দেউৰীসকল
অধ্য়ায়- ১৪
১। অসমলৈ দেউৰীসকল কোন দিশৰ পৰা প্ৰব্ৰজন ঘটে?
উত্তৰঃ উত্তৰ-পূৱ দিশৰ পৰা।
২। দেউৰীসকল সামাজিকভাৱে কেইটা খেলত বিভক্ত আৰু কি কি?
উত্তৰঃ চাৰিটা খেলত বিভক্ত যেনে- ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।
৩। দেউৰীসকল বহু বছৰ ধৰি কোন অঞ্চলত বসবাস কৰি আছিল?
উত্তৰঃ শদিয়া অঞ্চলত।
৪। দেউৰীসকল বৰ্তমান উজনি অসমৰ কেইখন জিলাত আছে আৰু জিলা কেইখনৰ নাম কি?
উত্তৰঃ ৮ খন জিলাত। যেনে- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ, আৰু বিশ্বনাথ জিলাত আছে।
৫। দেউৰীসকলে নিজকে কি বুলি পৰিচয় দিয়ে?
উত্তৰঃ 'জিম'চঁণায়া' বুলি পৰিচয় দিয়ে।
৬। ভাৰতীয় সংবিধানে দেউৰীসকলক কি জনজাতি হিচাপে স্বীকৃতি দিছে?
উত্তৰঃ অনুসূচীত জনজাতী হিচাপে।
৭। দেউৰী ভাষা মূলত কিহৰ অন্তৰ্গত?
উত্তৰঃ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত।
৮। দেউৰীসকলে কি ধৰ্মক বিশ্বাস কৰে?
উত্তৰঃ 'কুন্দি' ধৰ্মক বিশ্বাস কৰে।
৯। 'কুন্দিমামা' তেওঁলোকৰ কোন?
উত্তৰঃ 'কুন্দিমামা' তেওঁলোকৰ উপাস্য় দেৱতা।
১০। 'কুন্দিমামা'ৰ অৰ্থ কি?
উত্তৰঃ 'কুন্দি' মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু 'মামা' মানে প্ৰকৃতিক বুজাইছে।
১১। তেওঁলোকে এই বিশ্ব-ব্ৰহ্মণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা বুলি কাক বিশ্বাস কৰে?
উত্তৰঃ কুন্দিমামাক।
১২। দেউৰীসকল সাধাৰণতে কি জীৱি লোক?
উত্তৰঃ কৃষিজীৱি লোক।
১৩। তেওঁলোকৰ জীৱন বহু পৰিমাণে কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ খেতিৰ ওপৰত।
১৪। তেওঁলোকৰ প্ৰধান খেতিৰ কেইবিধমানৰ নাম লিখা।
উত্তৰঃ ধান,মাহ, সৰিয়হ, মৰাপাট আৰু বিভিন্ন প্ৰকাৰৰ শাক-পাচলি তেওঁলোকৰ প্ৰধান খেতি।
১৫। দেউৰীসকলে তাহানিৰে পৰা কেনেদৰে চাংঘৰ ঘৰ সাজি বাস কৰি আহিছে?
উত্তৰঃ কাঠ,বাঁহ, বেত আৰু খেৰেৰে চাংঘৰ সাজি বাস কৰি আহিছে।
১৬। দেউৰীসকলে পালন কৰা উৎসৱ কেইটাৰ কি কি?
উত্তৰঃ ৰঙালী বিহু, মাঘ বিহু, কাতি বিহু, দেউৰীসকলে পালন কৰা উৎসৱ।
১৭। দেউৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।
উত্তৰঃ জননেতা ভীমবৰ দেউৰী, ৰাধাকান্ত দেউৰী, সমাজসেৱক আৰু ৰাজনীতিক বৰ্গৰাম দেউৰী, সমাজসেৱক শ্ৰীচন্দ্ৰ সিং দেউৰী।
১৮। জননেতা ভীমবৰ দেউৰীক কোনে 'জননেতা' আখ্য়াৰে বিভূষিত কৰিছিল।
উত্তৰঃ অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ।
১৯। ভীমবৰ দেউৰী কিমান চনত জন্ম হৈছিল?
উত্তৰঃ ১৯০৩ চনৰ মে' মাহৰ ১৬ তাৰিখ আৰু অসমীয়া জেঠ মাহৰ ৩ তাৰিখে ভীমবৰ দেউৰীৰ জন্ম হৈছিল।
২০। তেওঁ পিতৃ আৰু মাতৃ নাম কি আছিল?
উত্তৰঃ পিতৃৰ নাম গদৰাম (গদৰা) দেউৰী মাতৃৰ নাম বাজতী (বাজং) দেউৰী আছিল।
২১। এওঁৰ পিতৃ পূৰ্ব বাসস্থান ক'ত আছিল বুলি জনা যায়?
উত্তৰঃ শদিয়াত আছিল বুলি জনা যায়।
২২। কিমান চনত ভীমবৰ দেউৰীয়ে কৰ আদালতত ওকালতি আৰম্ভ কৰে?
উত্তৰঃ ১৯৩২ চনত ডিব্ৰুগড় আদালতত ওকালতি আৰম্ভ কৰে।
২৩।Assam Backward Plains Tribal League চমুকৈ ট্ৰাইবেল লীগৰ কোনে জন্ম দিয়ে?
উত্তৰঃ ভীমবৰ দেউৰীয়ে।
২৪। অসম বিধান সভাৰ মুঠ ১০৮ খন আখনৰ মাজত ৪ খন আখন কাৰ বাবে সংৰক্ষণ কৰা হয়?
উত্তৰঃ ভৈয়াম-জনজাতীসকলৰ বাবে।
২৫। ভীমবৰ দেউৰীৰ কিমান চনত কাৰ লগত বিবাহ হৈছিল?
উত্তৰঃ ১৯৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত মন্ত্ৰী ৰূপ নাথ ব্ৰহ্মৰ কন্য়া কমালৱতী ব্ৰহ্মৰ লগত বিবাহ হৈছিল।
২৬। 'আচাম ট্ৰাইবচ্ এণ্ড ৰেছেচ ফেডাৰেচন'ৰ' গুৰি ধৰোতা কোন আছিল?
উত্তৰঃ ভীৱবৰ দেউৰী।
২৭। তেওঁ কিমান চনত মৃত্য়ু হৈছিল?
উত্তৰঃ১৯৪৭ চননৰ ৩০ নবেম্বৰত।
২৮। তেওঁ মুঠতে কিমান বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰিছল ?
উত্তৰঃ ৪৪ বছৰ বয়সত।
২৯। তেওঁৰ মৃত্য়ু সময়ত কাক কাক এৰি যায়?
উত্তৰঃ পত্নী কমলাৱতী দেউৰীৰ পুত্ৰ ক্ৰমে পীতাম্বৰ দেউৰী, পৃথ্বীবৰ দেউৰী, ইন্দিবৰ দেউৰী আৰু কন্য়া ভাৰতী দেউৰীক এৰি যায়।
৩০। ৰাধাকান্ত দেউৰীৰ জন্ম কিমান চনত ক'ত হৈছিল?
উত্তৰঃ ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত।
৩১। এওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?
উত্তৰঃ পিতৃৰ নাম আদিচন দেউৰী আৰু মাতৃৰ নাম তাইবা দেউৰী।
৩২। ৰাধাকান্ত দেউৰীৰ কেইগৰাকী বায়েক-ভনীয়েক আছিল?
উত্তৰঃ তিনিগৰাকী।
৩৩। তেওঁ কিমান চনত শিক্ষা জীৱন আৰম্ভ কৰে?
উত্তৰঃ ১৯৪২ চনত।
৩৪। ৰাধাকান্ত দেউৰীৰ অন্য়তম সংযোতিক পুথিখনৰ নাম কি?
উত্তৰঃ 'দেউৰী শব্দ সম্ভাৰ'
৩৫। সমাজসেৱক আৰু ৰাজনীতিক বৰ্গৰাম দেউৰী কিমান চনত জন্ম গ্ৰহণ কৰে?
উত্তৰঃ ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে।
৩৬। তেওঁ ওকালতি জীৱন কিমান চনৰ পৰা আৰম্ভ কৰে?
উত্তৰঃ ১৯৭১ চনৰ পৰা।
৩৭। তেওঁ কিমান চনত কি ৰোগত আক্ৰান্ত হৈ মৃত্য়ু বৰণ কৰিছিল?
উত্তৰঃ ২০০৪ চনত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্য়ু বৰণ কৰিছিল।
৩৮। শ্ৰীচন্দ্ৰ সিং দেউৰীৰ কিমান চনত জন্ম হৈছিল?
উত্তৰঃ ১৯২৭ চনৰ ২৮ এপ্ৰিলত।
৩৯। লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা একে লেঠাৰিয়ে কিমান খন পুথি ৰচনা কৰিছিল আৰু পুথিকেইখনৰ নাম কি?
উত্তৰঃ ৬ খন পুথি ৰচনা কৰিছিল। আৰু পুথিকেইখনৰ নাম 'আৰাও' (১৯০৩ চন ), 'আৰ্চিয় ইবাঁ' ( ২০১৪ চন ), 'আমিৰিয়া ইবাঁ' ( ২০১৩ চন ), 'বিচু' ( ২০১৫ চন ) 'হিচৰি' ( ২০১৬ চন ), 'দেউৰী জনজীৱন' ( ২০১৬ চন )
৪০। শ্ৰীচন্দ্ৰ সিং দেউৰীয়ে কৰিমান চনত কলা শাখাত নাম লগাই?
উত্তৰঃ ১৯৬২ চনত।
Type By- Jatin Nath
Post ID: DABP005242