তিৱাসকল

অধ্য়ায়- ১৩

১। তিৱাসকল ভাষিক দিশৰ পৰা এওঁলোক কিহৰ অন্তৰ্গত?

উত্তৰঃ ইন্দো-চীনৰ অন্তৰ্গত।


২। এওঁলোক কি থালৰ লোক?

উত্তৰঃ 'বড়ো' থালৰ লোক।


৩। বৰ্তমান এই গোষ্ঠীৰ লোকসকল অসমৰ ক'ত ক'ত সিঁচৰতি হৈ আছে?

উত্তৰঃ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজী, লক্ষীমপুৰ শদিয়া আৰু মেঘালয় ৰাজ্য় কিছু অংশত সিঁচৰতি হৈ আছে।


৪। তিৱাসকলক সুক্ষ্মভাৱে কেইটা ভাগত বিভক্ত কৰা হয় আৰু কি কি?

উত্তৰঃ তিনিটা ভাগত যেনে- দাঁতিঅলীয়া, পাহাৰীয়া আৰু থলোৱালী।


৫। বৰ্তমান কেইটা ভাগত ভগোৱা হয়?

উত্তৰঃ দুটা ভাগত ভগোৱা হয় যেনে- পাহাৰীয়া আৰু ভৈয়ামীয়া।


৬। তিৱাসকলৰ প্ৰাক-ঐতিহাসিক যুগৰ এজন কিংৱদন্তিমূলক ৰজাৰ নাম লিখা?

উত্তৰঃ জোঙাল বলহু।


৭। কাৰ অধীনত 'পাঁচো ৰাজ্য়' আৰু 'সাঁতো ৰাজ্য়' বুলি বাৰখন সৰু ৰাজ্য়কে ধৰি দমাল দন্দুৱাৰ আদিৰ ৰাজ্য়ৰ জন্ম হৈছিল

উত্তৰঃ আহোমৰ ৰজা আৰু জাগী চকীৰ অধীনত।


৮। কিমান খ্ৰীষ্টাব্দত গোভা ৰজাই তিনিজন ব্ৰিটিছক ধৰি আনি কালী গোসাঁনীৰ আগত বলি দিছিল?

উত্তৰঃ ১৮৩৫ খ্ৰীষ্টাব্দত।


৯। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 'ফুলগুৰি ধেঁৱা'ৰ জন্ম আৰু নেতৃত্ব কোনে দিছিল?

উত্তৰঃ তিৱাসকলে।


১০। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত কি বোলা হয়?

উত্তৰঃ 'জেলা' বুলি কোৱা হয়।


১১। পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীক কি বুলি কোৱা হয় আৰু বাসগৃহটোক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে 'জেলা' বুলি কোৱা হয় আৰু বাসগৃহটোক 'ন'বাৰ' হিচাপে অভিহিত কৰা হয়।


১২। ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ কিহৰ উপাসক?

উত্তৰঃ জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক।


১৩। এওঁলোকৰ পাহাৰ অঞ্চলৰ বিভিন্ন পূজা, উৎসৱ-পাৰ্বণবোৰ কি কি?

উত্তৰঃ ৱানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কান্ঠি, লাংখন্, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্য়ৱা ইত্য়াদি।


১৪। এওঁলোকৰ ভৈয়াম অঞ্চলৰ উৎসৱ-পাৰ্বণবোৰ কি কি?

উত্তৰঃ জোনবিল মেলা, বৰত্, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, আৰু কাতি বিহু ইত্য়াদি।


১৫। পুৰুষে পৰিধান কৰা বস্ত্ৰ কেইবিধমানৰ নাম লিখা।

উত্তৰঃ থানা, তাগলা, থেনাচ্, ফালি, ফাগা ইত্য়াদি।


১৬। তিৱাসকলে পৰিধান কৰা কেইবাবিধৰ মণি নাম লখা।

উত্তৰঃ চাপল, চিংলি ল, কল্ পান্থা তিৱাসকলে পৰিধান কৰে।


১৭। এওঁলোকে কাণত পৰিধান কৰা অলংকাৰ কেইবিধমানৰ নাম লিখা।

উত্তৰঃ খাইদং, ছন্য়ানে খাইদং আৰু ৰূফানে খাইদং আদি।


১৮। আমিষভোজী তিৱাসকলৰ প্ৰিয় খাদ্য় কি?

উত্তৰঃ টু মেছাম্ ( কুকুৰা মঙহ) আৰু ৱা মেছাম্ ( গাহৰিৰ মঙহ) প্ৰিয় খাদ্য়।


১৯। তেওঁলোকে প্ৰস্তুত কৰি লৈ পান কৰা পানীবিধক কি বোলে?

উত্তৰঃ 'জ্য়ু' বোলে।


২০। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্য়ৱহাৰ কৰা বিভিন্ন বাদ্য়-যন্ত্ৰবোৰ কি কি?

উত্তৰঃ খ্ৰাম্ (ঢোল) বাৰ, খ্ৰাম্ খুজুৰা, খ্ৰাম্ পান্থাই, দুম্দিং, দগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য়; বাঁহৰ পাবেৰে তৈয়াৰী, ৱাফাং খ্ৰাম, থক্থৰৰক; মুখেৰে ফু দি আঙুলি ব্য়ৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম'হৰ শিঙেৰে পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্য়াদি বাদ্য়যন্ত্ৰৰ পয়োভৰ তিৱাসকলৰ মাজত দেখা যায়।


২১। তিৱাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ ইন্দ্ৰচিং দেউৰী, বলাইৰাম সেনাপতি।


২২। ইন্দ্ৰচিং দেউৰী জন্ম হোৱা গাঁওখনৰ নাম কি? আৰু তেওঁ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত জন্ম হৈছিল।


২৩। তেওঁ কিমান চনত কোনখন বিদ্য়ালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৩৯ চনৰ কাৰ্বি আংলং জিলাাৰ বাউলাগোগ প্ৰাথমিক বিদ্য়ালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিল।


২৪। ইন্দ্ৰচিং দেউৰীয়ে ৰচনা কৰা জনপ্ৰিয় গীতটিৰ নাম কি?

উত্তৰঃ 'অ' তিৱা, অ' তিৱা ছেৰান চোৱা' গীতটিৰ নাম।


২৫। ইন্দ্ৰচিং দেউৰীৰ নেতৃত্বত জন্ম হোৱা সংগঠনটোৰ নাম কি?

উত্তৰঃ 'লালুং দৰবাৰ'।


২৬। পাহাৰৰ তিৱাসকলে ইন্দ্ৰচিং দেউৰীক কি বুলি সম্বোধন কৰিছিল?

উত্তৰঃ 'ফা পৰৈ' ( জাতিৰ পিতা ) বুলি সম্বোধন কৰিছিল।


২৭। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৯৯৪ চনৰ ২০ আগষ্ট তাৰিখে।


২৮। অসমৰ সাহিত্য়-সংস্কৃতিৰ জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক, সংস্কৃতিৰ সাধক কোন?

উত্তৰঃ বলাইৰাম সেনাপতি।


২৯। তেওঁ কিমান চনত জন্ম হৈছিল? আৰু ক'ত? 

উত্তৰঃ ১৯৩১ চনৰ ৩ মাৰ্চত, নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত।


৩০। তেওঁৰ পিতাকৰ নাম আৰু মাকৰ নাম কি?

উত্তৰঃ তেওঁৰ পিতাকৰ নাম বগাৰাম সেনাপতি, আৰু মাকৰ নাম পদ্মেশ্বৰী বৰদলৈ।


৩১। 'তিৱা কৃষ্টি সন্থা' গঠনত বিশেষ উদ্য়োগ কোনে গ্ৰহণ কৰিছিল?

উত্তৰঃ বলাইৰাম সেনাপতিয়ে।


৩২। ১৯৫৪ চনত প্ৰকাশ কৰা গীতৰ পুথিখনৰ নাম কি?

উত্তৰঃ 'মুকুল'।


৩৩। বলাইৰাম সেনাপতিয়ে লেখা-মেলা ক'ত ক'ত কৰিছিল?

উত্তৰঃ বিভিন্ন কাকত, আলোচনী, স্মৃতিগ্ৰন্থ, মুখপত্ৰত তেওঁ নিয়মিতভাৱে লেখা-মেলা কৰিছিল।


৩৪। কিমান চনত অসমে তেওঁলে বঁটা প্ৰদান কৰিছিল? আৰু বঁটাটোৰ নাম কি?

উত্তৰঃ ২০১১ চনত  অসমে তেওঁলে বঁটা প্ৰদান কৰিছিল আৰু বঁটাটোৰ নাম 'বকুল বন বঁটা'।


৩৫। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ২০১৪ চনৰ ১১ মে'ত ইহলীলা সম্বৰণ কৰে।


Type By- Jatin Nath



Post ID: DABP005241