নেপালীভাষী গোৰ্খাসকল

অধ্য়ায়- ১৫

১। নেপালীভাষী লোক বুলি কলে কি বুজা?

উত্তৰঃ আৰ্য-মঙ্গোল-কিৰাত সংমিশ্ৰিত জনসমুদায়ক বুজা যায়।


২। সাম্প্ৰতিক সময়ত ভাৰতৰ 'নেপালীভাষী' লোকক কি নামেৰে জনা যায়?

উত্তৰঃ 'গোৰ্খা' বুলি জনা যায়।


৩। কোনো কোনো পণ্ডিতৰ মতে নেপালীসকলৰ অধিকাংশই কৰ পৰা সৃষ্টি ?

উত্তৰঃ 'খচ'ৰ পৰা সৃষ্টি।


৪। ২০১১ চনৰ লোকপিয়লৰ তথ্য়মতে অসমৰ নেপালীভাষীৰ লোকৰ সংখ্য়া কিমান?

উত্তৰঃ ৫,৯৬, ২১০ গৰাকী।


৫। প্ৰায় পাঁচ হেজাৰ বছৰ আগৰ পৰাই অসম আৰু নেপালৰ মাজৰ এই সমগ্ৰ অঞ্চলটোক কি বুলি জনা যায়?

উত্তৰঃ 'জম্বুদ্বীপ' বা 'আৰ্যাৱৰ্ত' নামেৰে জনা যায়।


৬। অসমৰ নেপালিভাষী সকলে বছৰেকীয়া পিতৃশ্ৰাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি কি বুলি কয়?

উত্তৰঃ 'জম্বুদ্বীপে, আৰ্যাৱৰ্তে,ভাৰতবৰ্ষে, অসম প্ৰান্তে' বুলি কয়। 


৭। 'লাল মোহৰীয়া পাণ্ডা' বুলি কলে কি বুজা?

উত্তৰঃ কামাখ্য়া মন্দিৰত পূজা কৰাবলৈ নেপালৰ পৰা অনা পূজাৰী সকল।


৮। সুগৌলী সন্ধিৰ কাৰ কাৰ মাজত কেতিয়া হৈছিল?

উত্তৰঃ তৎকালীন ব্ৰিটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত হয়।


৯। 'ট্ৰাইবেল বেল্ট এণ্ড ব্লক'ত নেপালীভাষী লোকসকলে কেতিয়া 'সংৰক্ষিত শ্ৰেণী'ৰ মযৰ্দা পাইছিল?

উত্তৰঃ গোপীনাথ বৰদলৈদেৱৰ মুখ্য়মন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত।


১০। মহিলাসকলে পালন কৰা উৎসৱটোৰ নাম  কি?

উত্তৰঃ 'তীজ' উৎসৱ।


১১। ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱটোক কি বোলে?

উত্তৰঃ 'তিহাৰ' বোলে।


১৩। অসমৰ গোৰ্খা জনগোষ্ঠীৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা?

উত্তৰঃ ছবিলাল উপাধ্য়ায়, দলবীৰ সিং লোহাৰ, হৰিপ্ৰসাদ গোৰ্খা ৰাই।


১৪। ছবিলাল উপাধ্য়ায় জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৮২ চনৰ মে' মাহত।


১৫। ছবিলাল উপাধ্য়ায়ক কিহৰ বাবে ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল?

উত্তৰঃ কংগ্ৰেছত যোগদান কৰা বাবে।


১৬। মহত্মা গান্ধী অসমলা কেতিয়া আহিছিল?

উত্তৰঃ ১৯২১ চনত।


১৭। ভাৰত ত্য়াগ আন্দোলন কিমান চনত কাৰ নেতৃত্বত চলিছিল?

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনত চলিছিল।


১৮। দলবীৰ সিং লোহাৰৰ জন্ম কিমান চনত ক'ত হৈছিল?

উত্তৰঃ ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড় খলিহামাৰীত তেওঁৰ জন্ম হৈছিল।


১৯।তেওঁৰ পিতৃৰ নাম কি?

উত্তৰঃ অনতবাম লোহাৰ।


২০। অসমৰ নেপালীভাষী প্ৰথম বিধায়ক কোন?

উত্তৰঃ দলবীৰ সিং লোহাৰ।


২১। তেওঁ মৃত্য়ু কিমান চনত হয়?

উত্তৰঃ ২৯ জুলাই ১৯৬৯ চনত।


২২। নাগালেণ্ডৰ ৰাজধানী কি?

উত্তৰঃ ক'হিমা।


২৩। হৰিপ্ৰসাদ গোৰ্খা ৰায়ৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১৫ চনৰ ১৫ মাৰ্চত।


২৪। তেওঁ কাৰ পুত্ৰ আছিল?

উত্তৰঃ ধনৰাজ ৰাই আৰু যশোদা ৰাইৰ পুত্ৰ আছিল।


২৫। অসম সাহিত্য় সভাৰ প্ৰথম সভাপতি কোন?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।


২৬। অসমীয়া ভাষাত ৰাজনৈতিক প্ৰৱন্ধ কোনে কিমান চনত লিখিছিল?

উত্তৰঃ হৰিপ্ৰসাদ গোৰ্খা ৰাই ১৯৩৫ চনত লিখিছিল।


২৭। ৰাইয়ে কেইখন অভিধান ৰচনা কৰিছিল?

উত্তৰঃ ৬ খন।


২৮। অভিধান কেইখনৰ নাম লিখা।

উত্তৰঃ ( ক) মিকিৰ শব্দকোষ ( ১৯৭৪-৭৬)

            ( খ ) পুমেইতাঙখুল শব্দকোষ ( ১৯৭৪-৭৬)

            ( গ) মৰাম শব্দকোষ ( ১৯৭৪-৭৬)

            ( ঘ ) মেইৰিঙ শব্দকোষ ( ১৯৭৪-৭৬)

            ( ঙ ) অসমীয়া শব্দকোষ ( ১৯৭৪-৭৬)

            ( চ ) নেপালী শব্দকোষ ( ১৯৭৪-৭৬)


২৯। তেওঁ নেপালীভাষাত কেইখন পুথি সৃষ্টি কৰিছিল?

উত্তৰঃ ৩ খন।


৩০) পুথিকেইখনৰ নাম কি?

উত্তৰঃ ১) বাবৰী ( কবিতা-সংকলন, ১৯৭৪ )

            ২) মনচৰিকো বোলী ( কবিতা-সংকলন, ১৯৭৭)

            ৩) য়হা বদনাম হুঞ্চ ( গল্প-সংকলন ১৯৭৪)



Type By- Jatin Nath






Post ID: DABP005301