মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্য়ায় ২

১/ কিমান চনত বিশ্বযুদ্ধ আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৯১৪ চনত বিশ্বযুদ্ধ আৰম্ভ কৰা হৈছিল।


২/ কিমান চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল?

উত্তৰঃ ১৮৬৯ চনৰ ২  অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল পৰিয়ালত মহান্তা গান্ধীৰ জন্ম হৈছিল।


৩/ মহাত্মা গান্ধীয়ে কিমান চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৮৮ চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল।


৪/ কিমান চনত ব্যাৰিষ্টাৰ উপাধিলৈ তেওঁ ভাৰতলৈ উভতি  আহিছিল?

উত্তৰঃ ১৮৯১ চনত ব্যাৰিষ্টাৰ  উপাধিলৈ তেওঁ ভাৰতলৈ উভতি আহিছিল।

৫/ 'সত্যাগ্ৰহ' শব্দটো অৰ্থ কি?


উত্তৰঃ 'সত্যাগ্ৰহ' শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই শব্দটো 'সত্য' আৰু 'আগ্ৰহ'  শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ 'সত্যৰ প্ৰতি আগ্ৰহ', অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা।

৬/ কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৯১৯ চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল।


৭/ সত্যাগ্ৰহ বা অহিংস আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল?

উত্তৰঃ সত্যাগ্ৰহ বা অহিংস আন্দোলন ১৯১৯ চনত আৰম্ভ কৰা হৈছিল।


৮/ সত্যাগ্ৰহ কি?

উত্তৰঃ সত্যাগ্ৰহ হল 'এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া'।

৯/ কিমান চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল?

উত্তৰঃ ১৩ এপ্ৰিল, ১৯৯৯ চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল।


১০/ কিমান চনত ড° সত্যপাল আৰু ড° কিট্চলিউ নামৰ নেতা দুজনক গ্ৰেপ্তাৰ কৰিছিল?

উত্তৰঃ ১০ এপ্ৰিলত  ড° সত্যপাল আৰু ড° কিট্চলিউ নামৰ নেতা দুজনক গ্ৰেপ্তাৰ কৰিছিল।


১১/ অসহযোগ আন্দোলন কিমান চনত হৈছিল?

উত্তৰঃ অসহযোগ আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল।


১২/ অসহযোগ আন্দোলনৰ কাৰকসমূহ উল্লেখ কৰা?

উত্তৰঃ অসহযোগ আন্দোলনৰ কাৰকসমূহ তলত উল্লেখ কৰা হল-

(১) প্ৰথম বিশ্বযুদ্ধত ভাৰতীসকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।

(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্ৰহণ। এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সৰ্বব্যাপী প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল।

(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড।

(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ।

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফ আন্দোলনৰ প্ৰতি সমৰ্থন।


১৩/ কিমান চনত স্বাধীনতা দিৱস পালন কৰা হয়?

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো গোটেই দেশজুৰিত স্বাধীনতা দিৱস পালন কৰা হয়।


১৪/ আইন অমান্য আন্দোলন কিমান চনত আৰম্ভ হৈছিল?

উত্তৰঃ আইন অমান্য আন্দোলন ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈ আৰম্ভ হৈছিল।


১৫/ আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ কি?

উত্তৰঃ আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ আছিল - ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন।


১৬/ কিমান চনত গান্ধীক আটক কৰিছিল?

উত্তৰঃ ১৯২২ চনৰ ১০ মাৰ্চত গান্ধীক আটক কৰিছিল।


১৭/ গান্ধীজীয়ে প্ৰেৰণ কৰা দাবীসমূহ কি কি?

উত্তৰঃ গান্ধীজীয়ে প্ৰেৰণ কৰা দাবীসমূহ হল -

(১) মাদক দ্ৰব্য়ৰ প্ৰচলন বন্ধ,

(২) টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি,

(৩) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা,

(৪) লোণ কৰ বন্ধ কৰা,

(৫) সৈন্য বাহিনীৰ ব্য়য় সংকোচন কৰা,

(৬) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ,

(৭) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা,

(৮) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি,

(৯) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া,

(১০) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা।


১৮/ দাণ্ডি যাত্ৰা কাক বোলে?

উত্তৰঃ সমান্তৰালভাৱে আইন অমান্য আন্দোলন ১৯৩০ চনত গান্ধীৰ লোণ সত্য়াগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডি যাত্ৰা বুলি জনা যায়। ১৯৩০ চনৰ ১২ মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি হৈছিল।


১৯/ গান্ধীজীয়ে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাওঁখনলৈ যাত্ৰা কৰিছিল?

উত্তৰঃ একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাওঁখনলৈ যাত্ৰা কৰিছিল।

২০/ গান্ধী আৰউইন চুক্তি কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ গান্ধী আৰউইন চুক্তি ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে আৰম্ভ হৈছিল।

২১/ দ্বিতীয় ঘূৰণীয়া মেজমেল কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল।

২২/ মহাত্মা গান্ধীৰ লগতে তদানিন্তন কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰঃ মহাত্মা গান্ধীৰ লগতে তদানিন্তন কংগ্ৰেছৰ সভাপতি বল্লভ ভাই পেটেল।

২৩/ কিমান তাৰিখে 'মুক্তি দিৱস' পালন কৰা হয়?

উত্তৰঃ ১৯৩৯ চনৰ ২২ ডিচেম্বৰত 'মুক্তি দিৱস' দিৱস পালন কৰা হয়।

২৪/ কিমান চনত 'আগষ্ট প্ৰস্তাৱ' ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৪০ চনৰ আগষ্ট মাহত  'আগষ্ট প্ৰস্তাৱ' ঘোষণা কৰা হৈছিল।

২৫/ দ্বিতীয় বিশ্বযুদ্ধৰ কেতিয়া আৰম্ভণি হৈছিল?

উত্তৰঃ ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল।

২৬/ কিমান চনত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰিত্বৰপৰা পদত্যাগ কৰিছিল?

উত্তৰঃ ১৯৩৯ চনত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰিত্বৰপৰা পদত্যাগ কৰিছিল।

২৭/ ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ কি আছিল?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ আছিল - জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব।

২৮/ ভাৰত ত্যাগ আন্দোলন কিমান তাৰিখে আৰম্ভণি কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল।

২৯/ আগষ্ট বিপ্লৱ কাক বোলে?

উত্তৰঃ আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ বোলা হয়।

৩০/ ভাৰতীয় স্বতন্ত্ৰ লীগ কিমান চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল।

৩১/ ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল?

উত্তৰঃ ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল - 'জয় হিন্দ'।

৩২/ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো কি আছিল?

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো আছিল - মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম।

৩৩/ সুভাষ চন্দ্ৰ বসুই কিমান চনত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল?

উত্তৰঃ সুভাষ চন্দ্ৰ বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল।

৩৪/ উক্ত কেবিনেট মিছনৰ সদস্য কোন কোন?

উত্তৰঃ ছাৰ ষ্টেফোৰ্ড ক্ৰীপছ, লৰ্ড পেথিক লৰেন্স আৰু এ.ভি. আলেকজেণ্ডাৰ আছিল উক্ত কেবিনেট মিছনৰ সদস্য়।

৩৫/ 'প্ৰত্যক্ষ দাবী দিৱস' কেতিয়া পালন কৰা হয়?

উত্তৰঃ 'প্ৰত্যক্ষ দাবী দিৱস' ১৬ আগষ্ট ১৯৪৬ চনত পালন কৰা হয়।

৩৬/ ঘোষণা - পত্ৰ মূল বৈশিষ্ট্য়সমূহ কি কি?

উত্তৰঃ ঘোষণা-পত্ৰ মূল বৈশিষ্ট্য়সমূহ হল -

(১) ভাৰতবৰ্ষক বিভাজন কৰা হব, 

(২) উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব,

(৩) পাঞ্জাৱ আৰু বংগদেশৰ প্ৰদেশিক বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হব নে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব,

 (৪) দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্থানত যোগ দিব পাৰিব।

৩৭/ ভাৰত স্বাধীন আইনৰ কাৰণসমূহ কি কি?

উত্তৰঃ ভাৰত স্বাধীন আইনৰ কাৰণসমূহ হল -

(১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।

(২) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেল্থত দেশদুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত লব।

(৩) প্ৰতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।

(৪) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব।

৩৮/ 'ৰেডক্লিফ ৰেখাক' কি সীমা বুলি জনা যায়?

উত্তৰঃ ১৯৪৭ চনৰ ১৭ আগষ্টত ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয়। ১৯৭১ চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশ স্বাধীন হয় ৰেডক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হয়।

Type - Boby Bora





Post ID: DABP004638