অৰূপৰ আৱেদন 

 Chapter 3 

১/ বহুদিনৰ মূৰত অৰূপ ক'ত  আহিছে ? 

উত্তৰঃ বহুদিনৰ মূৰত অৰূপ স্কুললৈ আহিছে । 


২/ শ্ৰেণী কোঠাত কোন সোমাল ? 

উত্তৰঃ ৰেহেনা খাতুন বাইদেউ । 


৩/ হয় বাইদেউ বুলি কৈ সি  কি উলিয়াই দিলে ? 

উত্তৰঃ তাৰ জেপৰ পৰ এখন কাগজ উলিয়াই দিলে ।


৪/ কিমান তাৰিখে সি গাৱঁৰ এঘৰলৈ ভোজ খাবলৈ গৈছিল ? 

উত্তৰঃ ০৫-০৫-১২ তাৰিখে  ভোজ খাবলৈ গৈছিল ।


৫/ কাৰ পেট-চলা আৰম্ভ হৈছিল ?

উত্তৰঃ অৰূপৰ ।


৬/ অৰূপ কেই দিন স্কুলত আহা নাছিল ?

উত্তৰঃ দহদিন স্কুলত আহা নাছিল ।


৭/ অৰূপ কোন শ্ৰেণীত পঢ়ে ?

উত্তৰঃ পঞ্চম শ্ৰেণীত পঢ়ে । 


৮/ স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হলে কি কৰিব লাগে ?

উত্তৰঃ ছুটি মঞ্জুৰীৰ বাবে আৱেদন দিব লাগে । 


৯/ আৱেদনক  কি বুলি কোৱা হয় ?

উত্তৰঃ দৰ্খাস্ত বুলি কোৱা হয় । 


১০/ ৰেহেনা বাইদেৱে ব'ৰ্ডত কি লিখি দিলে ?

উত্তৰঃ আৱেদন লিখি দিলে । 


১১/ অৰূপে পঢ়া স্কুলখনৰ নাম কি ? 

উত্তৰঃ নৱজ্য়োতি আদৰ্শ প্ৰাথমিক বিদ্য়ালয় । 


১২/ অৰূপে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ স্কুল আহা নাছিল ?

উত্তৰঃ ৫-তাৰিখৰ পৰা ১৪ তাৰিখলৈ আহা নাছিল । 


১৩/ অৰূপৰ ৰোল নং কিমান আছিল ? 

উত্তৰঃ অৰূপৰ ৰোল নং- ৭ । 


১৪/ অৰূপৰ দেউতাকৰ নাম কি ?

উত্তৰঃ জগত হাজৰিকা । 


১৫/ অৰূপৰ পেট-চলাচল সত্য় নে অসত্য় ? 

উত্তৰঃ সত্য় ।


১৬/ দৰ্খাস্ত কিয় লিখে ?

উত্তৰঃ ছুটি বাবে বা কোনো কামৰ অনুগ্ৰহ কৰে ।


১৭/ কোনে বৰ্ডত দৰ্খাস্ত লিখি দিলে ?

উত্তৰঃ ৰেহেনা বাইদেৱে ।


১৮/ প্ৰভেদ শব্দৰ অৰ্থ কি ?

উত্তৰঃ পাৰ্থক্য ।


১৯/ চিঠিৰ চাৰিটা ভাগ আছে ?

উত্তৰ ঃ শিৰোনামা,সম্বোধন , মূল অংশ আৰু সামৰণি ।


২০/ খতি মানে কি ?

উত্তৰঃ স্কুল নোজোৱা বা কাম কৰিবলৈ নোজোৱা আদি ।


Type by - Bikul Mandal 

Post ID: DABP005127