ৰঙৰ ৰহস্য়

অধ্য়ায় ৮

১/ বহুৰঙী ৰামধেনু, উদয় হোৱা বা অস্ত যোৱা ৰঙা বেলিৰ ৰঙে সকলোৰে মন কি কৰে ? 

উত্তৰঃ মুগ্ধ কৰে । 


২/ শাওণ মাহৰ সেউজীয়া পথাৰ আৰু আঘোণ মাহৰ পথাৰ ভৰা সোণোৱালী শইচেও আমাক কি দিয়ে ?

উত্তৰঃ বিনল আনন্দ দিয়ে । 


৩/ আদিম মানুহ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল নে নাই ? 

উত্তৰঃ আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল । 


৪/ তাহানিখন গুহাত বাস কৰা লোকেও গুহাৰ বেৰত কিহৰ ছবি আঁকিছিল ? 

উত্তৰঃ ৰঙান ছবি আঁকিছিল । 


৫/ ছাৰ আইজাক নিউটন নামৰ বিজ্ঞানী এগৰাকীয়ে পোনপ্ৰথমে কি পৰীক্ষা কৰি দেখুৱাইছিল ?  

উত্তৰঃ ছা্ৰ আইজাক নিউটন নামৰ বিজ্ঞানী এগৰাকীয়ে পোনপ্ৰপথমে পৰীক্ষা কৰি দেখুৱাইছিল যে সূৰ্যৰ পোহৰত সাতোটা ৰঁ আছে । 


৬/ সাতোটা ৰং মিলি কিহৰ পোহৰ হয় ?  

উত্তৰঃ বগা পোহৰ হয় । 


৭/ বেলিৰ পোহৰত থকা ৰং সাতোটাৰ নাম কি কি ?  

উত্তৰঃ বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা । 


৮/ ইংৰাজী ভাষাত এই ৰং বুজোৱা শব্দ সাতোটাৰ প্ৰতিৰে প্ৰথম আখৰটো লৈ এটা শব্দ গঠন কৰা হৈছে সেই শব্দতিৰ নাম কি ? 

উত্তৰঃ 'ভিবজিওৰ' (VIBGYOR)  । 


৯/ বগা ৰং কেনেকৈ সৃষ্টি হয় ?

উত্তৰঃ সূৰ্যৰ সাতোটো ৰং মিলি বগা ৰং সৃষ্টি হয় । 


১০/ বেলিৰ পোহৰৰ ৰহস্য় আৱিষ্কাৰৰ পাছতহে মানুহে কি বুজিব পৰা হ'য় ?  

উত্তৰঃ ৰঙৰ ৰহস্য় বুজিব পৰা হ'ল । 


১১/ আমি কোনো এটা বস্তু নীলা দেখাৰ কাৰণ হ'ল ? 

উত্তৰঃ বস্তুটোৱে তাৰ ওপৰত পৰা পোহৰৰ ৰংকেইটাৰ ভিতৰত কেৱল নীলা ৰঙটোহে আমাৰ চকুলৈ প্ৰেৰণ কৰে । 


১২/ উদয় হ'বলৈ ধৰা বেলিটো আমি ৰঙা দেখোঁ, কিয় ?

উত্তৰঃ কাৰণ বেলিৰ পোহৰৰ বাকীকেইটা ৰং বায়ুমণ্ডলে শুপি লোৱাত, কেৱল ৰঙা ৰংটোহে আমাৰ অক্ষিপটত পৰেহি । 


১৩/ শ্ৰেণী কোঠাৰ ব'ৰ্ডখন বা চিলথখন আমি ক'লা দেখোঁ কিয় ? 

উত্তৰঃ কাৰণ সেইবোৰৰ ওপৰত পৰা পোহৰৰ কোনো ৰঙেই আমাৰ অক্ষিপটত নপৰেহি । 


১৪/ ঘঁৰিয়ালে সকলো বস্তুৰে ৰং কেনেকোৱা দেখে ? 

উত্তৰঃ মটীয়াহে দেখে । 


১৫/ ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি ? 

উত্তৰঃ মৌ-মাখি, ঘঁৰিয়াল আদি । 



Type by- Bikul Mandal   



Post ID: DABP005419