বড়োসকল

অধ্য়ায়-১৬

১। বড়োসকল কৰ আদিম জনগোষ্ঠী?

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ।


২। বড়ো শব্দটো কিহৰ সমষ্টি?

উত্তৰঃ বড়ো শব্দটো বহল অৰ্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি।


৩। এওঁলোকক গোৱালপাৰা জিলা আৰু নেপালত কি বুলি জনা যায়?

উত্তৰঃ গোৱালপাৰা জিলাত মেচ আৰু নেপালত মেচে হিচাবে জনা যায়।


৪। বড়ো ভাষা কি ঠালৰ ভাষা?

উত্তৰঃ চীনা তিব্বত-বৰ্মীয় ঠালৰ ভাষা।


৫। পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ কেইটা ঠাল আছে আৰু কি কি?

উত্তৰঃ পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ দুটা ঠাল আছে। যেনে-১। তিব্বত বৰ্মীয় আৰু

                                                                                                            ২। টাই-চীনা ভাষা।


৬। তিব্বত বৰ্মীয় বৃহৎ ভাষাটো কি?

উত্তৰঃ বড়ো-নাগা ভাষা। 


৭। বডো মূলৰ সৃষ্টি হোৱা ভাষাবোৰ কি কি?

উত্তৰঃ ডিমাছা, গাৰো, ৰাভা, চুতীয়া, লালুং, হাজং, আৰু তিৱা।


৮। কিমান চনত বড়ো ভাষাই অসমৰ ৰাজ্য়িক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰিছিল?

উত্তৰঃ ১৯৮৪ চনত।


৯। কিমান চনত কেন্দ্ৰিয় লোক আয়োগে বড়ো ভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে?

উত্তৰঃ ২০০৫ চনৰ ডিচেম্বৰ মাহৰ ৩ তাৰিখে।


১০। বড়ো ভষাৰ প্ৰথমখন গ্ৰন্থ নাম কি?

উত্তৰঃ গংগাচৰণ কছাৰী 'বড়ো ফিছা ও আইন' ( ১৯১৫)।


১১। বড়োসকলৰ অতি পুৰণি ধৰ্মটো কি?

উত্তৰঃ বাথৌ ধৰ্ম। 


১২। বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা কোন?

উত্তৰঃ বাথৌ বৌৰাই  বড়ৌসকলৰ  শ্ৰেষ্ঠ দেৱতা।


১৩। বড়োসকলে কাক ঈশ্বৰ হিচাপে মানি লয়?

উত্তৰঃ বড়োসকলে মাটি (হা), বায়ু (বাৰ), পানী (দৈ), আকাশ (আখ্ৰাং) আৰু সূৰ্য (সান) এই পঞ্চতত্ত্বৰ সৃষ্টিকৰ্তাজনক  ঈশ্বৰ হিচাপে মানি লয়।


১৪। বড়োসকলৰ ধৰ্মীয় উৎসৱটোৰ নাম কি?

উত্তৰঃ খেৰাই।


১৫। বড়ো ভাষাত প্ৰকাশ হোৱা কেইখনমান বাতৰি কাকতৰ নাম লিখা।

উত্তৰঃ 'বডোছা', 'বডোলেণ্ড ইংখং', 'বডোলেণ্ড চানস্ৰি', আৰু 'হায়েননি ৰাদাব' আদি।


১৬। বড়ো মহিলা নাইবা জীয়ৰীসকলে কিহত যথেষ্ঠ পাকৈত?

উত্তৰঃ কাপোৰ বোৱা-কটাত।


১৭। বড়ো মহিলাসকলে কি কি বয়?

উত্তৰঃ দখনা, আৰনাই, ফালি, চাদ্ৰি ইত্য়াদি বয়।


১৮। বড়োসকলে কোনখন কাপোৰক শ্ৰদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্য়ৱহাৰ কৰে?

উত্তৰঃ আৰনাইখন।


১৯। বড়োসকলৰ প্ৰধান গীতসমূহৰ নাম লিখা।

উত্তৰঃ ১) প্ৰৰ্থনা গীত ( আৰজ মেথায়), ২) লোক গীত ( খুগা মেথায় ) আৰু ৩) আধুনিক গীত (গৌদান মেথায়)


২০। প্ৰাৰ্থনা গীতসমূহ কি কি?

উত্তৰঃ খেৰাই প্ৰাৰ্থনা, মন্ত্ৰগীত, চেৰজা গীত আৰু দহাৰ গীত।


২১। লোকগীতসমূহ কি কি?

উত্তৰঃ বৈশাগু গীত, বিয়া গীত, খেলা গীত, শিশুৰ ওমলা গীত, প্ৰেমৰ গীত ইত্য়াদি।


২২। বড়ো নৃত্য় কেইবিধ আৰু কি কি? 

উত্তৰঃ বড়ো নৃত্য় দুবিধ।যেনেঃ ১) পুৰণি বড়ো নৃত্য় আৰু ২) আধুনিক বড়ো নৃত্য়।


২৩ বড়োসকলৰ প্ৰধান বাদ্য়যন্ত্ৰবোৰ কি কি?

উত্তৰঃ খাম ( মাদল ), চিংফৌ ( বাঁহী ), জথা ( তাল ), চেৰজা আৰু গংগনা।


২৪। কিমান চনত বডোলেণ্ড স্বায়ত্ব শাসিত পৰিষদখন গঠন হয়?

উত্তৰঃ ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে।


২৫ ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯২৬ চনত।


২৬। তেওঁৰ পিতৃ আৰু আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম থাংগালী নাৰ্জাৰী।


২৭।  ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে কিমান চনত 'সংগীত নাটক একাডেমী' বটা লাভ কৰিছিল?

উত্তৰঃ ১৯৮২ চনত।


২৮। এওঁ কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৯৯৮ চনৰ ১৬ মে তাৰিখে।


২৯। অসমৰ কলা জগতৰ পথ-প্ৰদৰ্শক কোন?

উত্তৰঃ ড° শোভা ব্ৰহ্ম।


৩০। ড° শোভা ব্ৰহ্ম কিমান চনৰ ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰ্তমান কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত।


৩১। তেওঁৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম হৰিচৰণ ব্ৰহ্ম আৰি মাতৃৰ নাম দেৱশ্ৰী ব্ৰহ্ম।


৩২। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ নাম কি?

উত্তৰঃ 'শিল্পকলা নৱপ্ৰজন্ম', 'ভাৰতীয় চিত্ৰ কলা' ( অনৃষাদ ), 'গৌদান উজি' ( বড়ো ) 'লিউ-নাৰ্ডো-দ্য়া-ভিন্স', 'ৰোজেছ ৰেজ এণ্ড' ( ইংৰাজী ) আৰু 'খন্থায়াঞ্জলী' ( বড়ো ভাষাত অনুবাদ )


৩৩। তেওঁ লাভ কৰা কেইটামান বঁটাৰ নাম লিখা।

উত্তৰঃ অসম শিল্পী পেঞ্চন বঁটা ( ১৯৭৭ ), অসম চৰকাৰ সাংস্কৃতিক পেঞ্চন বঁটা ( ১৯৯০ ), প্ৰণৱ বৰুৱা শিল্পী বঁটা ( ১৯৯৬) ইত্য়াদি।


৩৪। ড° শোভা ব্ৰহ্ম কিমান চনত শেষ নিস্বাস ত্য়াগ কৰিছিল?

উত্তৰঃ ২০১২ চনৰ মাৰ্চ মাহৰ ৫ তাৰিখে।


৩৫। শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম কিমান চনৰ ক'ত জন্ম হৈছিল?

উত্তৰঃ ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান কোকৰাঝা জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে।


৩৬।  বিনেশ্বৰ ব্ৰহ্মই মুঠ কিমানটা ভাষা সলসলীয়াকৈ কব পাৰে?

উত্তৰঃ ৮ টা।


৩৭। সেই ভাষাবোৰ কি কি?

উত্তৰঃ বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী।


৩৮। তেওঁ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ২০০০ চনৰ ১৯ আগষ্ট তাৰিখে।


৩৯। তেওঁ প্ৰকাশিত গ্ৰন্থ সমূহ কি কি?

উত্তৰঃ 'আই নি মাদৈ' ( কবিতা পুথি ১৯৮৫), 'বৰদৈসিখ্লা' ( কবিতা পুথি ১৯৯৭) আৰু 'আংনি গামি ভাতাৰমাৰি' ( প্ৰবন্ধ সংকলন )


৪০। বদৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়োসকলক কি কি ক্ষেত্ৰত অৰিহণা যোগাইছিল?

উত্তৰঃ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল।


  

Type By- Jatin Nath