Chapter 2

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা 

১) বহল অৰ্থত পৰিৱেশ শব্দটোৱে কি বুজাইছে ?
উত্তৰঃ বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় ।


২) স্থলমণ্ডল মানে কি ?
উত্তৰ ঃ
শিল, বালি, মাটি, মণিক আদিদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয় ।


৩) পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে কি গঠন কৰিছে ?
উত্তৰ ঃ
পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে জলমণ্ডল  গঠন কৰিছে।


৪) জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে ?
উত্তৰ ঃ
  জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আগুৰি আছে।


৫) পৃথিৱীত জীৱ থকা অংশবোৰ কি কি ?
উত্তৰ ঃ
পৃথিৱীত জীৱ থকা অংশবোৰ হৈছে - স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বাযুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ।


৬) প্ৰদূষণ মানে কি ?
উত্তৰঃ
অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে  প্ৰদূষণ বুলি কোৱা হয় ।


৭) মৰুভূমিবোৰে পূথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ সামৰি আছে ?
উত্তৰঃ
মৰুভূমিবোৰে পূথিৱীৰ স্থলভাগৰ প্ৰায় ২০ শতাংশ সামৰি আছে।


৮) সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰু কৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে ?

উত্তৰ ঃ সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩৫ শতাংশ ভূমি মৰু কৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে ।


৯) পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰণ কি ?
উত্তৰঃ
শিল্প-উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্য পৃথিৱীৰ বায়ুমণ্ডল দৃষিত হোৱাৰ প্ৰধান কাৰণ ।


১০) মৰুকৰণ মানে কি ?
উত্তৰঃ
মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্টকৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে ।


১১) মৰুকৰণ শব্দটোৱে কি বুজায় ?
উত্তৰঃ
মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়।


১২) আফ্ৰিকা মহাদেশৰ নাইৰ'বিত কিমান চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰ ঃ
আফ্ৰিকা মহাদেশৰ নাইৰ'বিত ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল ।


১৩) ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক কি ধৰণে বিবেচনা কৰিব পাৰি আৰু কি কি ?
উত্তৰ ঃ
ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক তিনি ধৰণে বিবেচনা কৰিব পাৰি সেয়া হল- (ক) স্থানীয় সমস্যা (খ) আঞ্চলিক সমস্যা (গ) গোলকীয় সমস্যা ।


১৪) জীৱমণ্ডলত এতিয়ালৈকে কিমান নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ?
উত্তৰঃ 
জীৱমণ্ডলত এতিয়ালৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।


১৫) ভূ-পৃষ্ঠৰপৰা কিমান কিলোমিটাৰ উচ্চতালৈ বাযুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি ?
উত্তৰঃ
ভূ-পৃষ্ঠৰপৰা প্ৰায় ১০০০০ কিলোমিটাৰ উচ্চতালৈ বাযুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি।


১৬) বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশতন্ত্ৰৰ কেইটা মণ্ডলৰ ওপৰত নিভৰ কৰে ?
উত্তৰ ঃ
বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশতন্ত্ৰৰ তিনিওটা মণ্ডলৰ ওপৰত নিভৰ কৰে।


১৭) বায়ুমণ্ডল কাক বোলে ?
উত্তৰ ঃ
ভূ-পৃষ্ঠৰপৰা ক্ৰমননে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰ'জেন , হাইড্ৰ'জেন, কাৰ্বন-ডাই-অক্সাইজ, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে বায়ুমণ্ডল বোলে ।


১৮) স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে ?
উত্তৰঃ
স্থলমণ্ডলে ভূপৃষ্ঠৰ ২৯ শতাংশ আগুৰি আছে।


১৯) স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই-অক্সাইড গেছ থাকে ?
উত্তৰ ঃ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত ০.০৩৫ শতাংশ কাৰ্বন ডাই-অক্সাইড গেছ থাকে। 



Type : Dimpi Bora  


Post ID : DABP005788