অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ দ্বাদশ শতিকালৈ 

অধ্য়য়ন- ১

১। পুৰণি কালত অসমৰ নাম কি আছিল ?

উত্তৰঃ পুৰণি কালত অসমৰ নাম আছিল প্ৰাগজ্য়ােতিষ ।


২। প্ৰাগজ্য়ােতিষৰ ৰাজধানী কি আছিল ?

উত্তৰঃ প্ৰাগজ্য়ােতিষপুৰ ।


৩। কোনে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল  ?

উত্তৰঃ কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ।


৪। বৰ্তমান গুৱাহাটী মহানগৰখনেই কি ?

উত্তৰঃ বৰ্তমান গুৱাহাটী মহানগৰখনেই তাহানিৰ প্ৰাগজ্য়ােতিপুৰ । 


৫।  কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল বুলি ক'ত উল্লেখ আছে ?

উত্তৰঃ  কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল বুলি মহাকাব্য় ৰামায়ণত উল্লেখ আছে ।


৬। প্ৰাগজ্য়ােতিষপুৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ প্ৰাগ শব্দৰ অৰ্থ হ'ল 'পূব' জ্য়ােতিষ মানে 'গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্য়য়ন' আৰু পুৰ মানে 'নগৰ' । 


৭। প্ৰাগজ্য়ােতিষপুৰ মানে কি ?

উত্তৰঃ প্ৰাগজ্য়ােতিষপুৰ মানে হ'ল পূৱ দিশত জ্য়ােতিষ চৰ্চাৰ নগৰ ।


৮। গুৱাহাটীৰ পূবফালে থকা চিত্ৰাচিল পাহাৰত কি মন্দিৰ অৱস্থিত  ?

উত্তৰঃ নৱগ্ৰহ মন্দিৰ অৱস্থিত ।


৯। নৱগ্ৰহ মন্দিৰত কি পূজা কৰা হয় ?

উত্তৰঃ নৱগ্ৰহ মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক পূূজা কৰা হয় ।


১০।  পুৰাণ, তন্ত্ৰ আদি পুথিবোৰত অসমৰ নাম  কি বুলি উল্লেখ আছে ?

উত্তৰঃ কামৰূপ ।


১১। পুৰণি কালত কি নামৰ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল ?

উত্তৰঃ পুৰণি কালত দক্ষ নামৰ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল ।


১২। আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কি আছিল ?

উত্তৰঃ আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কামৰূপ আছিল ।


১৩। কালিকা পুৰাণৰ মতে কামাখ্য়া দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্য়ৰ ক'ত আছিল ?

উত্তৰঃ ঠিক সোঁমাজত ।


১৪। কামাখ্য়া দেৱী মন্দিৰৰ চাৰিওফালে কিমান মাইল জুৰি কামৰূপ ৰাজ্য় বিয়পি আছিল ?

উত্তৰঃ ৪৫০ মানই জুৰি ।.


১৫। যোগিনীতন্ত্ৰ অনুযায়ী  পুৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত বিভক্ত আছিল ?

উত্তৰঃ চাৰিটা ভাগত বিভক্ত আছিল ।


১৬। কিমান চনত টাই-আহোম জাতিৰ এদল লোকে কামৰূপলৈ আহিছিল ।

উত্তৰঃ ১২২৮ চনত ।


১৭। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ?

উত্তৰঃ ভৌম বংশ।


১৮। বৰ্মন বংশৰ আদি ৰজা কোন আছিল ?

উত্তৰঃ বৰ্মন বংশৰ আদি ৰজা পুষ্য় বৰ্মন আছিল ।


১৯। নৰকাসুৰক কোনে বধ কৰিছিল ?

উত্তৰঃ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল ।


২০। ভাস্কৰ বৰ্মন কি বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল । 


Type By Chandana Bora 


Post ID: DABP004507