Chapter - 2

পৰিৱেশ ভূগোল


1/ 'পৰিৱেশ' শব্দটোৰ অৰ্থ কি? 

উত্তৰঃ বহল অৰ্থত পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্পদায়ৰ কেউকাষৰ অৱস্থাকে বুজায়।


2/ পৃথিৱীৰ পৰিৱেশৰ উপাদানসমূহ কেইটা মণ্ডলত অন্তৰ্গত?

উত্তৰঃ পৃথিৱীৰ পৰিৱেশৰ উপাদানসমূহক চাৰিটা মণ্ডত ভাগ কৰিছে।

                                1/ স্থলমণ্ডল

                                2/ জলমণ্ডল

                                3/ জীৱমণ্ডল

                                4/ বায়ুমণ্ডল


3/ স্থল মণ্ডল কাক বোলে?

উত্তৰঃ শিল, মণিক, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে।


4/ স্থল মণ্ডলত কিমান শতাংশ ভূ-পৃষ্ঠৰে আগুৰি আছে? 

উত্তৰঃ স্থল মণ্ডলত ২৯ শতাংশ ভূ-পৃষ্ঠৰে আগুৰি আছে। 


5/ জল মণ্ডল কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ জলমণ্ডল পৃথিৱীৰ সাগৰ মহাসাগৰ বোৰৰ দ্বাৰাৰ গঠিত। 


6/ জলমণ্ডল ভূ-পৃষ্ঠত কিমান শতাংশ আগুৰি আছে? 

উত্তৰঃ জলমণ্ডলে ভূ-পৃষ্ঠত ৭১ শতাংশ আগুৰি আছে। 


7/ জীৱমণ্ডল কিহৰ দ্বাৰা গঠিত? 

উত্তৰঃ পৃথিৱীৰ যিবোৰ অংশত জীৱ, অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ আৰু সেইবোৰকে সামৰি জীৱ মণ্ডল গঠিত। 


8/ হৰ্ম ছেপিয়েনছ বুলিলে কি বুজা? 

উত্তৰঃ হৰ্ম ছেপিয়েনছ বুলিলে মানুহকে বুজা যায়। 


9/ বায়ুমণ্ডল কাক বোলে ? 

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছিয় পদাৰ্থৰ ডাঠ তৰণ। অক্সিজেন, নাইট্ৰ 'জেন, হাইড্ৰ'জেন, কাৰ্বন ডাই অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰণটোকে বায়ুমণ্ডল বোলা হয়। 


10/ বায়ু মণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পী আছে? 

উত্তৰঃ বায়ুমণ্ডল ভূ- পৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে। 


11/ পৰিৱেশ ভূগোল কাক বোলে? 

উত্তৰঃ ভূগোল বিজ্ঞান বিষয়টোৰ অধ্য়য়ন পৰিসৰৰ ভিতৰতে পৰিৱেশিক সমস্য়াৰ বিশেষ অধ্য়য়নৰ বাবে এটা নতুন শাখা গঢ়ি তোলা হৈছে। এই শাখাটোক পৰিৱেশ ভূগোল বোলে। 


12/ বিজ্ঞানৰ সমন্বিত অধ্য়য়ন কাক বোলে? 

উত্তৰঃ ৰসায়ন বিজ্ঞান, ভূবিজ্ঞান, জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান আদি বিষয়ক বহু কথা পৰিৱেশ বিজ্ঞানে সামৰি থৈছে। সেয়ে ইয়াক এক বিজ্ঞানৰ সমন্বিত অধ্য়য়ন বোলে। 


13/ পৰিৱেশৰ উপাদান সমূহক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? 

উত্তৰঃ ২ টা ভাগত 

                                        1/) জীৱীয় উপাদান 

                                        2/)অজীৱীয় উপাদান।


14/ বনাঞ্চলে ভূ-পূষ্ঠৰ (স্থলমণ্ডল) কিমান শতাংশ আগুৰি আছে ?

উত্তৰঃ বনাঞ্চল ভূ-পৃষ্ঠৰ ৬শতাংশ আগুৰি আছে ।


15/ পৃথিৱীত এতিয়ালৈকে চিনাক্ত কৰা জীৱ-জন্তু প্ৰজাতিৰ কিমান শতাংশ অৰণ্য়ত পোৱা যায়?

উত্তৰঃ ৭৫ শতাংশ জীৱ-প্ৰজাতি এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু এইবোৰক অৰণ্য়ত পোৱা যায়।


16/ মধ্য় অক্ষাংশৰ ঘাঁহনি অঞ্চলত প্ৰধানকৈ কি নামৰ এবিধ মাটি পোৱা যায়?

উত্তৰঃ চাৰ্নোজেম (CHERNOZEM) নামৰ এবিধ মাটি পোৱা যায়।


17/ পডজল বুলিলে কি বুজা?

উত্তৰঃ উচ্চ অক্ষাংশৰ শীতল আৰু জীপাল পৰিৱেশ য'ত সাধাৰণতে সৰলবগীয় গছ জন্মে, তাৰ মাটিক পডজল বোলে।


18/ ভূৰ্গভস্থ পড্জল কাক বোলে?

উত্তৰঃ পানী ভূগৰ্ভতো পানি জমা হৈ আছে, তাৰ মাটিক পড্জল বোলে।


19/ নিৰ্বনিকৰণ কাক বোলে?

উত্তৰঃ বননি ধ্বংশ কাৰ্য্য়ক নিৰ্ৱনীকৰণ বোলে।


20/ সেউজগৃহ প্ৰভাৱ কাক বোলে?

উত্তৰঃ সেউজগৃহ গেছ আৰু এই গেছবোৰে বায়ুমণ্ডল উত্তাপ বৃদ্ধি কৰা কাৰ্য্য়ক সেউজগূহ সেউজগৃহ প্ৰভাৱ বোলে।


21/ সৰ্বপ্ৰধান কাক বোলে?

উত্তৰঃ পৰিৱেশৰ সমস্য়ই মানৱ জাতিক অতি উদ্বিগ্ন আৰু শংকতি কৰি তুলিছে, তাৰ ভিতৰত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি সম্বন্ধীয় সমস্য়াটোকে সবপ্ৰধান বোলে।


22/ পানী প্ৰদূষক কাক বোলে?

উত্তৰঃ দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত নিৰ্মল পানী ব্য়ৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে।


TYPE- Bharat Kalita

MORIGAON ASSAM






Post ID : DABP005015