মৰাণসকল

অধ্য়ায়-১৮

১। মৰাণসকল অসমৰ কি মূলৰ জনগোষ্ঠী?

উত্তৰঃ কিৰাত-মঙ্গোলীয় মূলৰ জনগোষ্ঠী।


২। কাৰ মতে মৰাণসকলৰ দিনতেই অসমত তাম্ৰ যুগ, ব্ৰোঞ্জ যুগ আৰু লৌহ যুগ আৰম্ভ হৈছিল?

উত্তৰঃ বিষ্ণু ৰাভাদেৱৰ মতে।


৩। মৰাণসকলৰ সেৰেঙা বসতি ক'ত ক'ত দেখা যায়?

উত্তৰঃ গোলাঘাট, নগাঁও, শোণিনপুৰ, লক্ষীমপুৰ আদি জিলাবিলাকত।


৪। মৰাণসকল কোন জনজাতীয় গোট?

উত্তৰঃ মৰাণসকল বৃহৎ কিৰাট মঙ্গোলীয় গোষ্ঠীৰ এক অন্য়তম জনজাতীয় গোট।


৫। ড° সূৰ্যকুমাৰ ভূঞাদেৱে তেওঁৰ 'কছাৰী বুৰঞ্জীত' কি উল্লেখ কৰিছিল?

উত্তৰঃ  ড° সূৰ্যকুমাৰ ভূঞাদেৱে তেওঁৰ 'কছাৰী বুৰঞ্জীত' বাৰঘৰ কছাৰী আছিল বুলি উল্লেখ কৰিছিল।


৬। উজনিৰ কছাৰীসকলৰ জনপ্ৰবাদ মতে কছাৰীৰ কেইটা বংশ আছিল?

উত্তৰঃ বাৰটা বংশ আছিল।


৭। এই বংশৰ কেইটাৰ নাম লিখা? 

উত্তৰঃ দমচয় ( ডিমাচা ), ইনটুহজয় ( হোজাই ), বিহদয় ( বড়ো ), জুহল-লুইৱা ( লালুং বা সম্প্ৰতি তিৱা ), বাদু সোনলয়( সোনোৱাল ),ইনটু মিনখয় ( মৰাণ ), দিউনয় ( দেউৰী ), ইনটু-মেচয় ( মেছ ), কুচুবঁয় ( কোচ ), ইনটু-গাৰোয় ( গাৰো ), ৰাবা কিটয় ( ৰাভা ), বাদু হজয় ( হাজয় ।


৮।বড়োসকলৰ লগতে অনান্য় সকলকো একেলগে কি বুলি গণ্য় কৰা হয়?

উত্তৰঃ বড়োমূলীয় লোক বুলি গণ্য় কৰা হয়।


৯। বড়োমূলৰ কেইটা ফৈদ আছে আৰু কি কি?

উত্তৰঃ বড়োমূলৰ কেইবাটাও ফৈদ আছে। যেনে- ত্ৰিপুৰা, নেপালৰ মেছে ইত্য়াদি।


১০। অতীতৰ মৰাণ ভাষাৰ কেইটামান শব্দ লিখা।

উত্তৰঃ দি ( পানী ), সিম ( নিমখ ), মাই ( ধান ), মিয়াম ( ভাত ) ইত্য়াদি।


১১। মৰাণসকলৰ ৰাজ্য়খনৰ সীমা কলৈ আছিল?

উত্তৰঃ উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চাফ্ৰাই,আৰু পশ্চিমে ব্ৰহ্মপুত্ৰলৈ আছিল।


১২। সেই সময়ত মৰাণৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ বডোচা বা বদৌছা।


১৩। বদৌচা শব্দৰ অৰ্থ কি?

উত্তৰঃ বদৌচা শব্দৰ অৰ্থ হ'ল বড়োৰ সন্তান।


১৪। মৰাণসকল কি ভাৱে চহকী?

উত্তৰঃ সাংস্কৃতিকভাৱে।


১৫। মৰাণসকলৰ প্ৰধান উসৱ কি?

উত্তৰঃ বিহু।


১৬। মৰাণসকলে কেইদিন কেইৰাতি বিহু মাৰে?

উত্তৰঃ সাত দিন সাত ৰাতি তেওঁলোকে বিহু মাৰে।


১৭। মৰাণসকলৰ বিহুক কি নামেৰে জনা যায়?

উত্তৰঃ 'মৰাণ বিহু' নামেৰে জনা যায়।


১৮। মৰাণ বিহুক কি কি বিহুই সমৃদ্ধ কৰিছে?

উত্তৰঃ গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি, বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰে।


১৯। তেওঁলোকৰ কি কি নিজস্ব বৈশিষ্ট?

উত্তৰঃ ঢোলৰ আকৃতি, বাদনৰ লয়-তাল, বিহু নৃত্য় ভংগীমা, গীতৰ তাল-লহৰ আদি তেওঁলোকৰ নিজস্ব বৈশিষ্ট।


২০। মৰাণসকলৰ অন্য়ান্য় সাংস্কৃতিক সম্ভাৰসমূহৰ ভিতৰত কোনবোৰ উল্লেখযোগ্য়?

উত্তৰঃ কুলাবুঢী নৃত্য়, যঁজা নৃত্য়, বণুৱা নৃত্য়-গীত, ধ্ৰুতং, গৰখীয়া গীত, হাতী শিকোৱা গীত, বিভিন্ন খেৰি গীত ইত্য়াদি।


২১। মৰাণসকলৰ কোনে কোনে সমাজ পৰিচালনাত আগভাগ লয়?

উত্তৰঃ দলপতি আৰু উপ-দলপতিয়ে সমাজ পৰিচালনাত আগভাগ লয়।


২২। মৰাণসকলৰ জাতীয় খেতিবিধৰ নাম লিখা?

উত্তৰঃ সুমথিৰা বা কমলা টেঙা।


২৩। তেওঁলোকৰ জাতীয় পশু আৰু জাতীয় গছ কোনবিধ?

উত্তৰঃ জাতীয় পশু হাতী আৰু জাতীয় গছ হোলুং।


২৪। মৰাণসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা?

উত্তৰঃ সমন্বয়ৰ জনক কিৰাত শৌৰ্য বদৌচা, বীৰঙ্গনা ৰাধা-ৰুকুণী, ঝপৰা জগধা, মোহন শইকীয়া, ৰাঘৱ মৰাণ, 


২৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিম জনা ৰজা কোন আছিল?

উত্তৰঃ সমন্বয়ৰ জনক কিৰাত শৌৰ্য বদৌচা।


২৬। কিমান খ্ৰীষ্টাব্দত চাউল্য়ুং চ্য়ুকাফা অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত।


২৭। মৰাণ ৰাজ্য়ৰ কাষত কি ৰাজ্য় আছিল?

উত্তৰঃ বৰাহী ৰাজ্য় আছিল।


২৮। কোনে সেই কালৰ মৰাণসকলক প্ৰৱল প্ৰতাপী বুলি কৈ গৈছিল?

উত্তৰঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই।


২৯। আহোম ৰাজত্ব কেইখবছৰীয়া আছিল?

উত্তৰঃ ছশ বছৰীয়া।


৩০। কোনে নাৰী বাহিনী গঠন কৰিছিল?

উত্তৰঃ ভাতুকী, ভাবুলি ওৰফে ৰাধা-ৰুকুণীয়ে।


৩১। ঝপৰা জগধা কিমান শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল?

উত্তৰঃ দশম শতিকাৰ।


৩২। ঝপৰা জগধা পিতৃৰ নাম কি আছিল?

উত্তৰঃ  পিতৃৰ নাম দাৰবি আছিল।


৩৩। কিমান শতিকাত চাওলুং চ্য়ুকাফা অসমলৈ আহি আহোম ৰাজ্য়ৰ পাতনি মেলিছিল?

উত্তৰঃ ত্ৰোয়োদশ শতিকাত।


৩৪। খাওখাই আৰু দাৰবীৰৰ কেইজন পুত্ৰ?

উত্তৰঃ ছয়জন পুত্ৰ।


৩৫। পুত্ৰ ছয়জনৰ নাম কি কি?

উত্তৰঃ খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা, খাওখাই আৰু চিকচৌ।


৩৬। জগধাক কিয় মানুহবোৰে ঝপৰা বুলি কৈছিল?

উত্তৰঃ জগধাৰ মূৰটো বহুত ডাঙৰ আৰু চুলিৰে ভোবোৰা হৈ থকা বাবে তেওঁক মানুহে ঝপৰা বুলিছিল।


৩৭। মোহন শইকীয়া কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ২২ নবেম্বৰ তাৰিখে।


৩৮। মোহন শইকীয়াৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰঃ পিতৃৰ নাম জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম শুকানি শইকীয়া।


৩৯। মোহন শইকীয়াই কিমান চনত 'অসম মৰাণ সভা' গঠন কৰিছিল?

উত্তৰঃ ১৯৬৫ চনত।


৪০। অসম মুলুকত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লবৰ প্ৰধান নেতাজনৰ নাম কি?

উত্তৰঃ ৰাঘৱ মৰাণ।


Type By- Jatin Nath






Post D: DABP005425