহি পৰে। অর্থাৎ শিশুটোৰ আৱেগিক অৱস্থা বা সামাজিক অৱস্থাই বিকাশ লাভ কৰে।

আৱেগিক বিকাশঃ কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রৱন হয়  আৰু তেওঁলোকৰ জীৱন সম্পুর্ণভাবে আৱেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবা্দি হৈ পৰে। আশা নিৰাশাৰ দোমোজাত পৰি বহুতৰে আনৰ লগত মিলিব নোৱৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনটো পৰিচালনা কৰিব নোৱাৰাৰ বাবেই  কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্রতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপৰাধ প্রৱণতাই দেখা দিয়ে। এয়াই হল কৈশোৰত  আৱেগিক বিকাশৰ লক্ষণ৷

সামাজিক বিকাশঃ কৈশোৰৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাব লগতে সহমর্মিতাৰ উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে ঘোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত এক “উপসংস্কৃতি’ গঢ় লৈ উঠে যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল চলন, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায়। কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্ৰভাৱ বেছি। মদ, ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্রতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে এই সময়তে যথার্থ শিক্ষাৰ প্ৰয়োজন, যাৰ অবিহনে এনে সময়তে কিশোৰসকল বিপথগামী হ’ব পাৰে।


২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বর্ণনা কৰা। উদাহৰণসহ বৰ্ণনা কৰা ৷

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা সন্ধি কালৰ ল’ৰা-ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে।

    আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

    ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালটোক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। স্বাধীনতাৰ পৰৱর্তী দশকটোতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে ব্যক্ত কৰিছে। সেই কেইটা হল – ১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া, ২) নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অথনৈতিক অগ্রগতিত সহায় কৰা, আৰু ৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। আনহাতে (১৯৮৬ চনত) ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্রীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। আনহাতে একৈশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ বাবে গঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰী  (Crossroads of life) বুলি অভিহিত কৰিছে। য’ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল  সমলসমুহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰুচি প্রয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্রসৰ হ’ব পাৰি।  

    কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমৰ চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল – (ক) ভাষা শিক্ষণ, (খ) গণিত, (গ) বিজ্ঞান আৰু (ঘ) সমাজ বিজ্ঞান। ইয়াৰ লগতে কাৰিকৰী শিক্ষা, স্বাস্থ্য  আৰু শাৰীৰিক শিক্ষা, পৰিবেশ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিকো ওপৰঞ্চি বিষয় হিচাপে শিকোৱাৰ পৰামর্শ দিয়া হৈছে। এনেবোৰ বিষয় অন্তর্ভুক্তিয়ে কিশোৰৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব।


৩। চমুটোকা লিখা ।

দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্ৰৱণ কিশোৰ

উত্তৰঃ

দিবাস্বপ্নঃ দিবাস্বপ্ন হল অলীক কল্পনা। ই কৈশোৰ কালৰ সমস্যা। কল্পনা শক্তিৰ  অভূতপূর্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকে বিচৰণ কৰে।  অৱশ্যে দিবাস্বপ্নই কিশোৰৰ সৃজনী শক্তিত যোগাত্মক প্রভাৱো পেলাব পাৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাম-কাজত অংশ গ্ৰহণ কৰাতো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্রহণ কৰে। বহুতৰ মাত ভ্রমণতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক’ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ’ল কৈশোৰ কালৰ অন্তহীন কল্পনা।


বীৰপূজাঃ বীৰপূজাৰ প্রবৃত্তি কৈশোৰৰ আন এক বৈশিষ্ট। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনাদর্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়তে প্রৱল হৈ পৰে। তেনে ব্যক্তিৰ সকলো গুণ মানুহে নীৰৱে অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে এই ক্ষেত্ৰত ছবি জগতৰ, খেল জগতৰ, সংগীত জগতৰ ব্যক্তিসকলকে কিশোৰে আদর্শ হিচাপে গ্ৰহণ কৰে। বীৰপূজাৰ এই প্রবৃত্তিক সঠিক পথেৰে লৈ কৈশোৰ কালৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তর্ভুক্ত হয়।


অপৰাধপ্ৰৱণ কিশোৰঃ কৈশোৰৰ আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আৱেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা  অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব গ্রহণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। এনে অপৰাধপ্রৱণ কিশোৰক যথেষ্ট আৰু মৰমৰে সহযোগিতা কৰিব লাগে। তেওঁৰ প্ৰতি অমনোযোগিতাই তেওঁৰ এনে প্রৱণতা আৰু বঢ়াইহে তুলিব পাৰে।


৪। 'কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।' – ব্যাখ্যা কৰা।

উত্তৰঃ কিশোৰ-কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তৱৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। ই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজৰ গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহণা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।


৫। 'বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য৷’ -চমুকৈ আলোচনা কৰা।

উত্তৰঃ কৈশোৰকালত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল। এই প্রক্রিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক অফুৰন্ত শক্তিৰ গৰাকী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।


 Author Geetanjali Bora