Chapter-1

ভূ-আকৃতিক প্ৰক্ৰিয়া


1/ স্থলাকৃতি কাক বোলে?

উত্তৰঃ  নান আকৃতিৰ অৱয়ৱে পূথিৱীৰ উপৰিভাগক বৈচিত্ৰপূৰ্ণ কৰি তুলিছে। ভূ-পূষ্ঠত এই অৱয়ববোৰকে স্থানাকৃতি বোলে।


2/ ভূ-আকৃতি বিজ্ঞান কাক বোলে?

উত্তৰঃ ভূগোলৰ এটি বিশেষ শাখাই স্থলাকৃতিবোৰক উৎপত্তি, ক্ৰম বিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্য়য়ন কৰে আৰু ইয়াকে ভূ-আকৃতি বিজ্ঞান বোলে।


3/ ভূ-আকৃতিক প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত এই প্ৰক্ৰিয়াটোক ভূ-আকৃতিক প্ৰক্ৰিয়া বোলে।


4/ বতাহে _______________________ এই তিনিওটা কাৰ্য সম্পাদন কৰে।

উত্তৰঃ মৰুভূমিত খনন, পৰিবহন আৰু অৱক্ষেপন।


5/ অবনমন কাক বোলে?

উত্তৰঃ কোনো এক অংশৰ পৰা ধূলি-বালি উৰিৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলে । এই প্ৰক্ৰিয়াটোক অবনমন বোলে।


6/ বালিয়াৰি বা বালিৰ পাহাৰ কাক বোলে?

উত্তৰঃ বতাহে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ য'ত জমা হয়গৈ, সেই অংশটো ক্ৰমে ওখ হবলৈ ধৰে । এনেদৰে ঝমা হোৱা ধূলি-বালিবোৰ শেহলৈ পাহাৰ ৰূপ লবলৈ ধৰে। বালিৰ গঠিত হোৱা কাৰণে এই পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বুলি কোৱা হয়।


7/ অনুদৈৰ্ঘ্য়  বালিয়াৰি কাক বোলে?

উত্তৰঃ কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয়। ইয়াকে অনুদৈৰ্ঘ্য় বালিয়াৰি বুলি কোৱা হয়।


8/ অনুপ্ৰস্থ বালিয়াৰি কাক বোলে?

উত্তৰঃ পথালিকৈ বতাহৰ দিশৰহ লগত প্ৰায় লম্বভাৱে গঠিত হব পাৰে। তেনে বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বুলি কোৱা হয়।


9/ বাৰখান কাক বালো ?

উত্তৰঃ কোনো কোনো ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰো সৃষ্টি হয়। এইবোৰক বাৰখান বুলি কোৱা হয়।


10/ ক্ষয়কাৰ্য অপঘৰ্ষণ কাক বোলে?

উত্তৰঃ মৰুভূমিত শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথ থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এই ধৰণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বোলে।


11/ সংনিঘৰ্ষণ কাক বোলে?

উত্তৰঃ ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি-চিগি টুকুৰা-টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলে।


12/ বিস্তৃত বানপানী কাক বোলে?

উত্তৰঃ বৰষুণে বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পী হঠাতে হোৱা এনে বানপানীক বিস্তৃত বানপানী বোলে।


13/ হিমবাহ কাক বোলে?

উত্তৰঃ দিনটোৰ ভিতৰত কেই মিলিমিটাৰমানৰ পৰা কেইমিটাৰমানহে অতিক্ৰম কৰে। এনেকৈ ধিৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলে।


14/ ওলোমা উপত্য়কা কাক বোলে?

উত্তৰঃ উপহিমবাহৰ উপত্য়কাটো মূল হিমবাহৰ যেন লাগে। সেইয়েহে উপহিমবাহৰ উপত্য়কাটোক ওলোমা উপত্য়কা বুলি কোৱা হয়।


15/ সামগ্ৰিক গ্ৰাৱ কাক বোলে?

উত্তৰঃ কোনো উপত্য়কাৰে হিমবাহ এটা নামি আহোতে ই বৰফৰ বাহিৰে অন্য় কিছুমান পদাৰ্থও কঢ়িয়াই আনে। সেইবোৰক সামগ্ৰীকভাৱে গ্ৰাৱ বোলে।


16/ ভূমিগ্ৰাব কাক বোলে?

উত্তৰঃ গ্ৰাব উপত্য়কাটোৰ তলিয়েদি বাগৰি আহে। সেইবোৰক ভূমি গ্ৰাৱ বোলে।


17/ প্ৰান্তগ্ৰাৱ বা বা অন্তিম গ্ৰাৱ কাক বোলে?

উত্তৰঃ উচ্চভূমিৰ পৰা নামি অহা হিমবাহ যত গলিবলৈ ধৰে। তাতে গধূৰ গ্ৰাৱবোৰ জমা হবলৈ ধৰে । হিমবাহ এটা শেষ সীমাত জমা হোৱাৰ কাৰণে এই গ্ৰাৱক প্ৰন্তগ্ৰাৱ বা অন্তিম গ্ৰাৱ বোলে।



TYPE- BHARAT KALITA

(MORIGAON ASSAM)