বিকাশ (উন্নয়ন)



১) বহল অৰ্থত বিকাশ বুলিলে কি বুজা যায়?

উত্তৰঃ বহল অৰ্থত বিকাশ বুলিলে জীৱনৰ মানদণ্ড উন্নত কৰা প্ৰক্ৰিয়াক বুজা যায়।


২) বিকাশৰ লক্ষ্য় কি?

উত্তৰঃ বিকাশৰ লক্ষ্য হ'ল আমাক এনে এক উন্ন স্তৰৰ জীৱন প্ৰদান কৰা যাৰ জড়িয়তে আমি আমাৰ দৈনন্দিন প্ৰত্য়াহ্বানসমূহক মোকাবিলা কৰিব পাৰো।


৩) বিকাশ কি?

উত্তৰঃ আমি দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্য়া বা অসুবিধা দূৰীকৰণৰ হকে চলোৱা প্ৰচেষ্টাই হ'ল বিকাশ।


৪) বিকাশ কাৰ কাম্য়?

উত্তৰঃ বিকাশ সকলোৰে কাম্য়।


৫) কিমান চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সন্মিলন কিমান চনত অনুষ্ঠিত হয়?

উত্তৰঃ ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সন্মিলন অনুষ্ঠিত হয়।


৬) ভাৰতৰ সংবিধানৰ কিমান অনুচ্ছেদত পৰিৱেশ সংৰক্ষণৰ বাবে চৰকাৰক নিৰ্দেশনা দিছে?

উত্তৰঃ "48A" আৰু "51A" অনুচ্ছেদত।


৭) মানৱ জাতিৰ আটাইতকৈ মূল্য়ৱান সম্পদ কি?

উত্তৰঃ মানৱ জাতিৰ আটাইতকৈ মূল্য়ৱান সম্পদ হ'ল পৰিৱেশ।


৮) অসমৰ প্ৰসিদ্ধ কথাছবি পৰিচালক জাহ্নু বৰুৱাই নিৰ্মাণ কৰা এখনি গুৰুত্বপূৰ্ণ কথাছবিৰ নাম লিখা।

উত্তৰঃ সাগৰলৈ বহু দূৰ।


৯) পৰিৱেশবাদে কাক নিয়ন্ত্ৰণ কৰে?

উত্তৰঃপৰিৱেশবাদে প্ৰাকৃতিক সম্পদ আৰু ্ৰ্থনৈতিক অৱস্থাক নিয়ন্ত্ৰণ কৰে।


১০) ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সন্মিলনত বিশ্বৰ কেইখন দেশৰ চৰকাৰে অংশগ্ৰহণ কৰিছিল?

উত্তৰঃ মুঠ ১৭২ খন দেশৰ চৰকাৰে।


১১) কোনবোৰ দেশ ইউৰোপৰ উপনিবেশ আছিল?

উত্তৰঃ তৃতীয় বিশ্বৰ অৰ্থাৎ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ প্ৰায়বোৰ দেশ ইউৰোপৰ উপনিবেশ আছিল।


১২) ২০০৬ চনৰ হিচাব অনুসাৰে পৃথিৱীৰ কিমান ল'ৰা-ছোৱালীয়ে বিদ্য়ালয়ৰ মুখ দেখা পোৱা নাছিল?

উত্তৰঃ ৭৫ নিযুত ল'ৰা-ছোৱালীয়ে।


১৩) বিকাশ প্ৰক্ৰিয়াৰ সৈতে মানুহৰ জীৱন-যাপনৰ কেনেকুৱা সম্পৰ্ক আছে?

উত্তৰঃ বিকাশ প্ৰক্ৰিয়াৰ সৈতে মানুহৰ জীৱন-যাপনৰ ধৰণ-কৰণৰ সম্পৰ্ক আছে।


১৪) হিমালয়ৰ বনাঞ্চল সংৰক্ষণৰ বাবে বৰ্তমান কি গঢ়ি উঠিছে?

উত্তৰঃ হিমালয়ৰ বনাঞ্চল সংৰৰক্ষণৰ বাবে বৰ্তমান চিপ্কো আ্দোলন গঢ়ি উঠিছে।


১৫) বিকাশ প্ৰক্ৰিয়াটোত জনসাধাৰণে বিশেষ ধৰণে কি কৰিবলগীয়া হয়?

উত্তৰঃ ত্য়াগ কৰিবলগীয়া হয়।


১৬) সাগৰলৈ বহু দূৰ কথাছবিখনৰ মূল নায়ক কোন?

উত্তৰঃ এগৰাকী বয়সীয়াল নাৱৰীয়া।


১৭) বিকল্প বিকাশ আৰ্হিয়ে কাৰ কাৰ মাজত সমন্বয় গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে?

উত্তৰঃ বিকল্প বিকাশ আৰ্হিয়ে গণতন্ত্ৰ আৰু বিকাশৰ মাজত সমন্বয় গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে।


১৮) অসমৰ ব্ৰহ্মপুত্ৰ নদীখন অসমীয়া জাতীয় জীৱনৰ কি?

উত্তৰঃ সভ্য়তাৰ প্ৰতীক।


১৯) কি কাৰণে ঔপনিবেশিক শাসন পৰিচালিত হৈছিল?

উত্তৰঃ উপনিবেশ প্ৰতিষ্ঠা কৰা দেশসমূহৰ স্বাৰ্থত।


২০) "ভাৰতবৰ্ষৰ বিকাশ আৰ্হি গাঁওকেন্দ্ৰিক হোৱা উচিত"- যুক্তিটো কাৰ?

উত্তৰঃ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ।


২১) উত্তৰ-পূব ভাৰতত নিৰ্মিত হ'বলগীয়া আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত কোন হ'ব?

উত্তৰঃ জনজাতীয় লোকসকল।


২২) ২০১৪ চনৰ এপ্ৰিল-মে' মাহত ভাৰতবৰ্ষত লোকসভাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বিতৰ্কৰ মূল বিষয়বস্তু কি আছিল?

উত্তৰঃ বিকাশ।


২৩) জ্য়োতিপ্পৰসাদ আগৰৱালা, ॰ ভূপেন হাজৰীকা আদি গায়কসকলে তেওঁলোকৰ গীতত আধাৰ হিচাপে কাক লৈছে?

উত্তৰঃ লুইতক।


২৪) কাৰ নেতৃত্বত "নৰ্মদা বচাও আন্দোলনে" চৰ্দাৰ সৰোবৰ বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিছে?

উত্তৰঃ মেধা পাটেকাৰৰ নেতৃত্বত।


২৫) ভাৰতবৰ্ষৰ বিকাশ প্ৰক্ৰিয়াটো কেনেকুৱা?

উত্তৰঃ কেন্দ্ৰীভূত।


২৬) ২০১৪ চনত এপ্ৰিল-মে' মাহত ভাৰতবৰ্ষত লোকসভাৰ বাবে অনুষ্ঠিত নিৰ্বাচন কেনেকুৱা?

উত্তৰঃ অভূতপূৰ্ৱ।


২৭) গণতান্ত্ৰিক আৰু সামাজিক ন্য়ায়ৰ প্ৰমূল্য়ৰ ওপৰত প্ৰতিষ্ঠিত বিকাশ প্ৰক্ৰিয়াই কি লাভ কৰিব পাৰে?

উত্তৰঃ এক প্ৰৱাহমান চৰিত্ৰ লাভ কৰিব পাৰে।


২৮) নদীকাষৰীয়া মানুহৰ জীৱিকাৰ অন্য়তম উৎস কি?

উত্তৰঃ নদীকাষৰীয়া মানুহৰ জীৱিকাৰ অন্য়তম উৎস হ'ল মাছ।


২৯) বিকাশ ধাৰণাটো ক'ত সাঙোৰ খাই আছে?

উত্তৰঃ বিকাশ ধাৰণাটো মানহৰ জনজীৱনৰ গাঁথনি, মানুহৰ খাদ্য়ভ্য়াস, সাজ-পাৰকে প্ৰমূখ্য় কৰি বহুবোৰ প্ৰশ্নৰ সৈতে সাঙোৰ খাই আছে।


৩০) কাক লৈ ভাৰত চৰকাৰে ভাৰতীয় প্ৰাযুক্তিক প্ৰতিষ্ঠানসমূহো প্ৰতিষ্ঠা কৰিলে?

উত্তৰঃ অৰ্থনৈতিক আৰু সামাজিক বিকাশত প্ৰযুক্তিৰ ভূমিকা অত্য়ন্ত গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰিবলৈ লৈ ভাৰত চৰকাৰে ভাৰতীয় প্ৰাযুক্তিক প্ৰতিষঅঠানসমূহো প্ৰতিষ্ঠা কৰিলে।

Author: Chinmay Kakati