মূল্যবোধ শিক্ষা

ক) অতি চমু প্ৰশ্নাৱলীঃ

১।ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে?

উত্তৰঃ ব্যক্তিয়ে মূল্যবোধ শিক্ষণ আৰু সামাজীকিকৰণ পৰা আয়ত্ত কৰে।

২। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমনটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰুগৱেষণা পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।

৩। লেটিন ভাষা মৰীজ শব্দটো অৰ্থ কি?

উত্তৰঃ লেটিন ভাষা মৰীজ শব্দটো অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ।

৪। নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে   Moral।

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কোন চনত ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল?

উত্তৰঃ ১৯৭৯ চনত ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল।

৬। মোক্ষ বুলিলে কি বুজা?

উত্তৰঃ মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটোৰ মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত।

খ) চমু প্ৰশ্নাৱলীঃ

১। মূল্যবোধ বুলিলে কি বুজা? ভাৰতীয় দৰ্শনত মূল্যবোধক কি কি ভাগত ভগোৱা হৈছে?

উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক, উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ।

ভাৰতীয় দৰ্শনত মূল্যবোধক ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ আদি ভাগত ভগোৱা হৈছে।

২। বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা?

উত্তৰঃ

৩। নন্দন তাত্ত্বিক মূল্যবোধ মানে কি বুজা?

উত্তৰঃ 

৪। মনোবিজ্ঞানী সকলে নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই কি বিশেষ চাৰিটা আচৰণ চিনাক্ত কৰিছে? 

উত্তৰঃ মনোবিজ্ঞানী সকলে নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা আদি বিশেষ চাৰিটা আচৰণ চিনাক্ত কৰিছে।

৫। ভাৰতীয় দৰ্শনত মূল্যবোধ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি?

উত্তৰঃ ভাৰতীয় দৰ্শনত মূল্যবোধ ৪ টা শ্ৰেণীত ভাগ কৰা হৈছে। ভাগকেইটা হল-

ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ।

৮। প্ৰকৃতিবাদী দাৰ্শনিকৰ মতটি লিখা?

উত্তৰঃ প্ৰকৃতিবদাী দাৰ্শনিকৰ মতটি হৈছে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰত হে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে, বস্তু বা প্ৰকৃতিয়েহে মূল্যবোধ নিৰূপন কৰে।

৯। কেনেধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি কব নোৱাৰি?

উত্তৰঃ ক্ষুধা, অজ্ঞতা, বেমাৰ-আজাৰ, অশান্তি আদি কাৰ্য কোনো মূল্য আছে বুলি কব নোৱাৰি।

১০। মূল্যবোধ সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়?

উত্তৰঃ মূল্যবোধ সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন কাৰ্যাৱলী আদি দিশক সামৰি লয়।

১১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ।

১২। সহজ অৰ্থত মূল্যবোধ মানে কি?

উত্তৰঃ সহজ অৰ্থত মূল্যবোধ মানে হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজীকীকৰণৰ যোগেদি আয়ত্ত কৰে।