Chapter 3
পৃথিৱীৰ ভূগোল
অধ্য়ায় ৩

১) পৃথিৱীৰ মুঠ মাটিকালি কিমান?
উত্তৰ ঃ পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ ।


২) মহাদেশসমূহৰ ভিতৰত কোনখন মহাদেশ সৰ্ববৃহৎ ?
উত্তৰ ঃ 
মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশখন সৰ্ববৃহ ।


৩) মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ ?
উত্তৰ ঃ 
মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ ।


৪) ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংস্যা কিমান ?
উত্তৰ ঃ 
২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংস্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত। 


৫) জনমণ্ডল কাক বোলে ?
উত্তৰ ঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি তকা বৃহ
ৎ অংশকে জলমণ্ডল বুলি কোৱা হয় ।


৬) স্থলমণ্ডন কাক বোলে ?
উত্তৰ ঃ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা 
 বৃহৎ  অংশক স্থলমণ্ডল বুলি কোৱা হয় ।


৭) গড় হিচাপে মহাসাগৰৰ গভীৰতা কিমান ?
উত্তৰ ঃ 
গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় ৪০০০মিটাৰ ।


৮) প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰঃ  
প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৫০০০ মিটাৰ ।


৯) আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ ঃ 
 আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৩০০০ মিটাৰ।


 ১০) পৃথিৱীত সৰ্মুবঠ কিমানখন দেশ আছে ?
উত্তৰঃ
 পৃথিৱীত সৰ্মুবঠ ১৯৭খন দেশ আছে ।


১১) আটাইতকৈ জনবহুল দেশ কোনখন ?
উত্তৰ ঃ 
আটাইতকৈ জনবহুল দেশ  হ'ল চীন ।


১২) আটাইতকৈ কম জনসংখ্যা থকা দেশ কোনখন ?
উত্তৰঃ 
আটাইতকৈ কম জনসংখ্যা থকা দেশ খন হ'ল ভেটিকান চিটি।


১৩) পৃথিৱীৰ কিমান শতাংশ স্থলভাগ আৰু কিমান শতাংশ জলভাগে আৱৰি আছে ?
উত্তৰ ঃ 
পৃথিৱীৰ ২৯ শতাংশ স্থলভাগ আৰু ৭১ শতাংশ জলভাগে আৱৰি আছে।


১৪)  ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ ঃ 
২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হ'ল ৭৩০ কোটি ।


১৫) সমগ্ৰ বিশ্বত মুঠতে কিমান খন দেশ আছে ?
উত্তৰঃ 
সমগ্ৰ বিশ্বত মুঠতে ১৯৭ খন দেশ আছে।


১৬) টেথিছ সাগৰ বুলিলে কি বুজা ?
উত্তৰ ঃ কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল । ইয়াকে 
টেথিছ সাগৰ বোলে ।


১৭) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে ?
উত্তৰ ঃ 
পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে।


১৮)   ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ ঃ 
  ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা ৪০৭ নিযুত।


১৯) এছিয়া মহাদেশত কিমানখন দেশ আছে ?
উত্তৰ ঃ 
এছিয়া মহাদেশত ৫১খন দেশ আছে।


২০) আফ্ৰিকা মহাদেশত মুঠতে কিমান খন দেশ আছে?
উত্তৰঃ  আফ্ৰিকা মহাদেশত মুঠতে ৫৩খন দেশ আছে।





Type : Dimpi Bora 



Post ID : DABP005789